1. স্বাস্হ্য আৰু জীৱন

Common Leucas : দ্ৰোণ শাক আমি কিয় খাব লাগে ?

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Common Leucas
Common Leucas

খেতিপথাৰ বা বাগিচাত হোৱা অবাঞ্চিত বা ক্ষতিকাৰক লতা-বনক ইংৰাজীত Weed (অপতৃণ) বোলে। জিলমিল শাকৰ দৰে দ্ৰোণো একে শ্ৰেণীতে পৰে৷ দ্ৰোণৰ বিষয়ে অভিধানত লিখিছে – ‘ দ্ৰোণ এবিধ সৰু বনৌষধি উদ্ভিদ ৷ ইয়াত সৰু সৰু ফুল ফুলে৷ মানুহে পেটৰ অসুখত ইয়াক পাতত দি পিটিকি খায় ৷ ই হজমী শক্তি আৰু ভোক বঢ়ায়’ ৷ ইয়াৰ ওপৰিও আন বহুতবোৰ গুণ থকা সত্বেও আমাৰ মানুহৰ নিয়মীয়া খাদ্ৰ্যৰ তালিকাত ই আজিও প্ৰায় এলাগী হৈ আছে বুলিলে অত্যুক্তি কৰা নহ’ব ৷ মই বিশ্বাস কৰোঁ ইয়াৰ উপকাৰিতাৰ তালিকাত চকু ফুৰালে আপুনি দ্ৰোণ শাকৰ বিষয়ে নিজৰ দৃষ্টিভংগী সলনি কৰিবলৈ বাধ্য হ’ব ৷ ভাৰতবৰ্ষত দ্ৰোণ বেচিকৈ উপলব্ধ হোৱা অঞ্চলসমূহ হ'ল- উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, পশ্চিম বংগ, কৰ্ণাটক,মহাৰাষ্ট্ৰ, কেৰালা আৰু তামিলনাডু৷ বিশ্বৰ আন আন দ্ৰোণ পোৱা দেশসমূহ হ'ল - বাংলাদেশ, নেপাল, শ্ৰীলংকা,ফিলিপাইনচ্, চীন, মালেয়চিয়া আৰু ইণ্ডোনেচিয়া ৷ পাঠকসকলে জানি হয়তো আচৰিত হ’ব আয়ুৰ্বেদিক ক্ষেত্ৰৰ ওপৰিও অসম মেডিকেল কলেজকে ধৰি ভাৰতবৰ্ষৰ কেইবাখনো মেডিকেল কলেজৰ ভেষজ বিভাগৰ পৰা প্ৰকাশিত ভালে সংখ্যক গবেষণা পত্ৰত এই বনৌষধি দ্ৰোণৰ ওপৰত লিখা অনেক প্ৰৱন্ধৰাজি সময়ে সময়ে প্ৰকাশিত হৈ আহিছে ৷ গতিকে মোৰ এই প্ৰৱন্ধত সত্যৰ বাহিৰে একো অনুমানিক তথ্য ডাঙি ধৰা হোৱা নাই ৷

