অসমীয়া সমাজত এষাৰ কথা আছে যাৰ নাই গৰু সি সবাটোকৈ সৰু৷ আপ্তবাক্যশাৰী সত্যসত্যতা প্ৰতিজন অসমীয়া মানুহেই উপলব্ধি কৰি গৰুক বহাগ বিহুৰ প্ৰথম দিনটোতেই মাহ-হালধিৰে নোৱায়-ধোৱায় আৰু সুস্থ নিৰোগী হৈ থকাৰ কামনা কৰে৷ বৰ্তমান খেতিৰ বাবে টেক্টৰ, পাৱাৰটিলা ব্যৱহাৰ কৰে যদিও অসমৰ অধিকাংশ খেতিয়কে নিৰ্ভৰ কৰে গৰুহালৰ ওপৰত৷ সাৰ বুলিলে গৰু গোৱৰৰ বাহিৰে অসমীয়া অধিকাংশ কৃষকে অন্য ৰাসায়নিক কথা নাজানে৷ বিপদে-আপদে গৰুকেইটা বিক্ৰি কৰিয়েই সমস্যা সমাধানৰ চেষ্টা কৰে অসমীয়া মানুহে৷ ল’ৰাটোক, ছোৱালীজনীক কলেজত নামভৰ্তি কৰিবলৈ বা ল’ৰাটোক কলেজলৈ যাবলৈ চাইকেল এখন কিনি দিবলৈ ঘৰৰ গৰু এটাই এসময়ত বিক্ৰি কৰিছিল৷
তদুপৰি গাই গৰুজনীৰ গাখীৰকণেই অসমীয়া মানুহৰ বাবে সৰ্বোত্তম খাদ্য৷ এক কথাত গৰু অসমীয়া জনজীৱনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপোতভাৱে জড়িত হৈ আছে৷ তদুপৰি বৰ্তমান সময়ত অসমত গৰুৱে নতুনকৈ ৰাজনীতিতো বিশেষ স্থান দখল কৰিছে৷ গৰু ইমানখিনি গুণ থকাৰ মাজতো গৰু কিদেৰ অসমত বিপদ হৈ থিয় দিছে; ই এটা বিচাৰ্যৰ বিষয়৷ এই বিষয়টো সন্দৰ্ভত চিন্তাশীল লেখক অৰবিন্দ ৰাজখোৱাই এটা লেখা লিখিছিল ‘নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব’ শীৰ্ষক গ্ৰন্থখনত৷ আৰু মই নিজেও এই সন্দৰ্ভত কৃষি জাগৰণ অসম পৰ্টেলত বহুকেইটা লেখা লিখিছো৷ বিষয়টোৱে যিধৰণে চৰ্চা লাভ কৰিব লাগিছিল সেই দৰে চৰ্চা লাভ কৰা নাই৷ কিন্তু গৰুৰ লগত হিন্দু-মুছলিমৰ প্ৰসংগটো থিকমতেই চৰ্চা লাভ কৰি আছে৷
মূল কথালৈ আহো- অসমত জেঠৰ পৰা আঘোণ মাহৰ শেষলৈ গৰুবোৰ বন্ধাৰ বাহিৰে বাকী সময়খিনি উদঙত থাকে৷ ঠাইবিশেষে উদঙত থকা এই গৰুসমূহক উদঙীয়া, ভদঙীয়া গৰু বুলি কয়৷ এই উদঙীয়া বা ভদঙীয়া গৰুসমূহৰ বাবে কৃষকসকলে ৰৱিশস্য খেতিৰ নাম ল’বলৈ ভয়৷ এই উদঙীয়া গৰুবোৰ সন্ত্ৰাস হৈ থিয় দিয়ে৷ কাৰণ খেতি কৰিলে কি হ’ব উদঙীয়া গৰুৱে চব চাফা কৰিব৷ বহুলোকে এই ভয় লৈয়ো এই সময়ছোৱাত জেওৰা মাৰি ৰবিশস্যৰ খেতি কৰাৰ দুঃসাহ কৰে৷ আৰু বহু কৃষকে এই সন্ত্ৰাসৰ লগত মোকাবিলা কৰি খেতি কৰি আছে৷ বহুসময়ত কৃষকসকলে জেওৰা দি খেতি কৰিবলৈ গৈ কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰেও হয়৷ তদুপৰি কোনো কৃষকে গৰু ৰখি খেতি কৰে৷ কিন্তু দহ দিন গৰুক পহৰা দি এদিন কৃষকজনৰ সামান্য ভুলৰ বাবেই গৰুৱে গোটেই