1. অন্যান্য

অসমৰ জাতীয় উৎসৱ-বিহু

KJ Staff
KJ Staff

প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে ভৰপূৰ 'অসম' ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন সমৃদ্ধিশালী ৰাজ্য ৷ নদ-নদী, জান-জুৰি, নিজৰা, খাল-বিল, অৰণ্যৰে ভৰপূৰ দেশখনৰ বিশাল ব্ৰহ্মপুত্ৰ অন্যতম সৌন্দৰ্য ৷ অসংখ্য মঠ-মন্দিৰ, নামঘৰ-দেৱালয়, মছজিদ-গীৰ্জা আদিৰে পৰিপূৰ্ণ এইখন শংকৰ-আজানৰ দেশ ৷ ভূ-গোল বিচিত্ৰ কাৰণত উৰ্বৰ পলসুৱা ভূমিৰ অধিকাৰী হেতুকে অসম এখন কৃষি প্ৰধান দেশ । প্ৰায় ৮০ শতাংশ মানুহ কৃষিজীৱি আৰু এই কৃষি কাৰ্যৰ লগতে ৰজিতা খুৱাই এই অঞ্চলৰ সাত-ভনীয়ে বিভিন্ন নামেৰে বছৰটিৰ বিভিন্ন সময়ত [বিহু] পালন কৰি আহিছে ৷ বিহু অসমৰ বাপতি-সাহন, জাতীয় উৎসৱ ৷

ব’হাগ বিহু- ৰঙালী: ব’হাগ অসমীয়া বছৰৰ প্ৰথম মাহ ৷ শেষৰ মাহ চ’তৰ শেষত সাত দিন ধৰি ইয়াক পালন কৰা হয় ৷ এই মাহতে শস্য সম্ভৱা ধৰিত্ৰীৰ গছ-লতিকাই পাত সলাই লাৱণ্য ৰূপ ধাৰণ কৰে৷ সেয়েহে ই যেন “যৌৱন”ৰ বিহু ৷ সাদিন ধৰি পালন কৰা  বিহুসমূহ হ’ল- গৰু-বিহু, মানুহ-বিহু, গোঁসাই-বিহু, তাঁত-বিহু, নাঙল-বিহু, চেনেহী [জীয়ৰী,কুটুম]-বিহু আৰু চেৰা-বিহু ৷ নাতি শীতোষ্ণ এই সময়ছোৱাতে ডেকা-গাভৰুৰ মনবোৰো যেন ৰঙীন হৈ পৰে ৷ কাজেই ব’হাগ বিহুক ‘ৰঙালী বিহু’ও বোলে৷ ড॰ ভূপেন হাজৰিকাৰ গীতেৰে-

‘ব’হাগ মাথোঁ এটি ঋতু নহয়

নহয় ব’হাগ এটি মাহ

অসমীয়া জাতিৰ ই আয়ুস ৰেখা........’৷

কাতি বিহু-কঙালী: শস্য সম্ভৱা ধৰিত্ৰীৰ বুকুত খেতিয়কে আল-ফুলে বীজ সিচেঁ ৷ কাতি মাহত খেতিডৰা শস্য সম্ভৱা হৈ পৰে৷ অপায়-অমঙ্গল নাশিবলে আকাশ বন্তি জ্বলাই লখিমীক আদৰা হয় ৷ এই সময়ছোৱাত কৃষকৰ ঘৰ কঙাল [উদং] হৈ থাকে বুলি কোৱা হয়৷ সেয়েহে  কাতি বিহু কঙালী৷

মাঘ বিহু-ভোগালী: চাওঁতে চাওঁতে আঘোণ মাহত  পথাৰত সোণালী ধান, পুখুৰিত মাছ, বাৰীত তামোল-পাণ ভৰি পৰে ৷ জহাঁ- বৰা, বিধে বিধে চাউল, লাৰু-পিঠা, চিৰা-দৈ, মাছ-মাংস, মাটি-মাহ, গছ-আলু আদি প্ৰতি ঘৰ মানুহৰ উভৈনদী হৈ পৰে৷ এই সমূহ ব্যঞ্জন ভোগ কৰিবলৈয়ে ভোগালী বিহু ৷ পুহ মাহৰ শেষৰ দিনা ইয়াক পালন কৰা হয়৷ বিহুৰ আগদিনা উৰুকা ৷ মাঘ বিহুৰ উৰুকা বুলিলে আৰু কবলৈ নেলাগে ৷ পথাৰত মেজি [ভেলা] ঘৰ সাজি মেজিৰ তলত গৈয়া-ৰাইজ মিলি একেলগে মাছ-মাংসৰে ৰং ৰহইছ কৰি এসাঁজ সোৱাৰ আনন্দৰ কথা ভাষাৰে বুজাব নোৱাৰি ৷ ডেকা সকলে ওৰে ৰাতি হিলৈ ফুটাই উজাগৰে থকাৰ যেন আনন্দই বেলেগ ৷

লগতে পঢ়কঃ লোহৰি, মকৰ সংক্ৰান্তি, পোংগল, বিহুলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ শুভেচ্ছা

পিছ দিনা মাঘ বিহু ৷ ৰাতি পুৱাই উঠি বস্তি জগাই গা-পা ধুই মেজি জ্বলাই নাম-কীৰ্তন কৰা হয়৷ এই মাহতে ইতিমধ্যে চপায় লোৱা শস্য আদি আগন্তুক বছৰটিৰ বাবে সাচি ৰাখি পুনৰ নতুন বছৰ ব’হাগৰ বসন্তলৈ আমি বাট চাওঁ-

                        ‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা

                        তাতোকৈ চেনেহৰ মাকোঁ

                        তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি

                        নেপাতি কেনেকৈ থাকোঁ৷’

                                                                                                      কমলেশ্বৰ চৌধুৰী অধ্যক্ষ

                                                                                             কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় (অসম)

                                                                                                           ফোন: ৮০১১৮৮৮১৫৫

English Summary: Bihu celebration in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.