সম্প্ৰতি দুই-এখন বিদ্যালয়-মহাবিদ্যালয়ত পাঠ্যক্ৰমৰ সমান্তৰালভাৱে অতিথি শিক্ষকক নিমন্ত্ৰণ কৰি আনি কৃষিৰ গুৰুত্ব সন্দৰ্ভত শিক্ষাদান কৰা দেখা গৈছে। লগতে দেখা গৈছে যে ক্ষেত্ৰ অধ্যয়নৰ বাবেও বহু কৃষকৰ কৃষি ফাৰ্মলৈ ছাত্ৰ-ছাত্ৰীসকলক নিয়াৰ পৰম্পৰা এটা আৰম্ভ হৈছে। ই এটা অত্যন্ত ভাল খবৰ। ইয়াৰ জড়িয়তে কৃষকজন উতসাহিত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও কৃষিৰ বাবে আগ্ৰহী হৈ উঠিব পাৰে। কাৰণ বৰ্তমান বহু ছাত্ৰ-ছাত্ৰীয়ে কৃষিক কেৰিয়াৰ হিচাপে লৈয়ো যে সফলতা লাভ কৰিব পাৰে। বিগত বৰ্ষটোত অসম গৌৰৱ, অসম সৌৰভ লাভ কৰা কৃষকসকলেই ইয়াৰ প্ৰমাণ। তদুপৰি সম্প্ৰতি কৃষিয়ো সম্প্ৰতি এক গ্লেমাৰলৈ গতি কৰিছে।
ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়-মহাবিদ্যালয় দিনতে প্ৰদান কৰা কৃষি শিক্ষাই ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত দিনত বাট দেখুৱাব পাব পাৰে। বৰ্তমান সময়ত এটা চাকৰি বাবে ১০০ জন প্ৰাৰ্থী। মেধাবী ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিলে চাকৰি। এটা ক্লাচৰ ১০০জন ছাত্ৰই কেতিয়াও চৰকাৰী লাভ নকৰে। তদুপৰি বৰ্তমান সময়ত অধিকাংশ লৰা-ছোৱালীয়েই শিক্ষিত। গতিকে চাকৰি সকলোৱে লাভ কৰাতো সম্ভৱ নহয়। গতিকে ইয়াৰ একাংশটো কৃষিখণ্ডলৈ আহিবই লাগিব। নহ’লে কৃষিখণ্ডটো চম্ভালিব কোনে! যদি নাহে খাদ্যসামগ্ৰী আহিব ক’ৰ পৰা। মানুহে প্লাষ্টিকটো খাইতো জীয়াই থাকিব নোৱাৰে। এই একাংশটোৰ কাৰণেই বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব অপৰিসীম।
এসময়ত বিদ্যালয়-মহাবিদ্যালয়ত কৃষিখণ্ডটোক কেৰাকৈ চোৱাৰ বাবেই কৃষিক্ষেত্ৰলৈ শিক্ষিত লোকসকলে এক দূৰত্ব বজাই ৰাখিছিল। ফলত কৃষিক্ষেত্ৰখন কেৱল নিৰক্ষৰ মানুহখিনিৰ হাতলৈ গুছি গৈছিল। ফলত অসমীয়া মানুহ খাদ্যসামগ্ৰীৰ বাবে বহি:ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। আৰু বৰ্তমানেও তাৰ প্ৰভাৱৰ পৰা অসমীয়া মানুহ মুক্ত হ’ব পৰা নাই। কিন্তু বৰ্তমান বহুলোকে চৰকাৰি চাকৰি এৰি কৃষিত মনোনিৱেশ কৰাৰ পৰিলক্ষিত হৈছে। আৰু ইয়াৰ বহুতো উদাহৰণো আছে। শিক্ষিত লোকসকল কৃষিত ভুমুকি মৰাৰ লগে লগে অসমৰ কৃষিক্ষেত্ৰলৈ সম্প্ৰতি এক নতুনত্ব আহিছে।
লগতে পঢ়ক-
Farmers Avoid These Mistakes : সাধাৰণতে আমাৰ কৃষকসকলে সততে কৰা কেইটামান ভুল
শিক্ষিত লোকসকল কৃষিত মনোনিৱেশ কৰাৰ লগে লগে বিদ্যালয়-মহাবিদ্যালয়তো কৃষি শিক্ষাৰ প্ৰাসংগিকতা আহি পৰিছে। কাৰণ এতিয়া শিক্ষিত মানেই চাকৰিয়েই কৰিব বা চাকৰি পাবই তেনেকুৱা কোনো কথা নাই। কাৰণ আজিৰ ছাত্ৰজন বা ছাত্ৰীগৰাকী কাইলৈ গৈ এজন কৃষকো হ’ব পাৰে! গতিকে স্কুল-কলেজত কোনোদিন কৃষি শিক্ষা নোপোৱাকৈ ২৬ বছৰ বয়সত হঠাতে কিদৰে কৃষিত মনোনিৱেশ কৰিব ছাত্ৰ বা ছাত্ৰীগৰাকী। শিক্ষাৰ লগত যিদৰে ক্ৰীড়াক এক অংশ হিচাপে গ্ৰহণ কৰা হয়। একেদৰে বৰ্তমান সময়ত কৃষিকেন্দিক শিক্ষাকো শিক্ষাৰ এক অংশ হিচাপে লোৱাৰ প্ৰাসংগিকতা আহি পৰিছে। কিন্তু বহুতে ক’ব পাৰে অসমৰ ছাত্ৰ-ছাত্ৰীক কৃষি শিক্ষা অতিৰিক্তভাৱে দিয়াৰ কোনো প্ৰয়োজন নাই ঘৰত পায়েই। কিন্তু অসমৰ অধিকাংশ গ্ৰাম্য কৃষকেই পুৰণিকলীয়া আৰু পৰম্পৰাগত কৃষি পদ্ধতিৰে খেতি কৰে। কিন্তু এই পুৰণিকলীয়া আৰু পৰম্পৰাগত কৃষিৰ ঠাইত নতুন আৰু বিজ্ঞানসন্মত কৃষিৰ শিক্ষাৰহে প্ৰয়োজন ছাত্ৰ-ছাত্ৰীক।
লগতে পঢ়ক-