আমাৰ কৃষকসকলে একেডোখৰ মাটিত বছৰি একে শস্যৰ খেতি কৰা দেখা যায়। বিশেষকৈ ধান খেতি কৰা ঠাইডোখৰত প্ৰতিবছৰে ধান খেতি কৰি অহা দেখা যায়। তদুপৰি অসমৰ অধিকাংশ কৃষকেই ধান খেতি কৰা পথাৰসমূহত সাৰ প্ৰয়োগ নকৰে। সেয়া ৰাসায়নিক বা জৈৱিকেই হওঁক। প্ৰকৃতিগতভাৱে যি সাৰ উতপাদন হয় সেই সাৰেই ধানক যোগান ধৰে। কিন্তু ধানৰ বাবে সেই সাৰেই জানো যথেষ্ট! নিশ্চয় যথেষ্ট নহয়। ফলত পূৰ্বৰ তুলনাত ধানৰ উতপাদন দিনক দিনক কমি আহি আহিছে।
এই সমস্যাটোৰ পৰা ৰক্ষা পাবলৈ আমাৰ কৃষকসকলে দুটা কাম কৰিব লাগিব! প্ৰথমটো হ’ল- কৃষকসকলে মাটিডোখৰ পৰীক্ষা কৰাই তাত প্ৰয়োজনীয় কৃত্ৰিম সাৰ সেয়া জৈৱিক বা ৰাসায়নিক সাৰ প্ৰদান কৰা আৰু দ্বিতীয়টো হ’ল একেডোখৰ কৃষিভূমিতে একেটা শস্যৰ খেতি নকৰি তাত দুবছৰ বা তিনি বছৰৰ মূৰে মূৰে মাহজাতীয় শস্যৰ খেতি কৰা। কিন্তু কিয় দুই এবছৰ মূৰে মূৰে মাহ জাতীয় শস্যৰ খেতি কৰিব লাগে কৃষকসকলে! ইয়াৰ প্ৰধান কাৰণ হ’ল- এই মাহজাতীয় শস্যবোৰে উদ্ভিদৰ বাবে প্ৰয়োজনীয় নাইট্ৰেজন উতপাদন কৰে। ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰে কৃষকসকলে নিজৰ কৃষিভূমি সাৰুৱাৰ গুণাগুণ অক্ষুণ্ণ ৰাখিব পাৰে। চলিত বৰ্ষৰ আৰম্ভণিতে কৃষি জাগৰণ অসমৰ সংবাদকৰ্মী পংকজ খনিকৰে হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ এজন কৃষকৰ কৃষিথাৰলৈ গৈছিল কৃষি সম্বন্ধীয় খবৰ সংগ্ৰহৰ বাবে। ফৰিদাবাদৰ কৃষক সতবীৰ সিঙে তেওঁ কৃষি পথাৰত মাটিমাহৰ খেতি কৰিছিল। মাটিমাহৰ ফল সংগ্ৰহৰ বাবে নহয়। কেৱল মাটিডোখৰ সাৰুৱা কৰিবৰ বাবে। এই সন্দৰ্ভত তেওঁ আমাৰ সংবাদকৰ্মীক জনায়- এই মাটিমাহ খিনি মই কেৱল সাৰৰ বাবেহে কৰিছো। ফল লাগিলে অৱশ্যে সংগ্ৰহ কৰিম। কিন্তু নালাগিলেও মোৰ কোনো কথা নাই। এই শস্যবিধৰ খেতি কৰিলে মাটি সাৰুৱা হয়। মাটি সাৰুৱা কৰিবৰ বাবেই মই মোৰ এই কৃষিভূমিত মাটিমাহৰ খেতি কৰিছো।
এনেদৰে মাটি সাৰুৱা কৰিবৰ বাবে আমাৰ কৃষকসকলে মাটিমাহ, মগুমাহৰ দৰে শস্যবোৰৰ লগতে বীন, চয়াবিন, বাদাম, মটৰমাহ, মচুৰদাইল আদিৰ খেতি কৰিব পাৰে। আপোনালোকক জনাওঁ যে মাহজাতীয় শস্যৰ শিপাত ৰাইজ’বিয়াৰ নামৰ এবিধ বেক্টেৰিয়াই বাস কৰে। এই ৰাইজ’বিয়া বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনক এমোনিয়ালৈ ৰূপান্তৰিত কৰে, যিটো তাৰ পিছত মাহজাতীয় উদ্ভিদে গ্ৰহণ কৰে আৰু মাহজাতীয় শস্যবোৰ বয়স হৈ যোৱাৰ পাছতে সেই শস্যবোৰৰ থকা ৰাইজবিয়া বেক্টেৰিয়াই পৰৱৰ্তীসময়ত কৰা শস্যবিধৰ সাৰ হিচাপে কাম কৰে।
লগতে পঢ়ক-