পাতত দিয়া হৈছে, অসমৰ এক বিশেষ ৰন্ধনশৈলী। কলপাত, তৰাপাত, আদা, হালধী ইত্যাদিৰ পাতত দি ৰন্ধা বিভিন্ন ব্যঞ্জন কেৱল সুস্বাদুয়েই নহয়, আছে বহু ঔষধী গুণ। অসমত পৰম্পৰাগতভাৱে কলপাত কাটি জুইত লেৰেলাই লৈ মাছ বা শাক-পাচলি আদি মেৰিয়াই তপত ফুটছাই আৰু আঙঠাৰ তলত দি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। আধুনিক কালত তাৱা বা কেৰাহীত খোলাত দিও পাতত দিয়া খাদ্য ৰন্ধা হয়। ইয়াৰ লগতে কলপাতেৰে বান্ধি কল আৰু চাউলৰ পাতপিঠাও প্ৰস্তুত কৰা হয়।
তৰা পাত, হালধি পাত আদিত দিয়া পিঠা পনা আৰু অন্যান্য ব্যঞ্জন অসমীয়াৰ আবেগ। অসমীয়া পৰম্পৰাগত পিঠা পনা প্ৰস্তুত কৰা পদ্ধতি সমূহ সম্পূৰ্ণ বিজ্ঞান সন্মত আছিল। তৰা পাত, হালধি পাতত পিঠা পনা তৈয়াৰ কৰি ব্যঞ্জন সমূহৰ ঔষধি গুণাগুণ বৃদ্ধি কৰিছিল। তিল পিঠাৰ তিলৰ গুণাগুণ সকলোৱে জানেই, বিশেষকৈ ছাল চুলিৰ সৌন্দৰ্য বৃদ্ধিত তিলৰ ভূমিকা অপৰিসীম। তেলবিহীন হোৱা বাবে বা ভাপত দি বনোৱা বাবে এইবোৰ পিঠাৰ ব্যঞ্জন স্বাস্থ্যবৰ্ধক। কলপাত বা হালধি পাতত আদা, নহৰু, জালুক, জলকীয়া দি জুইত সেকি ৰন্ধা মাছৰ ব্যঞ্জনে বহু ৰোগৰ প্ৰতিষেধক হিচাবে কাম কৰে।
মিচিং লোকসকলে কলপাতৰ সলনি তৰাগছৰ পাতেৰে মেৰিয়াইয়ো পাতত দিয়া খাদ্য প্ৰস্তুত কৰে। পাতত দিয়া খাদ্য আমিষ বা নিৰামিষ দুয়োপ্ৰকাৰৰ হ'ব পাৰে। ভাৰতৰ অন্যান্য প্ৰান্ত বা এছিয়া আৰু অন্য মহাদেশৰ বিভিন্ন অঞ্চলত কলপাতেৰে মাছ বা মাংস মেৰিয়াই ভাপত দি সিজোৱা হয়।
ইয়াৰ পৰিৱৰ্তে অসমত সাধাৰণতে ভাপত দিয়াৰ সলনি কলপাতৰ টোপোলা বান্ধি জুইত পুৰি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। কলপাতেৰে তৈয়াৰ কৰা টোপোলা এটাই আৰ্দ্ৰতা ধৰি ৰাখে আৰু ব্যঞ্জনত ভিন্ন সোৱাদ প্ৰদান কৰে। কলপাতে খাদ্যবস্তুত সুগন্ধিৰে ভৰাই তোলে।অসম আৰু পশ্বিমবংগত পাতত দিয়া মাছৰ ব্যঞ্জন বিশেষভাৱে জনপ্ৰিয়।
ঠিক তেনেকৈ দক্ষিণ ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, লাওছ আদি এছিয়াৰ বিভিন্ন ঠাইৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ পাতত দিয়া এক ৰন্ধনশৈলী। পৃথিৱীত কল উৎপন্ন হোৱা ঠাইসমূহৰ লোকসকলে কলপাত ব্যৱহাৰ কৰাৰ উপায় উদ্ভাৱন কৰিছে আৰু সেইমতে নিমখীয়া আৰু মিঠা দুয়োধৰণৰ খাদ্যৰ চাৰিওফালে মেৰিয়াই ৰন্ধাৰ পদ্ধতি অনুসৰণ কৰিছে।
লগতে পঢ়কঃ বাঁহ গাজৰ ব্যঞ্জন ভাল পাই নেকি আপুনি? জানক ইয়াৰ স্বাস্হ্য উপকাৰিতাসমূহ কি কি?