1. খবৰ

ক’ভিডৰ বাবে মন্দিৰসমূহৰ বিহু মেলা বাতিলৰ সিদ্ধান্ত

KJ Staff
KJ Staff
Temples of Assam ban Bihu Mela  due to covid
Temples of Assam ban Bihu Mela due to covid

ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো এটা দিন । ৰাজ্যবাসীয়ে অধিৰ আগ্ৰহেৰে বাট চাই আছে হেপাহৰ বিহুটিক আদৰিবলৈ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে সজাই তোলা হৈছে মেজি । কিন্তু দুখৰ বিষয় এই যে মহামাৰীয়ে এইবেলি ৰাজ্যবাসীক বিহু উদযাপনত বিধি পথালি দিছে । ক’ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপেক্ষিতত সেয়ে ৰাজ্য চৰকাৰে বিহু উদযাপনৰ ক্ষেত্ৰত জাৰী কৰিছে কেইবাটাও ক’ভিড বিধি ।

ৰাজ্য চৰকাৰে জাৰী কৰা ক’ভিড SOP ক সহাৰি জনাই ইতিমধ্যে অসমৰ কেইবাটাও মন্দিৰে মেলা আৰু বিহু সম্পৰ্কীয় অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক তথ্য অনুসৰি গুৱাহাটীৰ বশিষ্ঠ আৰু হাজোৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰ সমূহে তেওঁলোকৰ বিহু সম্পৰ্কীয় অনুষ্ঠানসমূহ বাতিল কৰিছে।

লক্ষণীয়ভাৱে, সাধাৰণতে প্ৰতি বছৰে গুৱাহাটীৰ বশিষ্ঠ মন্দিৰত মাঘ বিহুত ‘মাঘী মেলা’ অনুষ্ঠিত কৰা হয় । আনহাতে, হায়াগ্ৰীৱ মাধৱ মন্দিৰত মাঘ বিহু উৎসৱৰ সময়ত মণিকুট উৎসৱ অনুষ্ঠিত কৰা হয় ।

Bihu Mela
Bihu Mela

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত এটা দিনতে ক’ভিড-১৯ ৰ ঘটনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে 'ত কেৱল কামৰূপ মেট্ৰ'ই যোৱা ২৪ ঘণ্টাত ৭৬০ টা ঘটনা পোহৰলৈ আহিছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM) য়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি সোমবাৰে অসমত ২১৯৮ টা নতুন ক’ভিড-১৯ সংক্ৰমণ পঞ্জীয়ন কৰিছে । লক্ষণীয়ভাৱে ক’ভিড-১৯ত আক্ৰান্ত দুজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সামগ্ৰিকভাৱে ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ৪.৪৯ শতাংশলৈ বৃদ্ধি হৈছে । অৱশ্যে  অসমত আৰোগ্যৰ হাৰ হৈছে ৯৭.৭১ শতাংশ।

লগতে পঢ়কঃ Punjab Election 2022: ১৪ ফেব্ৰুৱাৰীত পঞ্জাৱত নিৰ্বাচন, জানক নিৰ্বাচন সবিশেষ

English Summary: Bihu mela ban in assam due to covid-19

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.