দ্ৰোণৰ ব'টানিকেল নাম হ'ল – Leucas aspera ৷ ইংৰাজীত Common Leucas বোলে ৷ আন আন ভাষাত ইয়াৰ নাম এনে ধৰণৰ: দৰোণ ফুল আৰু ঘাল ঘাচ (বাংলা), ভুটামাৰি (ওৰিয়া), মায়ংলাম্বুম (মণিপুৰী), তাম্বা (মাৰাঠী), থুম্বাই (তামিল), তুম্বা (মলয়ালম), তুম্মাচেট্টু (তেলেগু), তুম্বে গুডা (কানাড়া), তুম্ব (কোংকনী), গুলডৰা (পঞ্জাবী), কুলণফুল (গুজৰাটী), কুব' (সিন্ধী), তুম্বা (মুম্বাইত প্ৰচলিত নাম), দ্ৰোণপুষ্পী (সংস্কৃত) আৰু হিন্দীত ছোটা হল্কুচা নাইবা গোফা ৷ চীনা ভাষাত ইয়াৰ নাম হ'ল ফেং চাও কাৱ ৷ আমাৰ অসমতেই দ্ৰোণক অঞ্চল বিশেষে দোৰোণ, দোলবন, দৰুণ বুলিও কয় ৷ ৰাভাসকলে ঢুম্কু বুলি কয় আৰু গোৱালপৰীয়া ভাষাত ইয়াৰ নাম কানসিকা ৷ গছৰ বৰ্ণনা - চাৰিকোণীয়া মূল গছত কেইবাটিও ডাল থকাৰ ফলত জোপোহা যেন দেখায় ৷ উচ্চতা ১৫ৰ পৰা ৬০চেন্টিমিটাৰ পৰ্য্যন্ত হয় ৷ পাতৰ ৰঙ ডাঠ সেউজীয়া বৰণৰ ৷ উভয়লিংগী ফুলৰ বৰণ বগা ৷ জুলাইৰ পৰা অক্টোবৰ মাহ হ'ল ফুল ফুলাৰ সময় ৷ আঢ়ৈ মিলিমিটাৰ চাইজৰ ফলত মিহি দীঘলীয়া মূগা বৰণৰ গুটি থাকে ৷ তলসৰা সেই গুটিৰ পৰাই নতুন গছ গজে ৷ গোটেই গছজোপাৰ পৰা এটি মৃদু সুগন্ধ আহি থাকে ৷ গতিকে কোনো কোনো খাদ্যত প্ৰাকৃতিক সুবাস দিবলৈ দ্ৰোণৰ প্ৰযোগ কৰা হয় ৷ আমাৰ দেশত ধান খেতি আৰু সূৰ্যমুখী ফুলৰ খেতিৰ মাজত প্ৰায়ে দ্ৰোণ গছ নিজে নিজে গজি উঠা দেখা যায় ৷ দ্ৰোণগছে সাধাৰণতে শুকান বালিময় মাটিত লহপহকৈ বাঢ়িবলৈ ভাল পায় ৷ আজিকালি কোনো কোনো লোকে ইয়াক টাবটো লগায় ৷ গছবিধৰ উপকাৰিতাৰ হেতু পেকেটত দ্ৰোণৰ গুটি কোনো কোনো ঠাইৰ চুপাৰ মাৰ্কেটত আৰু অনলাইন বিপণীযোগে বিক্ৰী হয় বুলিও জনা যায় ৷

লগতে পঢ়ক- 

৯ মাহৰ যুদ্ধত কিমান সেনা হেৰুৱালে ইউক্ৰেইন আৰু ৰাছিয়াই

দ্ৰোণ শাক
দ্ৰোণ শাক

দ্ৰোণ শাক কেনেকৈ খায় ?

দ্ৰোণ শাকৰ স্বাদ সামান্য তিতিকি ৷ বহুলোকে ইয়াক বয়ল কৰি পিতিকি খায় ৷ তিতা ভাৱ কমাবলৈ সিদ্ধ আলু কিছুমান লোকে মিলাই লয় ৷ স্বাদ বঢ়াবলৈ লগত পিয়াঁজ,জলকীয়া আৰু মিঠাতেল দিয়ে ৷ কুমলীয়া পাত আৰু ফুল মিহিকৈ কূটি ভাজিও খাব পাৰি ৷ এজন পাঠকে জনোৱামতে দ্ৰোণ শাকৰ লগত মগু দাইল একেলগে ভাজি অলপ খাৰ দিলে তিতা কমে আৰু খাবলৈ বেচ ৰুচিকৰ হয়। মগু দাইলৰ সলনি ভাত কেইটামান দি অকনমান খাৰ দিলেও ভালেই লাগে। দ্ৰোণ শাক উতলোৱা পানী ভাত,পোলাৱ বা বিৰিয়ানিত দিলে প্ৰাকৃতিক সুবাস এটা পাব ৷  সৰু ল'ৰা ছোৱালীয়ে লগৰীয়াৰ সৈতে পথাৰত গজা দোৰোণৰ মৌ চুপি খায় ।

