সম্প্ৰতি অসমত হৈ থকা অত্যাধিক গৰম, জলবায়ু পৰিৱৰ্তন, খৰাং আদিয়েও চৰকাৰখনৰ মূৰত এতিয়াও অকণো প্ৰভাৱ পেলাব পৰা নাই। বিগত দিনত মৰাণ-নাহৰকটীয়া সংযোগী ৰাষ্টা বনাবলৈ ২৫৫৩ জোপা গছ কাটিবলৈ চৰকাৰৰ পৰিকল্পনাই ইয়াৰ প্ৰমাণ প্ৰমাণ দাঙি ধৰিছে। ইফালে, অসমত ৰাষ্টা বনাবলৈ, ঘৰ বনাবলৈ কিমান গছ কটা হ’ল তাৰ সীমা সংখ্যা নাই। ফলত আজি গুৱাহাটীৰ ৰাষ্টাসমূহৰ কাষত এজোপা গছ পাবলৈ নাই। কিন্তু ইয়াৰ বিপৰীতে দিল্লীৰ দৰে মহানগৰত গুৱাহাটীৰ সম্পূৰ্ণ বিপৰীত। দিল্লীৰ এনেকুৱা এটা ৰাষ্টা নাই যিটো ৰাষ্টাৰ কাষে কাষে শাৰী শাৰীকৈ গছ নাই। ৰাষ্টাৰ মাজত গছ আছে যদিও গছজোপা নকটাকৈ ইঞ্জিনিয়াৰে পৰিকল্পনাৰ ৰাষ্টাটো বনোৱা দেখিবলৈ পাব আপুনি। কিন্তু অসমত এনেকুৱা চিন্তা অসমৰ অভিযন্ত্ৰাসকলৰ মূৰত এতিয়াও খেলুৱা নাই। অকণমান অসুবিধা পালেই গছজোপা কাটিবলৈ অলপো হাত নকঁপে অসমৰ ইঞ্জিনিয়াৰসকলৰ। এবাৰ ভাবি নাচায় এটা ৰাষ্টা একেদিনাই বনাব পাৰি। কিন্তু এজোপা গছ একেদিনাই তেওঁলোকে ডাঙৰ কৰিব পাৰিব নে!
কিবা এটা কৰিবলৈ ওলোৱাৰ আগতে সেই কামটোৰ জ্ঞান থকা ব্যক্তিসকলৰ লগত অসম চৰকাৰৰ বিষয়ববীয়াসকলে আলোচনা কৰা দেখা নাযায়। উদাৰণস্বৰূপে- মৰাণ-নাহৰকটীয়া সংযোগী ৰাষ্টাটোৰ বাবে ২৫৫৩ জোপা গছ কটাৰ পৰিকল্পনা কৰাৰ আগতে যাদব পায়েঙৰ পৰামৰ্শ লোৱাৰ অতি প্ৰয়োজন আছিল। যিহেতু তেওঁ গছ-গছনি, পৰিৱেশ সুৰক্ষা বাবে বিশ্বজুৰি কাম কৰি আছে। তেওঁৰ এইক্ষেত্ৰত অভিজ্ঞতা বেছি। কিন্তু তেনে দৃষ্টান্ত আমাৰ অসমত নাই। ইফালে, ২ অক্টোবৰত ১ কোটি জোপা গছপুলি ৰুই বিশ্ব অভিলেখ কৰাৰ আলোচনা কৰোঁতেও যাদব পায়েঙক একাষৰীয়াকৈ ৰখা দেখা গ’ল। কোন সময়ত গছ ৰুৱ লাগে, কোনবোৰ গছ ৰুলে পৰিৱেশৰ বাবে ভাল, কোনবোৰ গছে বাযুমণ্ডল, মাটি, পানীক সুৰক্ষা দিব এই কথাবোৰত হিমন্ত বিশ্ব শৰ্মাতকৈ যাদৱ পায়েঙৰ অভিজ্ঞতা বেছি। অভিজ্ঞতাহীনভাৱে ২ অক্টোৱৰত হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক শাল আৰু চেগুণ গছ ৰোৱলৈ অনুৰোধ জনালে। কিন্তু তেওঁ নাজানে যে- চেগুন গছ মাটি আৰু বায়ুমণ্ডলৰ বাবে বহুপৰিমানে ক্ষতিকাৰক। চেগুনৰ ফুলবোৰ কেঞ্চাৰ ৰোগ বৃদ্ধি কৰে, চেগুন গছ থকা মাটিখিনিৰ ক্ৰমাৎ সাৰুৱা গুন আৰু পানী নাইকীয়া হৈ পৰে। আনকি চেগুনৰ পাতটো য’ত পৰে তাত বন এডালো গজিব নোৱাৰে আৰু চেগুনৰ পাত কোনো জীৱই খাব নোৱাৰে সেয়েহে মানুহে নিজৰ বাৰীত, ৰাজহুৱা ক্ষেত্ৰত এইবোৰ গছ লগোৱা উচিত নহয়। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ক’লে চেগুন গছ ৰোবলৈ। ইফালে, ২ অক্টোৱৰৰ সময়খিনি গছ ৰোৱাৰ উপযুক্ত সময় হয়নে!
লগতে পঢ়ক-
পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!
ইফালে, অৰণ্য মানৱ যাদব পায়েঙে, প্ৰতিদিনে কৈ আহিছে অসমত গছ-গছনি ৰুৱ নালাগে, গছ-গছনি নিজেই নিজেই হৈ উঠিব, কেৱল মানুহে গছ নাকাটিলেই হ’ল। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অসম চৰকাৰ। অসমত আজিলৈকে চৰকাৰীভাৱে গছ ৰুবলৈ যিমান খৰচ কৰা নাই সিমান খৰচ কৰিছে কিন্তু গছ কটাত। এইবাৰ অসম চৰকাৰে ২ কোটি খৰচ কৰি মৰাণ-নাহৰকটীয়া সংযোগী ৰাষ্টা বনাবলৈ ২৫৫৩ জোপা গছ কাটিব। বহু দল-সংগঠন, পৰিৱেশ সুৰক্ষাকৰ্মীয়ে বিষয়টোক গৰিহণা দিছ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কাৰ কথা শুনে।
শেষত কওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে, নাজানে নাজানো। কিন্তু আজিকালি জীৱিত গছ এজোপা নকটাকৈ মেছিনৰ সহায়ত অন্য ঠাইলৈ স্থানান্তৰ কৰিব পাৰি। অৱশ্যে বহু ডাঙৰ গছৰ ক্ষেত্ৰত সম্ভৱ নহয়। কিন্তু সৰু আৰু মধ্যমীয়া গছবোৰ স্থানান্তৰ কৰিব পাৰি। এই মেচিনটোৰ সহায়ত ৰাষ্টা-পদূলি বা অন্য কামত কাটিবলগীয়া গছজোপা নাকাটি অন্য ঠাইত ৰোপন কৰিব পাৰি। এনেকুৱা এটা মেচিন আনি মৰাণ-নাহৰকটীয়া সংযোগী ৰাষ্টাটোৰ বাবে কাটিবলগীয়া গছসমূহ নাকাটি স্থানান্তৰ কৰিব পাৰি। নতুনকৈ গছ ৰোৱাতকৈ জীৱিত গছবোৰক সুৰক্ষা দিয়াটোহে বুদ্ধিমানৰ কাম হ’ব।
লগতে পঢ়ক-