1. অন্যান্য

১ লাখ নিযুক্তিৰ ৫০ হাজাৰ যুৱক-যুৱতীক অহা মে মাহত নিযুক্তি পত্র প্রদান কৰা হব, বিত্তমন্ত্রী অজন্তা নেওগৰ এই ঘোষনা

KJ Staff
KJ Staff
Assam Budget 2022-23
Assam Budget 2022-23

চলিত অসম বিধান সভাৰ বাজেট অধিৱেশনত কি কি বিভাগত নিযুক্তি দিয়া হ’ব ১ লাখ যুৱক-যুৱতীক? তাৰে উপৰত বিত্তমন্ত্রী অজন্তা নেওগে আজি সম্পূর্ণ বিৱৰণ বিধানসভাৰ মজিয়াত দাঙি ধৰে।

ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰি ৰাজ্য চৰকাৰ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। আৰু চৰকাৰ এই সিন্ধান্তত অটল৷

এই এক লাখ নিযুক্তিৰ ভিতৰত ইতিমধ্যে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে বুলি অজন্তা নেওগে প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া ১ লাখ পদৰ ভিতৰত গৃহ বিভাগত অর্থাৎ আৰক্ষী বিভাগত ১৬,৬৫৪ টা, প্ৰাথমিক শিক্ষা বিভাগত ১০,০০০ টা পদ, কাৰিকৰী শিক্ষা বিভাগত ২৯৬ টা পদ, এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯ টা, মাধ্যমিক শিক্ষা বিভাগত ১৩,৫৬৮ টা পদ, উচ্চ শিক্ষা বিভাগত ১৮৯১ টা পদ, স্বাস্থ্য বিভাগত মুঠ ৬০৯৮ টা পদ, পৰিবেশ আৰু বন বিভাগত ২১৪৮ টা পদ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩,৫৭২ টা আৰু ১৩৭৮৭ টা পদ, অসম লোকসেৱা আয়োগে গ্ৰেড-১ৰ বাবে ৩,৫৮৭ টা পদ আৰু গ্ৰেড-২ৰ বাবে ১৫৬৮ টা পদ পুৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিত্ত মন্ত্ৰী অজন্তা নেওগে সদৰী কৰে। বাকী থকা পদসমূহৰ অহা ২৫ মার্চৰ ভিতৰত প্রায় ৪০ হাজাৰ জাননী মুকলি কৰিব।

ইতিমধ্যে ৰাজ্য চৰকাৰে বহু সংখ্যক পদত নিযুক্তি দিয়া প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে আৰু শীঘ্ৰে ১ লাখ পদত নিযুক্তি প্ৰদান সম্পুৰ্ণ হ’ব বুলি অজন্তা নেওগে কয়। এই সকলো পদৰ নিযুক্তি পত্র অহা মে মাহত প্রদান কৰা হব বুলি মুখ্যমন্ত্রী কাৰ্য্যালয়ে জানিব দিয়ে।

English Summary: Assam Finance minister said 1lacs youths of assam will be appoint withen May

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.