দেখাত সাধাৰণ যেন লগা এই বনৌষধি গছৰ বহুমুখী উপকাৰিতাসমূহলৈ এতিয়া লক্ষ্য কৰক : -

  • অতি প্ৰাচীনকালৰ পৰাই আমাৰ দেশত দ্ৰোণৰ শিপা, ডাল,পাত,ফুল প্ৰতিটো অংশই নানাবিধ অসুখৰ ঘৰুৱা চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷ দ্ৰোণৰ বিষয়ে আটাইতকৈ দৰকাৰী কথাটো হ'ল যে কোনো পাৰ্শ্বক্ৰিয়া নথকাৰ ফলত শিশুৰ পৰা বৃদ্ধলৈ সকলো বয়সৰ লোকে নিৰ্ভয়ে দ্ৰোণ সেৱন কৰিব পাৰে ৷ উচ্চ ৰক্তচাপত ভোগাসকলৰ বাবেও ই ক্ষতিকাৰক নহয় ৷
  • থুলমুলকৈ দ্ৰোণৰ বিশিষ্ট গুণসমূহ হ'ল - বিষহাৰক,জ্বৰ-নাশক, এন্টিফাংগেল, এন্টিবেক্টৰিয়েল, এন্টিঅক্সিডেন্ট, ৰোগ প্ৰতিৰোধক, কৃমিনাশক, লিভাৰৰ উপযোগী, কাহ প্ৰতিকাৰক আৰু ডায়বেটিজৰ উপযোগী গুণসম্পন্ন ৷ এতিয়া আগত কিছু এই বিষয়ে বহলাই আলোচনা কৰিম ৷
  • বিষ নিবাৰণৰ দৰবৰ নিচিনাকৈ দ্ৰোণ শাকে প্ৰষ্টাগ্লেণ্ডিনৰ ক্ৰিয়া ৰোধ কৰি শৰীৰৰ যি কোনো বিষ কমোৱাত সহায় কৰে ৷ পিচা ৰস খোৱালে জ্বৰ,মূৰৰ বিষ আৰু কাহৰ উপশম ঘটে ৷ কেঁচুৱাৰ কাহ হলে কেইপাহমান ফুল পিচিলৈ মৌজোলৰ সৈতে খুৱালে আৰোগ্য হয় ৷
  • দ্ৰোণ হাপানীৰ অসুখত মহৌষধৰ দৰে ৷ শ্বাস-প্ৰশ্বাসৰ যি কোনো অসুখত দ্ৰোণ মিহলোৱা উতলা পানীৰ ভাঁপ লব পাৰে ৷ চাইনাচৰ চিকিৎসাত নাকত কেইটোপাল মান ৰস ঢালি চিকিৎসা কৰা হয় ৷ নাকৰ তেজ ওলোৱা বন্ধ কৰিবলৈ দ্ৰোণৰ ৰস দুই এটোপাল দিলেই সুফল পোৱা যায় ৷
  • নিয়মীয়াকৈ দ্ৰোণ শাক খালে শৰীৰৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ৷ নানান জটিল ৰোগৰ চিকিৎসাত স্বাস্থ্য ভংগ হোৱা লোকক দ্ৰোণ শাক খুৱালে শৰীৰৰ অৱনতি ৰোধ হয় ৷ এলাবলিক গুণসমৃদ্ধ হোৱা হেতুকে শৰীৰৰ ওজন বঢ়াত সহায়ক হয় ৷
  • ডায়েবেটিজ ৰোগ নিয়ন্ত্ৰণত দ্ৰোণ অতি উপকাৰী ৷ নিয়মীয়াকৈ দ্ৰোণ সেৱন কৰিলে ফাষ্টিং ব্লাড চুগাৰ কমা পৰিলক্ষিত হয় ৷ ইয়াৰ ক্ৰিয়াক ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত ৰিজাব পাৰি ৷
  • লিভাৰৰ উপযোগী বাবে ফেটি লিভাৰৰ চিকিৎসাত ফলপ্ৰসু ৷ দ্ৰোণ শাকে আভোক আতৰায় ৷
