Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 April, 2023 12:38 PM IST

খাদ্য শস্যই হওক বা ব্যৱসায়িক শস্যই( cash crops) হওক, প্ৰায় ৯৫% উদ্ভিদ মুকলি পথাৰত ডাঙৰ দীঘল হয়৷ ক্ৰমাগতভাৱে কিছুমান উচ্চ মূল্যৰ শস্যৰ খেতি কৰাৰ পদ্ধতিৰ উন্নয়ণ ঘটাই অতিপাত শীতৰ পৰা ৰক্ষা কৰি খেতি কৰি আহিছে –তাকেই সেউজগৃহ প্ৰযুক্তি বোলা হয়৷ গতিকে সেঁউজগৃহ প্ৰযুক্তি হৈছে এটি কৌশল যাৰ দ্বাৰা উদ্ভিদক অনুকূল অৱস্থাৰ পৰিবেশ দিয়া হয় আৰু বতাহ, শীত, উত্তাপ, পোক পৰুৱা আৰু বেমাৰ আদিৰ পৰা উদ্ভিদক ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা হয়৷ উদ্ভিদৰ চৌপাশে এক আদৰ্শ সুক্ষ্ম বতৰ সৃষ্টি কৰাটো এক অতি গুৰুত্বপূৰ্ণ কথা৷ এইটো সম্ভৱ হয় সেঁউজগৃহ নিৰ্মাণ কৰি, যত পৰিবেশ সংক্ৰান্তীয় অৱস্থাক এনে ধৰণে শুধৰণি কৰা হয় যে কৃষকে যিকোনো ঠাইত, যিকোনো সময়ত অতি কম শ্ৰমৰ মূল্যত খাপখাই পৰা পৰিবেশ সংক্ৰান্তীয় অৱস্থা প্ৰদান কৰি উদ্ভিদ ডাঙৰ দীঘল কৰিব পাৰে৷

সেঁউজগৃহসমূহ পূৰ্ণমাত্ৰাই পাৰিপাৰ্শ্বিক অৱস্থা নিয়ন্ত্ৰিত তথা সৰ্বাধিক বৃদ্ধি আৰু উৎপাদন পাব পৰাকৈ পোহৰ সোমাব পৰা পদাৰ্থৰে তৈয়াৰ কৰা হয়৷ এক উচ্চ প্ৰযুক্তিৰ সেঁউজগৃহ তৈয়াৰ কৰিবলৈ বহু পৰিমাণে ধনৰ আৱশ্যক হয়; কিন্তু আমি আমাৰ বাবে সস্তীয়া সেঁউজগৃহ তৈয়াৰ কৰি ল’ব পাৰোঁ৷ যাৰ দ্বাৰা বাহিৰৰ বতৰৰ পৰা পৃথকে ৰাখি এক সম্পুৰ্ণ কৃত্ৰিম কৃষি ভূমি তৈয়াৰ কৰিব পাৰি৷ সেঁউজগৃহ খেতি অথবা অন্য ধৰণৰ পৰিবেশ নিয়ন্ত্ৰিত খেতি অনুকূল সুক্ষ্ম বতৰ সৃষ্টিত জড়িত থাকে৷ ই গোটেই বছৰটো বা বছৰটোৰ এছোৱা কাল প্ৰয়োজনমতে শস্য উৎপাদনৰ বাবে সম্ভৱপৰ কৰি তোলে৷ সেঁউজগৃহকে ধৰি বতৰ নিয়ন্ত্ৰিত উদ্ভিদ উৎপাদনৰ আন প্ৰযুক্তিবোৰে আবতৰীয়া শাক পাচলি আৰু ঠাণ্ডা বতৰৰ অঞ্চলত উচ্চ মূল্যৰ খাদ্য উৎপাদন সম্ভৱ কৰিছে৷ উদ্ভিদসমূহ মুখ্যতঃ বতৰীয়া হয়৷ যিসকলে ফলমূল, শাক পাচলি বা ফুল উৎপাদন কৰে তেওঁলোকে বছৰৰ নিৰ্দ্দিষ্ট সময়তহে মাথো সেয়া কৰে৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিবোৰ গজি উঠে৷ উদাহৰণ স্বৰূপে গৰম জলবায়ুৰ বতৰত ফুলবোৰ কেইবা মাহৰলৈকে ফুলি থাকে ; তেনে ফুল কম দিনৰ গ্ৰীষ্মত থাকিলে তাতকৈ কম দিনৰ বাবেহে ফুলি থাকে৷ যিহেতুকে ব্যৱহাৰকাৰীয়ে সেঁউজগৃহৰ জলবায়ু নিয়ন্ত্ৰণ কৰে, জলবায়ু উদ্ভিদৰ প্ৰয়োজন অনুযায়ী খাপখুৱাই লব পাৰি৷  ই শস্য বৃদ্ধি ঋতুৰ দৈৰ্ঘ্যতা পূৰ্ণমাত্ৰা কৰে আৰু বিবিধ শস্য উৎপাদনত সহায় কৰে৷ সেঁউজগৃহৰ ভিতৰত ফুলৰ খেতি কৰিলে ফুলি জকমকাই থাকে৷ সেঁউজগৃহ প্ৰযুক্তিৰ যোগে উৎপাদন লাভৰ নিশ্চয়তা থাকে আৰু কৃষকে সেই উৎপাদিত শস্য বিক্ৰী কৰে নাইবা নিজে ব্যৱহাৰ কৰে৷ প্ৰস্তুত দ্ৰব্য, সেউজগৃহৰ আকৃতি আৰু উপযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি সেঁউজগৃহসমূহক বহুতো শ্ৰেণীত ভাগ কৰিব পাৰি৷

