Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 January, 2023 4:57 PM IST
কল খেতিৰ পইচাৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে

অৱশেষত সেই বিশেষ দিনটো আহিল- যিটো দিনৰ কাৰণে ইমান বছৰ উত্রাৱল হৈ আছিলোঁ | জুন মাহৰ ২৯ তাৰিখে চিনাকি কৃষক এজনে WhatsApp ত ধকধকীয়া শুভ্ৰ বৰণৰ ধূনীয়া নতুন গাড়ী এখনৰ ফটো পঠাইছে | অকল ফটো, একো লেখা নাই | গাড়ীখন Showroom ৰ পৰা উলিয়াই দিবৰ কাৰণে সাজু কৰিহে আছে | অ'ত-ত'ত প্লাষ্টিক আৰু কাগজৰ খালী পেকেট সিঁচৰতি হৈ আছে | নিজে 'মালিকী  মিজাজ'ত গাড়ীখনত আঁউজি ভঙ্গিমা দিছে | ধাৰণা কৰিব পাৰি- লাগতিয়াল accessories লগোৱাৰ কাম চলি আছে | বুজিবলৈ অকনো অসুবিধা নহ'ল,  মিকাছ মুছাহাৰীয়ে আজি গাড়ী কিনিলে |

হয়, মিকাছ মুছাহাৰী | গোসাঁইগাওঁৰ এজন সফল খেতিয়ক, এজন সফল কল খেতিয়ক | মোৰ ফালৰ পৰা সঁহাৰি দিয়া হ'ল Congrats ! Banana fruits turned into beautiful car. তেওঁৰ লগত চিনাকি বেছি দিনৰ নহয়, ল'ক ডাউনৰ সময়তহে ব্যক্তিগতভাৱে প্ৰথম যোগাযোগ হৈছিল | ইয়াৰ আগতে PM-KSY আঁচনিৰ অধীনত Drip irrigation ৰ সাঁ-সৰঞ্জাম আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ দিনা, ৩ মাৰ্চত, জাৰাগুৰিত অন্যান্য কল খেতিয়কৰ লগতে তেখেতক লগ পাইছিলোঁ |  ল'ক ডাউন আৰম্ভ হোৱাত তেখেতে সঘনাই যোগাযোগ কৰিব ধৰিলে | কাৰণ তেখেতৰ ২০০ বিঘাৰো অধিক মালভোগ কল এপ্ৰিল-মে মাহৰ ভিতৰত বিক্ৰীৰ বাবে সাজু হৈ আছিল | প্ৰায় ৬০,০০০ - ৭০,০০০ কলৰ থোক! ল'ক ডাউন চলি থাকিলে ক'ত কেনেকৈ বিক্ৰী কৰিব, তাকে লৈ দূ:চিন্তাত পৰিছিল | ইতিমধ্যে কেইটামান কলৰ থোক পকিবলৈ আৰম্ভ কৰিছিলেই | বজাৰ নাই, গাড়ী নাই, গ্ৰাহক নাই!

লগতে পঢ়ক- 

Cow-breeding : অসমৰ কৃষিখণ্ডৰ উন্নয়নত পৰম্পৰাগত গো-পালনৰ বাধা

মিকাছ বসুমতাৰী

নতুনকৈ গঠন হোৱা FPC এটাৰ লগত যোগাযোগ কৰিলোঁ | FPC টোও একেবাৰেই অনভিজ্ঞ, একো উৱাদিহ্ পোৱা নাই | বিভাগীয় মুখ্য কাৰ্যালয়েও সহায় কৰিব পৰা নাই | কি যে সমস্যা ! তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ তথা বিক্ৰীৰ ক্ষেত্রত চৰকাৰে ল'ক ডাউনৰ নিয়মাৱলীৰ কিছু সংশোধন ঘটাই শিথিলতা প্ৰদান কৰিলে | মহকুমা প্ৰশাসনৰ লগত যোগাযোগ কৰি কল খেতিয়ক সকলৰ জলন্ত সমস্যাক অৱগত কৰি পৰিবহণ তথা বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হ'ল | প্ৰশাসনৰ তৰফৰ পৰা খেতিয়ক সকলৰ চিনাকি পত্র virtual মাধ্যমৰ জৰিয়তেই বিচাৰিলে | চৰকাৰৰ হুকুম -য'তেই আছা তাতেই থাকা ; ঘৰৰ পৰাই কাম কৰা !

