1. অন্যান্য

পেট্র'লৰ মুল্য আধাতকৈ কম হোৱাৰ সম্ভাৱনা, ৰাছিয়াই সাৰুৱা তেল দিব কম মূল্যতে ভাৰতক

KJ Staff
KJ Staff
Cruid oil
Cruid oil

আমেৰিকা আৰু ইউৰােপিয়ান দেশে ৰাছিয়াৰ তেল আমদানিত নিষেধাজ্ঞা আৰােপ কৰাৰ বিষয়ে আলােচনা কৰা তথা ইৰানৰ সৈতে আলােচনাত পলম হােৱা বাবে যােগানৰ ভয়ৰ মাজতে সােমবাৰে তেলৰ দাম ১৩০ আমেৰিকান ডলাৰৰ অধিক হ’ল। ই হৈছে ২০০৮ চনৰ পৰা সর্বাধিক।

  আমেৰিকা আৰু ইউৰােপিয়ান মিত্র দেশে ৰাছিয়াৰ পৰা তেল আমদানিত নিষেধাজ্ঞাৰ কথা বিবেচনা কৰি আছে বুলি বাতৰি ওলােৱা তথা ইৰানৰ খাৰুৱা তেল বিশ্বৰ বজাৰলৈ অহাত পলম হােৱাৰ বাবে সােমবাৰে খাৰুৱা তেলৰ দাম যােৱা সপ্তাহতকৈ ২০ শতাংশ বৃদ্ধি পাইছে। মেহতা ইকুইটিজৰ কম’ডিটিজ বিভাগৰ উপাধ্যক্ষ ৰাহুল কালান্ত্রিয়ে কয়, ২০২০ চনৰ পাছত খাৰুৱা তেলৰ সাপ্তাহিক দাম সর্বাধিক বৃদ্ধি পাইছে।

ব্ৰেণ্টৰ খাৰুৱা তেলত ২১ শতাংশ আৰু ডব্লিউ টি আইৰ খাৰুৱা তেলত ২৬শতাংশ বৃদ্ধি পাইছে ৷ ৰাছিয়াই দৈনিক ৪০ লাখৰ পৰা ৫০ লাখ বেৰেল তেল ৰপ্তানি কৰে। ৰাছিয়া হৈছে ছৌডি আৰবৰ পাছত বিশ্বৰ দ্বিতীয় সর্ববৃহৎ খাৰুৱা তেল ৰপ্তানিকাৰী দেশ। ব্ৰেণ্টৰ খাৰুৱা তেলৰ দাম সােমবাৰে আগবেলা প্রতি বেৰেলত ১৩০ আমেৰিকান ডলাৰ হ’লগৈ। যোৱা সপ্তাহৰ প্ৰথমচোৱাত ব্ৰেণ্ট খাৰুৱা তেলৰ প্রতি বেৰেলত ১৩৯.১৩ ডলাৰ হৈছিল আৰু ডব্লিউ টি আই খাৰুৱা তেলৰ প্রতি বেৰেলৰ দাম ১৩০.৫০ ডলাৰ হৈছিল। ই ২০১২ চনৰ শীর্ষ মার্ক বেৰেলত ১২৮ আমেৰিকান ডলাৰক চেৰ পেলালে। ব্ৰেণ্টৰ খাৰুৱা তেলৰ দাম ২০০৮ চনত ইতিহাসৰ ভিতৰত সর্বোচ্চ হৈছিল, প্রতি বেৰেলত ১৪৩ আমেৰিকান ডলাৰ। ইফালে ডলাৰ অনুসৰি টকাৰ মূল্য যোৱা সপ্তাহত সৰ্বকালৰ ভিতৰত নিম্ন হয়। প্রথম ভাগত প্রতি ডলাৰত টকাৰ মূল্য ৭৬.৯৬ হােৱাৰ পাছত ৭৭.০১-ও হয়গৈ।

শেহতীয়াকৈ ৰাছিয়াই অতি কম মূল্যত ভাৰত চৰকাৰক খাৰুৱা তেল যোগান ধৰিব বুলি কোৱাত ভাৰত চৰকাৰে আতশীঘ্নে এই সন্দর্ভত সিন্ধান্ত গ্রহণ কৰিব বুলি জানিব পৰা গৈছে। যদিহে সঁচাকৈয়ে ভাৰত চৰকাৰে ৰাছিয়াৰ পৰা তেল ক্রয় কৰে, তেন্তে ভাৰতীয় বজাৰত তেলৰ দাম যথেষ্ট হ্রাস হব বুলি আশা কৰিব পাৰি।

English Summary: Petrol price will reduce russia sent cruid oil to India with special discounts

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.