দেউতাই ঘৰৰ সৰু বাৰীখনতে প্ৰায় ২০০ জোপা তামোল আৰু ১০ জোপা মান নাৰিকলৰে বাৰীখন সজাইছিল।পাণ অলপো আছিল,সেয়া ২০০৪ চনৰ বানপানীত মৰিছিল।এতিয়াও কেইজোপামান পাণ আছে বাৰু।বজাৰলৈ তামোল এথোকা লৈ গলেই ঘৰুৱা বজাৰখনৰ লেঠা মৰিছিল ।গাঁত খান্দি বহু পোণ তামোল গেলাইছিল ।সেয়া সময়ত বেছি ঘৰৰ বহু অভাৱ পূৰণ হৈছিল।মায়ে তামোল ফালি শুকুৱাই চুপাৰি বনাইছিল আৰু সেয়া বেপাৰীক বেছি ঘৰৰ আৰু নিজা প্ৰয়োজন পূৰাইছিল ।নাৰিকলৰ জোৰা সেই সময়ত ৫ টকাতকৈ অধিক নাছিল।দেউতা শিক্ষক আছিল যদিও জীৱনৰ অধিককাল সময় ভেন্সাৰ বিদ্যালয়তে চাকৰি কৰাৰ ফলত দৰমহাৰ পৰিমাণো তাকৰ আছিল।তথাপি বৰ অভাৱৰ মাজত দিনবোৰ কটোৱা নাছিলো।
সমস্যা আৰম্ভ হয় ২০০৪ চনৰ পাছৰ পৰাহে ।হয়তু বানপানীৰ ফলতেই কেইটামান কেৰ্কেটুৱাৰ আমাৰ অঞ্চললৈ আগমন ঘটিছিল।প্ৰথম অৱস্থাত সকলোৱে মৰমতে তহঁতকিটাইনো কিমান খাবি,খা ;এই মনোভাৱেৰে থাকোঁতেই দ্ৰুত বংশবৃদ্ধি ঘটাই এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিলে যে এতিয়া তামোল-নাৰিকল নিজে কিনি খাবলগীয়া হয়।ৰাতিপুৱা ৩-৪বজাৰ পৰা সন্ধিয়ালৈকে অত্যাচাৰ চলাই থাকে।মুঠতে যি ব্যৱস্থাই নলৱক কিয়,ৰক্তবীজৰ দৰে সংখ্যা বাঢ়িয়েই থাকে ।
বান্দৰৰ উপদ্ৰৱ বৰকৈ পোৱা নাছিলো।আজি ৭-৮বছৰ মান আগলৈকে দুই-চাৰিটাই মলুৱাই দৰ্শন দিবলৈ আহিছিল।হেই-হেই কৰিলেই আতৰি গৈছিল।এতিয়া শ-ৰ ঘৰত বান্দৰ! আপুনি মৰমেৰে ৰুই থোৱা অমিতাজোপাৰ আগটো ভাঙি খাব,দহিকচুজোপা ঠাৰিৰে সৈতে মোহাৰি খাব,ঘৰৰ ভিতৰত সোমাই আপোনাৰ মজুত খাদ্যবস্তু,বাৰীৰ লাও,জিকা ,শাক-পাচলি এফালৰ পৰা শেষ কৰি নিব।আমাৰ ভূমিকা কেৱল নীৰৱ দৰ্শক।পাৰচৰাইকিটাৰো শান্তি নাই,কণীটো ভাঙি খাব আৰু পোৱালি থাকিলে পোৱালিৰ টোটোলা নৃশংসভাবে ফালি মাক-বাপেকে খুৱাই থোৱা দানাকেইটাও খাব।লাহে-লাহে এই বন-ঘৰচীয়া বান্দৰ কেইটা আমিষভোজী হৈ পৰিছে।সেয়া অন্য এক চিন্তনীয় বিষয়।বহুকেইজন ব্যক্তি ইতিমধ্যে বান্দৰৰ আক্ৰমণৰ বলি হৈছে।
লগতে পঢ়ক- বান্দৰৰ সমস্যাৰ পৰা ৰেহাই পোৱাৰ এটা অতি উত্তম উপায়
এয়া আমাৰ অঞ্চলৰ সাম্প্ৰতিক পৰিবেশ।বনবিভাগ হয়তু গড়কিটাক লৈয়ে ব্যস্ত। অন্য কিবা বিষয় আছে বুলি তেখেতসকলৰ ভাবিব লৈ আহৰি নাই। গ্ৰাম্য অৰ্থনীতি যদি সবল নহয়,নিজৰ বাৰীখনেৰে যদি স্বাৱলম্বী হব পৰা নাযায়,তেন্তে এয়া অশনি সংকেত!
আজি ইয়াত ,কালিলৈ আপোনাৰ তাত,চাপৰিলেই মেঘ আতৰি নাযায়।এটা সমাধান লাগে,পৰিবেশবিদ, বন্যপ্ৰাণী প্ৰেমীসকল,চৰকাৰৰ বিয়াগোম বিভাগ,সকলোৱে মিলি সমাধান সূত্ৰ বিচাৰক ।
লগতে পঢ়ক-