প্ৰথমবাৰ ১৫ এপ্ৰিললৈকে Emergency Service Pass প্ৰদান কৰিলে | এইখন লৈ তেখেতে গুৱাহাটীত বাহৰ পাতি থকা বেপাৰীৰ তাত প্ৰতি খেপত ১৮০-২০০টাকৈ কলৰ থোক যোগান ধৰিবলৈ আৰম্ভ কৰিলে | গোসাঁইগাওঁৰ পৰা সন্ধিয়া ৭:০০ -৭:৩০ বজাত ৰাওনা হয় আৰু ৰাতি ২:৩০ -৩:০০ বজাত গুৱাহাটী পায় ; কলখিনি নমাই থৈ আকৌ গোসাঁইগাওঁলৈ উভতি আহে ! মাজে মাজে ধুবুৰী, গোলকগঞ্জলৈও নিছিল | পিছলৈ বজাৰখন আকৌ ঠন ধৰি উঠিলত ডাঙৰ গাড়ীৰেও কল পঠাবলৈ সক্ষম হ'ল | মাজতে আমিও তেখেতৰ বাগান চাবলৈ গ'লো | সোনকোষ নদীৰ পাৰত কলৰ বিশাল বিশাল বাগান, অপূৰ্ব দৃশ্য, প্ৰতিজোপা গছত পুৰঠ বা অৰ্ধ পুৰঠ কলৰ থোক ওলমি আছে ! দৃশ্যটো দেখি আমি (লগত সহকৰ্মী মনীন্দ্ৰ নাৰায়ণ দাস, অশোক সৰকাৰ) নিজকে সঁচাকৈ ধন্য মানিছিলোঁ !     

মিকাছ বসুমতাৰীৰ কলৰ খেতি

তেনেদৰে নিজৰ পৰিকল্পনা অনুসৰি মিকাছ মুছাহাৰীয়ে প্ৰায় গোটেইখিনি কল ৰমজান মাহৰ ভিতৰত, যিটো সময়ত কলৰ চাহিদা উৰ্ধতম হয়, বিক্ৰী কৰিবলৈ সক্ষম হ'ল | তেখেতে এইবেলি প্ৰতিথোক কল ২৪০-২৫০ টকাকৈ বিক্ৰী কৰা বুলি জনাইছে, চপোৱা আৰু পৰিবহনৰ খৰছ দ্বিতীয় পক্ষৰ | বিভিন্ন তালাচী চকীবোৰত কিছু হাৰা-শাস্তিৰ সন্মুখীনো হ'ব লগা হৈছিল, বিশেষকৈ 'বৰঙণি'ৰ পৰিমাণ মন:পুত নহ'লে বেছি সময় ৰখাই থৈছিল | ইমান দিনে শুনি আহিছিলোঁ যে পঞ্জাৱৰ খেতিয়ক সকলে বিলাসী গাড়ী চলাই ফুৰে ! সেয়া আজি স্বচক্ষে দেখিবলৈ পাই অনাবিল আনন্দ তথা সুখানুভূতি লাভ কৰিছো | অনাগত দিনবোৰত তেখেতৰ দৰে আৰু যেন অনেক সফল খেতিয়ক, অনেক মিকাছ মুছাহাৰীৰ জন্ম হয় আমি আশাবাদী।

লগতে পঢ়ক- 

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

English Summary: Mikas Basumatary bought car from banana farming
Published on: 27 January 2023, 04:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now