শ্ৰম পণ্ড কৰে৷ গতিকে আঘোণ মাহৰ পৰা জেঠমাহলৈ অসমৰ শ শ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰি থাকে৷ অৱশ্যে গৰু ভয়ৰ বাবে মই এই সময়ছোৱাত পথাৰবোৰ পেলাই খেতি নকৰে বুলি ক’লে কিমান যুক্তিসংগত হ’ব মই নাজানোক্ক অন্য কাৰণো আছে৷ কিন্তু এই সময়ছোৱাত খেতি নকৰাটো উদঙীয়া গৰু সমস্যাটো প্ৰাথমিক৷ যাৰবাবে এই সময়ছোৱাত নিজৰ ঘৰতে জেওৰা নিদিয়াকৈ জলকীয়া পুলি এটা ৰুবলৈ সাহস নকৰে অসমীয়া মানুহে৷ ফলত অসমীয়া মানুহে ধানখেতিকে শুকুটাকে মোকোটা কৰি কৰি আছে৷ সকলোৱে জানে বৰ্তমান সময়ত ধান খেতি কৰিলে 'ক'ৰ পৰা ' ঁ' হিচাপ কৰিলে চাউল কিনি খোৱাই লাভ বুলি ক’ব৷ যাৰবাবে আজিও অসমৰ কৃষকৰ অৱস্থা পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলৰ দৰে স্বচ্চল জীৱন নহয়৷
ইফাল পৰম্পৰাগত গো-পালনৰ পৰাও আজিকালি অসমৰ মানুহৰ মানুহৰ বৰ বিশেষ লাভালাভ নহয়৷ আগতে গৰু বিক্ৰি কৰিব পাৰিছিল, গৰুৰ দাম পাইছিল যদিও গো-সুৰক্ষা আইন অহাৰ পাছৰে পৰা সেয়াও নোপোৱা হ’ল৷ অথচ এই পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডত প্ৰাচীৰ হৈ থিয় দিছে৷ তদুপৰি বৰ্তমান আকৌ কৃষকৰ ওপৰত বান্দৰৰ চকু পৰিছে৷ বান্দৰ থকা অঞ্চলসমূহত কৃষকে ব্যৱসায়িকভাৱে খেতি কৰাতো বাদে গৃহস্থই ঘৰতে ডাংবডি এজোপা ৰুবলৈ সাতবাৰ ভাবিব লাগে৷ উল্লেখ্য যে এই উদঙীয়া গৰু সমস্যাটো নাইকীয়া হ’লে অসমৰ কৃষকসকলে নিশ্চিতভাৱে ৰৱিশস্যৰ খেতি কৰিবলৈ সকাহ পাব৷ এই সমস্যা সোণকালে দূৰ নহ’ব।
শেহতীয়াকৈ কৃষকসকলৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাথি তামিলনাডুৰ এটা MIVIPRO ষ্টাৰ্টআপ কোম্পানীয়ে প্ৰস্তুত কৰিছে বায়’-লিকুইড স্প্ৰে’ Herboliv+ নামৰ এবিধ বিশেষ দ্ৰব্য। এই ওষধবিধৰ গোন্ধ গৰুৱে শস্য কৰিব নোৱাৰে আৰু দূৰতে বিদূৰ হয়। যিজোপা শস্যত (Bio Liquid Spray) অৰ্থাত বায়’-লিকুইড Herboliv+ প্ৰয়োগ কৰা হয় সেই গছজোপা গৰুৱে মুখত নিদিয়ে। ই সম্পূৰ্ণৰূপে জৈৱিক আৰু প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা হৈছে। আৰু শস্যত কোনো প্ৰভাৱ নেপেলায় বৰঞ্চ ইয়াক ব্যৱহাৰ কৰিলে শস্য পোক-পৰুৱা কীট-পতংগই অপকাৰ নকৰে। কৃষকসকলে অসমৰ বজাৰত Herboliv+ নাপাব গতিকে অনলাইন অৰ্ডাৰ কৰিব লাগিব।
লেখক- পংকজ খনিকৰ. ধেমাজি
লগতে পঢ়ক-
নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল