1. উদ্য়ানশস্য়

Silk farming- এৰী খোলা আৰু লেটা উৎপাদনৰ অৰ্থনৈতিক লাভালাভ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
লেটাৰ ব্যৱসায়িক দিশসমূহ
লেটাৰ ব্যৱসায়িক দিশসমূহ

উত্তৰ  পূৰ্বাঞ্চলত  এৰী  লেটা  এটা  জনপ্ৰিয়  খাদ্য । খাদ্য গুণাগুণ অনুসৰি এৰী লেটা এটা উচ্চস্তৰৰ পুষ্টিকৰ খাদ্য। প্ৰোটিন,  ভিটামিন আদি এৰী লেটাত প্ৰচুৰ পৰিমাণে পোৱা যায়।‌ পাৰ্বত্য অঞ্চল আৰু জনজাতীয় লোকসকলে এৰী লেটা সম্পূৰ্ণ পৈণত হোৱাৰ আগতেই ভক্ষণ কৰে,  কিন্তু ‌ভৈয়ামৰ লোকসকলে পৈণত লেটা খাবলৈ ভাল পায় । এইবোৰ কাৰণেই এৰী লেটাই মূখ্য উৎপাদনৰ স্থান দখল কৰিছে আৰু  অধিক অৰ্থ উপাৰ্জনত (প্ৰায় ৭৫ শতাংশ) অৰিহণা যোগায় ।

উদাহৰণস্বৰূপে মাত্ৰ ১০০ জনী চকৰীৰ কণী পালন কৰি প্ৰায় ৫০ কিলোগ্ৰাম লেটা উৎপাদন কৰি ২০ হাজাৰ লৈকে উপাৰ্জন কৰিব পৰা যায় । এইক্ষেত্ৰত ১০ কিলোগ্ৰাম খোলাৰ পৰা মাত্ৰ  আঠহাজাৰ টকালৈকে পাব পাৰি ।‌ ২০-২৫ দিনৰ ভিতৰত এই সকলো কাম সম্পূৰ্ণ কৰিব পাৰি। কৃষি ক্ষেত্ৰত অতি কম সময়ত ফল লাভ কৰা কৃষি বুলি আখ্যা দিব পাৰি।‌এৰী পলু পালন কৰিবলৈ যাৱতীয় সঁচ ৰেচম বিভাগ, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ পৰা পাব পাৰি।

লগতে পঢ়ক- 

শিৱসাগৰত কৃষিৰ সৈতে গ্ৰাম্য পৰ্যটনৰ বিশাল সম্ভাৱনাক সংযোগ কৃষক মনোজ কোঁৱৰৰ

খাদ্য বৃক্ষ এৰা অথবা কেচেৰু স্থানীয় ভাবে উপলব্ধ। এৰা গছৰ খেতি কৰি তিনিমাহৰ পাচৰ পৰা পাত পাব পাৰি। বহুবৰ্ষী কেচেৰু, বৰপাত গছ পূৰ্ণাঙ্গ বৃদ্ধি পাই পাত সংগ্ৰহ কৰিবলৈ ৩-৪ বছৰ অপেক্ষা কৰিব লগা হয় । উত্তৰ পূৰ্বাঞ্চলত বহুত মানুহে মাত্ৰ এৰী লেটা খোৱাৰ কাৰণেই এৰী পলু পোহে । এৰী খোলা উৎপাদন এখেতসকলৰ বাবে গৌণ কাৰ্য । উচ্চ  ৰক্তচাপ  তথা  শৰ্কৰাজনীত  ৰোগত  আক্ৰান্ত  ৰোগীয়েও এৰী লেটা ভক্ষণ কৰিব পাৰে বুলি উল্লেখ আছে ।

এৰী  লেটা  কুকুৰা,  গাহৰী,  মাছ আদিৰো উত্তম খাদ্য হিচাবে ব্যৱহাৰ কৰিব পাৰি । বিভিন্ন ধৰণৰ আচাৰ আদি এৰী লেটাৰ পৰা প্ৰস্তুত কৰা হয় । এৰী লেটা শুকুৱাই সঞ্চয় কৰি ৰাখিব পৰাৰ সম্ভাৱনীয়তা আছে । ইয়াক পাউদাৰ বনাই খাব পৰা যায়। তদুপৰি ‌মুৰ্গী আদি মাংসৰ দৰে মা-মছলা, জলকীয়া, পিয়াজ আদি মিহলাই উপাদেয় খাদ্য প্ৰস্তুত কৰিব পাৰি । উদ্যমী যুৱক যুৱতীয়ে চাকৰিমুখী প্ৰৱণতা ত্যাগ কৰি‌ এৰী লেটাৰ যোগেদি স্বনিৰ্ভৰশীল হ'ব পাৰে ।

✍️Dr Mridul Chandra Sarmah, Retired Scientist, Central Silk Board

লগতে পঢ়ক- 

Silk tourism : পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা

English Summary: Potential of silk sector

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.