আমাৰ সকলোৰে পৰিচিত শিলিখাৰ যিমান গুণ আছে, সিমান নামো আছে। অঞ্চলভেদে বিভিন্ন নামেৰে শিলিখাক জনা যায়। যেনে-
হিন্দীত- হড়ৰ, হড়
গুজৰাটীত- হৰতলে
মাৰাঠীত- হৰীড়
পাঞ্জাৱীত- হৰীড়
তেলেগুত- হৰীতকী
বাঙালীত- হৰতকী
ইংৰাজীত শিলিখাক Myrobalan বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম- Terminalia chebula
সংস্কৃতত ইয়াৰ গুণ অনুসৰি ১২ টাতকৈ অধিক নামেৰে জনা যায় আৰু প্ৰত্যেকটো নামেৰে একোটা বিশিষ্ট গুণৰ বিষয়ে জানিব পাৰি। যেনে- অমৃতা, অৰ্থাৎ এই ফলে মৃত্যু দূৰ কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হোৱাত সহায় কৰে।
শিলিখাৰ গছ সাধাৰণতে বৰ বেছি ওখ নহয়। কিন্তু অসম, পশ্চিমবংগ আৰু ম্যানমাৰ আদিব ঠাইত ইয়াৰ বৃহৎ আকাৰৰ গছ হোৱা দেখা পোৱা যায়। শিলিখাৰ গছ সাধাৰণতে দীৰ্ঘকাল ধৰি জীয়াই নাথাকে। বসন্ত কালৰ আগমনৰ লগে লগে ইয়াৰ পুৰণা পাতবোৰ সৰি নতুন পাত ওলায়। ইয়াৰ পাত অণ্ডাকৃতিৰ আৰু তিনিৰ পৰা আঠ ইঞ্চি পৰ্যন্ত দীঘল হয়। ইয়াৰ ফুল পাতল, নীলা-বগা ৰঙৰ, ক্ষুদ্ৰাকৃতিৰ আৰু আমৰ ফুলতকৈ সৰু থোপা হৈ ফুলে। ফুল দুৰ্গন্ধযুক্ত। নৱেম্বৰ-জানুৱাৰী মাহত ফল ধৰে। কেঁচা অৱস্থাতে ইয়াৰ ফল সৰি যায়। হিমালয়ৰ পাৰ্শ্বৱৰ্তী পাৰ্বত্য অঞ্চলত শিলিখাৰ এনে কিছুমান প্ৰজাতিৰ গছ পোৱা যায়, যিবিলাকত চাৰি ইঞ্চি পৰ্যন্ত দীঘল আৰু পঞ্চাছ গ্ৰামৰো অধিক ওজনৰ শিলিখাৰ ফল লাগে। শিলিখাৰ ফল যিমানে ডাঙৰ হয়, সিমানেই ইয়াৰ গুণ বৃদ্ধি পায় আৰু বজাৰতো এনে বৃহৎ আকাৰৰ শিলিখা অধিক দামত বিক্ৰী হয়। দিল্লী আৰু অমৃতসৰত এনে একোটা বৃহৎ আকাৰৰ শিলিখাৰ দাম ডেৰ-দুশ টকা পৰ্যন্ত হয়।
আয়ুৰ্বেদ শাস্ত্ৰত শিলিখা সাত প্ৰকাৰৰ বুলি কোৱা হৈছে। এইকেইটা হ’ল ক্ৰমে- বিজয়া, ৰোহিনী, পুতনা, অমৃতা, অভেষ, জীৱন্তী আৰু চুতনী।
বিজয়া: প্ৰায় গোলাকাৰ এইবিধ শিলিখা মঙহাল অৰ্থাৎ ইয়াৰ শাহ যথেষ্ট ডাঠ। বিন্ধ্য পাৰ্বত্য অঞ্চলত এইবিধ শিলিখা পোৱা যায়। এইবিধ শিলিখা সকলো প্ৰকাৰৰ ৰোগত ব্যৱহাৰ কৰিব পাৰি।
ৰোহিনী: বজাৰত সাধাৰণতে কিনিবলৈ পোৱা হালধীয়া ৰঙৰ শিলিখাবিধক ৰোহিনী জাতৰ বুলি কোৱা হয়। এইবিধ শিলিখাৰ আকাৰো প্ৰায় গোলাকাৰ। এইবিধ শিলিখা সিন্ধু নদীৰ পাৰত পোৱা যায়। এইবিধ শিলিখাৰ শাহ পানীৰ সৈতে বটি লগালে যিকোনো ধৰণৰ ঘা সোনকালে শুকায়।
পুতনা: ক্ষুদ্ৰ আকাৰৰ গুটিযুক্ত মঙহাল শিলিখাবিধক পুতনা বুলি কোৱা হয়। এইবিধ শিলিখা হিমালয়ৰ পাদদেশত পোৱা যায়। এইবিধ শিলিখা প্ৰায় সকলো ৰোগতে ঔষধৰূপে খোৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু বিশেষভাৱে যিকোনো চৰ্মৰোগত পানীৰ লগত বটি লেপ হিচাপে ব্যৱহাৰ কৰা হয়।
অমৃতা: এই জাতৰ শিলিখাৰ শাহ যথেষ্ট ডাঠ। ইয়াৰ গুটি সৰু। কোষ্ঠকাঠিন্য দূৰ কৰাত এইবিধ শিলিখা যথেষ্ট ফলপ্ৰসূ।
অভেয়: এইবিধ শিলিখা পাঁচ সিৰযুক্ত কিন্তু ইয়াৰ শাহ পাতল। চকুৰ ৰোগত ইয়াক গোলাপজল বা পৰিষ্কাৰ পানীৰ লগত ঘঁহি ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।
জীৱন্তী: এইবিধ শিলিখাৰ ৰং উজ্জ্বল হালধীয়া। এইবিধ শিলিখা গুজৰাট ৰাজ্যত উৎপন্ন হয়। সকলো প্ৰকাৰৰ ৰোগ নিৰাময়ত এইবিধ শিলিখা ব্যৱহাৰ হয়।
চেতকী: এইবিধ শিলিখা তিনিসিৰীয়া। ৰং অনুসৰি এইবিধ শিলিখা ক’লা আৰু বগা দুই প্ৰকাৰৰ হয়। বগা ৰঙৰ চেতকী শিলিখা প্ৰায় তিনি ইঞ্চি পৰ্যন্ত দীঘল হয়। ইয়াৰ ক’লা জাতৰ ফলৰ আকাৰ চুটি। দৈৰ্ঘ মাত্ৰ আধা ইঞ্চিমানহে হয়। এইবিধ শিলিখা হিমালয় অঞ্চলত পোৱা যায়। এইবিলাকৰ উপৰি আয়ুৰ্বেদ শাস্ত্ৰত আন এবিধ শিলিখাৰ বৰ্ণনা পোৱা যায়- যিবিলাক শিলিখা টানকৈ মুঠি মাৰি ধৰি থাকিলেই পায়খানা হয়।
(তথ্য- বিকাশপিডিয়া)
লগতে পঢ়কঃ মনত পৰেনে আঘোণ আহিলেই চেঁচোৰ বিচাৰি ফুৰা সেই দিনবোৰ...
Share your comments