অসমৰ নিচিনা উন্নয়নশীল অৰ্থনীতিৰ ৰাজ্যত বাঁহ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কাৰণ অসমৰ জলবায়ু বাঁহ খেতিৰ বাবে অতি উপযোগী। তাৰোপৰি ই প্ৰাকৃতিক ভাৰসম্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰে। আমাৰ দেশত প্ৰয়োজন হোৱা ৬০ শতাংশ বাহঁ উত্তৰ-পূৰ্বাঞ্চলে যোগান ধৰে।
অসমীয়া জাতীয় জীৱনৰ এনে এখন ক্ষেত্ৰ নাই যত বাঁহে স্হান পোৱা নাই। ঘৰ-দুৱাৰ, দৈনন্দিন ব্যৱহাৰ্য সা-সজুলি আৰু আচবাব পত্ৰ, ধৰ্মীয় সামাজিক অনুষ্ঠান আনকি খাদ্য সম্ভাৰলৈকে এক বৃহৎ ক্ষেত্ৰ বাহঁ গছে সামৰি লৈছে। বৰ্তমান বিভিন্ন ডিজাইনৰ বাহেৰে সজা ঘৰ বা চাংঘৰ, স্কুল ঘৰ, হোটেল, ধাবা আদি বাঁহেৰে নিৰ্মান কৰা দেখা গৈছে। আনহাতে গৃহ নিৰ্মানৰ বাবে বিভিন্ন সামগ্ৰী খুটা, চতি, বেৰ, মাৰনি, ৰুৱা, কাঠি-কামি, চালি, বৰচাং আদি বাহেৰে সজোৱা হয়। আকৌ অসমীয়া সংকৃতিৰ মুখ্য অংশীদাৰ জাপিটোৰ সামগ্ৰীও বাহঁৰ। কৃষিজীৱি অসমীয়া সমাজৰ কৃষিৰ লগত জড়িত সজুলি, শ’লমাৰি, মৈ, মেটক, কোৰৰ নাল, খোখোৰা, এছাৰি আৰু বৰষুণৰ সংগী জাপিটোলৈকে সকলো বাঁহেৰে তৈয়াৰ কৰা হয়।
বাৰীঘৰৰ চৌপাশৰ বন্ধন বা গৰু ছাগলীৰ পৰা ৰক্ষা পাবলৈ দিয়া জেওৰা, জপনা, নঙলা বাহঁৰ দ্বাৰাই দিয়া হয়। বাৰীৰ লাও কোমোৰো বগাবলৈ দিয়া চাংখন, জিকা-ভোল বগাবলৈ দিয়া জেংকেইডাল বাহঁ গছৰেই অবদান। ইয়াৰ লগতে হালি যোৱা গছপুলিটো খুটি এটা দি পোনাই দিয়া, হাওলি যোৱা কলথোক ভেজা দি পূৰঠ হোৱালৈকে ৰখা, পান গছৰ পৰা পান পৰা মৈটাডাল, ওপৰলৈ উঠি যোৱা জখলাখন, গছৰ ওপৰত থকা ফল মূল পাৰিবলৈ ব্যৱহাৰ কৰা ডালিকীডাল বাঁহেৰেই বনোৱা হয়।
তাৰোপৰি অসমৰ বিভিন্ন উৎসৱত বাহঁৰ ব্যৱহাৰ হয়। আমি সকলোৱে জানো যে বৰপেটাৰ হোলী উৎসৱ বাঁহভঙা অনুষ্ঠানতো অতি জনপ্ৰিয়। মাঘবিহুৰ মেজি, ভেলাঘৰ, মৃত্যু সংক্ৰান্তীয় বিভিন্ন মাংগলিক অনুষ্ঠান আৰু জেং বিহু ইত্যাদিত বাহঁৰ ব্যৱহাৰ কৰা হয়। আনহাতে দৰা আগচিবলৈ পথালিকৈ বাহঁ পেলোৱাটো অসমীয়া পৰম্পৰা। অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্দ অংগ বিহুৰ লগত জড়িত ঢোলৰ মাৰি, বাঁহী, গগনা আদিও বাঁহেৰে তৈয়াৰ কৰা হয়।
লগতে পঢ়ক-বাঁহ গছ আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য
লেখকঃ ড০ নমিতা দেৱী
সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ
পশ্চিম গুৱাহাটী মহাবিদ্যালয়, ধাৰাপুৰ, গুৱাহাটী-১৭