  • কৃমি ৰোগৰ চিকিৎসা - দ্ৰোণৰ ৰস দুই এচামুচ মৌজোলৰ সৈতে মিহলাই দিনে দুবাৰকৈ ৪৷ ৫দিন খোৱাব ৷ এনেদৰে খালে পেটৰ বিষ আৰু শৌচ-কচাও আঁতৰ হয় ৷
  • জীৱাণুনাশৰ গুণৰ হেতুকে দ্ৰোণ শাকক টাইফয়েড, কলেৰা আৰু ই-কলাইৰ চিকিৎসাটো ব্যৱহাৰ কৰা হয় ৷ দ্ৰোণৰ মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও দেখা গৈছে ৷
  • পাকস্থলীৰ আলচাৰৰ উপশম ঘটায় ৷ শৌচ কচা নিৰাময় কৰে ৷ মাজে মাজে কুমলীয়া পাত ভাজি খালেও উপকৃত হব ৷
  • পোক পতংগ, বৃশ্চিকে কামোৰা,সৰ্প দংশনত দ্ৰোণ শাক থেতালি লগোৱাৰ ওপৰিও খাবলৈ বা নাকত ৰস ঢালি চিকিৎসা কৰা হয় ৷
  • লিম্ফ'মা জাতীয় টিউমাৰৰ বৃদ্ধি ৰোধ কৰে ৷
  • ৰিউমেটিজম বা বাত ৰোগৰ চিকিৎসাত দ্ৰোণ অতি সহায়কাৰী ৷
  • একজিমা, স্কেবিজ, চ'ৰিয়াচজাতীয় জটিল দীঘলীয়া চৰ্মৰোগত দ্ৰোণৰ লেপ বহুতৰ ক্ষেত্ৰত ফলপ্ৰসু পোৱা গৈছে ৷ কটা ঘা, জুইয়ে পোৰা, খুন্দা খাই দুখ পোৱা বা ফুলি উঠাৰ চিকিৎসাত উপযোগী ৷
  • এন্টিঅক্সিডেন্ট গুণৰ যোগেদি কিডনিক দ্ৰোণ শাকে সুৰক্ষা প্ৰদান কৰে ৷
  • শেহতীয়াকৈ পৰীক্ষাগাৰত দেখা গৈছে যে পাৰকিনচ’নিজম ৰোগৰ লক্ষণ যেনে মাংসপেশীৰ জঠৰতা হোৱা, সন্তুলন হেৰোৱা, কঁপনিহৈ থকা আদি লক্ষণ দ্ৰোণত থকা তত্বই কমাব পাৰে ৷
  • মৌৰ সৈতে দ্ৰোণৰ ৰস গ'নৰিয়া, ধাতু দূৰ্বলতা, প্ৰসাবৰ বিকাৰৰ চিকিৎসাত প্ৰয়োগ কৰা হয় ৷
  • অনিয়মীয়া মাহেকীয়া, মাহেকীয়াৰ বিষ (ডিচমেনৰিয়া) এই দুটাৰ বাবে দ্ৰোণ বৰ উপকাৰী | মাহেকীয়া হৈ থকা সময়ত দ্ৰোণশাক খালে ৰক্তস্ৰাব বেচি হব পাৰে ৷
  • দাঁতৰ বিষ উপশম ঘটাবলৈ দ্ৰোণ গছৰ শিপা লগাবলৈ বা দাতুনৰ দৰে ব্যৱহাৰ কৰিবলৈ দিয়া হয় ৷

লেখক-

ডা০ ভূপেন শইকীয়া, ডোহা,কাটাৰ

ই মেইল : drbksaikia@gmail.com

ৱাটচএপ আৰু ম'বাইল +974 33738722

লগতে পঢ়ক- 

Back Pain: কঁকাল বিষৰ বাবে ভাল চিকিৎসা

English Summary: Benefit of the Common Leucas

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.