1. অন্যান্য

জানুৱাৰী মাহৰ ৰাশিফল

KJ Staff
KJ Staff
জানুৱাৰী মাহৰ ৰাশিফল
জানুৱাৰী মাহৰ ৰাশিফল

মেঘঃ

বিশেষ সাৱধানে চলা ভাল । বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক । ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব । শুভ ৰং ৰঙা । শুভ সংখ্যা ৯ ।

বৃষঃ

বন্ধুৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব । বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ'ব পাৰে । দাম্পত্যত মতবিৰোধ । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৫।

মিথুনঃ

কিছুমান অপ্রয়োজনীয় কামে আপোনাক ব্যস্ত কৰি তুলিব ।  বিদ্যাত মধ্যম । মাতা-পিতাৰ কাৰণে  দিনটো শুভ । শুভ ৰং বগা । শুভ সংখ্যা ৬।

কর্কটঃ

পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক । আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব । প্রেম-প্রণয়ত বাধা । বিয়া-বাৰুৰ যোগাযোগ শুভ । শুভ ৰং মেৰুণ । শুভ সংখ্যা ২ ।

সিংহঃ

ঘৰুৱাত কিছু ভালেই দেখা যায় । দুই-এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে । কর্মক্ষেত্ৰত মানসিক অশান্তিৰ কাকতা । প্রেমত আনন্দ । শুভ ৰং ৰঙা । শুভ সংখ্যা ১।

কন্যাঃ

কর্মক্ষেত্ৰত জটিলতা কিছু হ্রাস পাব । হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰোঁ বুলিও অলপ বাধাপ্রাপ্ত হ’ব । দাম্পত্যত মধ্যম । ৰাজনীতিবিদসকল বিশেষ সতর্ক হওক । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৫।

তুলাঃ

প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল । মূল কথাৰ প্ৰতি সজাগ থকা ভাল । দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব । শুভ ৰং বগা । শুভ সংখ্যা ৬ ।

বৃশ্চিকঃ

কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব । মানসিক অৱস্থা মধ্যম । আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে । শুভ ৰং ৰঙা । শুভ সংখ্যা ৯।

ধনুঃ

খৰচ-পাতি ৰাহি কৰাৰ যত্ন কৰক । প্রাপ্য ধন আদায়ৰ সুযোগ পাব । বিদ্যাত বেয়া নহ'ব । প্ৰেমত বাধা । ব্যক্তিত্ব আৰু ধৈর্য । ৰক্ষা কৰি চলক । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৩।

মকৰঃ

কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব । বিদ্যার্থীৰ বাবে দিনটো শুভ । চুটি ভ্রমণ হ’ব পাৰে । প্ৰেমত উৎসাহ । শুভ ৰং নীলা । শুভ সংখ্যা ৮ |

কুম্ভঃ

পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব । কর্মস্থানত ভালেই দেখা যাব । বিদ্যাত কিছু আশাপ্রদ । শৰীৰ মধ্যম । ভ্ৰমণ কৰিব পাৰে । শুভ ৰং ক’লা । শুভ সংখ্যা ৭।

মীনঃ

কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব । বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব । হাতলৈ ধন অহাৰ যোগ আছে । প্রেম-প্রণয়ত সাময়িক বাধা । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৩।

লগতে পঢ়কঃ লোহৰি, মকৰ সংক্ৰান্তি, পোংগল, বিহুলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ শুভেচ্ছা

English Summary: Rashiphal of January Month

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.