লগতে পঢ়ক- 

Rural business ideas : হাতৰটো এৰি বাটৰটোলৈ আৰু কিমান দিন ৰ'ব

সেউজগৃহত উৎপাদিত শস্যসমূহ :

সেঁউজগৃহত শাক পাচলি জাতীয় শস্য, ফুল ,ঔষধি গছ লতা উৎপাদন কৰিব পাৰি৷ সেঁউজগৃহক নাৰ্চাৰী হিচাপেও ব্যৱহাৰ কৰা হয়৷ টিছু কালচাৰৰ বাবেও সেঁউজগৃহ উপযুক্ত স্থান৷ সেঁউজগৃহত কিছুমান দুষ্প্ৰাপ্য উদ্ভিদ আৰু অৰ্কিডৰ বৃদ্ধি বা উৎপাদন কৰিব পাৰি৷ সেঁউজগৃহ পদ্ধতিৰ খেতিৰ প্ৰতিবন্ধকবোৰৰ ভিতৰত এটা হল এয়ে যে কেৱল পৰাগ সংযোগ নঘটা বিধৰ উদ্ভিদহে ডাঙৰ কৰিব পাৰি , কাৰণ, উদ্ভিদবোৰ পোক পতংগৰ লগত সংসৰ্গ নোহোৱা কৰা হয়৷ ই কিছুমান উচ্চ মূল্যৰ শস্য যেনে বিলাহী, চালাড তিয়ঁহ, চিৰাল, কেপসিকাম আৰু লেচেৰা মাহ যিবোৰৰ সীমিত বজাৰৰ চাহিদা আছে তেনেবোৰৰ উৎপাদনত সেউজগৃহৰ উপযোগীতাক কাৰ্য্যকৰি ভাৱে আৱদ্ধ ৰাখে৷ আন্তৰাষ্ট্ৰীয় ভাৱে গ্ৰীণহাউচত ষ্ট্ৰবেৰীৰ খেতিও জনপ্ৰিয় হৈছে ;কিন্তু ভাৰতত এয়া বহুল ভাৱে কৰা হোৱা নাই৷

থোৰতে সেউজগৃহ প্ৰযুক্তিৰ উপকাৰিতাবোৰ : 

 ১) ৫ ৰ পৰা ১০ গুণলৈ বা তাতকৈও অধিক উৎপাদন বৃদ্ধি৷

 ২) একে ধৰণৰ আৰু উন্নত মানৰ উৎপাদন

৩) শ্ৰম মূল্য হ্ৰাস৷

৪)কম ৰাসায়নিক সাৰৰ প্ৰয়োজন আৰু সেইদৰে সাৰৰ খৰচ হ্ৰাস৷

৫) কম পানীৰ প্ৰয়োজন আৰু সেইদৰে জল সঞ্চয়ত সুবিধা ৷

৬) বেমাৰৰ আক্ৰমণৰ সম্ভাৱনীয়তা কম আৰু সেইদৰে বেমাৰ নিয়ন্ত্ৰনৰ খৰচ হ্ৰাস৷

৭) পানী আৰু সাৰৰ ব্যৱহাৰৰ উচ্চ স্তৰৰ দক্ষতা৷

৮) সমস্যাপূৰ্ণ ভৌগলিক অৱস্থানতো খেতি কৰিব পাৰি৷

৯)সমস্যাপূৰ্ণ অৱস্থাৰ ভূমিতো খেতি কৰিব পাৰি৷

১০)সমস্যাপূৰ্ণ বতৰতো খেতি কৰিব পাৰি৷

১১)সৰ্বাধিক উৎপাদন আৰু সুবিধা লাভ কৰিবলৈ কম ঠাইৰ প্ৰয়োজন৷

১২) সেঁউজগৃহ প্ৰযুক্তি চলাই নিবলৈ, প্ৰতিপাল কৰিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ সহজ৷

১৩) বিবিধ শস্য আৰু সুন্দৰ ফল লাভ কৰিব পাৰি৷

উৎস : লেখাটো প্ৰস্তুত কৰোঁতে যুগল চন্দ্ৰ বৰাৰ 'সেউজ গৃহ প্ৰযুক্তিৰ কৃষি পদ্ধতি' নামৰ লেখাটোৰ সহায় লোৱা হৈছে।

লগতে পঢ়ক- 

Shade net farming কি! শ্বেড নেটে কি কি দিশত লাভান্বিত কৰিব কৃষকসকলক

English Summary: Benefit of The Green House
Published on: 16 April 2023, 12:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now