Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 February, 2023 12:56 PM IST
লোকচানৰ সন্মুখীন নহ’বলৈ নতুন কৃষকসকলে মন কৰক এইকেইটা কথা

১) ফাৰ্মত এটা খৰচী ঘৰ নিৰ্মাণ কৰা

আপোনাৰ কৃষি উদ্যোগ আৰম্ভ কৰাৰ সময়ত আড়ম্বৰপূৰ্ণ ঘৰৰ প্ৰয়োজন নাই। ফেচবুকত দেখুৱাবলৈ এনে কৰাতকৈ কৃষিত মনোনিৱেশ কৰাটোহে কৃষকজনৰ প্ৰকৃত কাম।

২) অভিজ্ঞতা অবিহনে ডাঙৰকৈ আৰম্ভ কৰা

সৰুৰে পৰা আৰম্ভ কৰাটো কোনো দুৰ্বলতা নহয় বৰঞ্চ কৌশলহে। সৰুৰে পৰা আৰম্ভ কৰাৰ সুবিধা বহুত বেছি। অভিজ্ঞতা বাঢ়ি গলে লাহে লাহে ডাঙৰ কৰি যাব লাগে। সৰুকৈ আৰম্ভ কৰিলে উতপাদন কৰা সামগ্ৰীৰ বজাৰখনো উমান পাব আপনি। কৃষকৰ বাবে বজাৰখনেই অন্যতম পথ প্ৰদৰ্শক।

৩) বজাৰ অবিহনে উৎপাদন কৰা

বজাৰখন সন্মুখত ৰাখি সদায় কৃষকসকলে কৃষিত মনোনিৱেশ কৰা উচিত। আপুনি উতপাদন কৰা সামগ্ৰী বজাৰত চাহিদা কেনেকুৱা বা আপুনি উতপাদন কৰা সামগ্ৰীটোৱে বজাৰখন দখল কৰিবলৈ সক্ষম হব নে নাই এই কথাটো মন লক্ষ্য কৰিব।

৪) অনুমানৰ ওপৰত কাম কৰা

পৰীক্ষা নকৰাকৈ কৰা অনুমানবোৰে কেতিয়াবা বিপদত পেলাব পাৰে। কেতিয়াও অনুমানৰ ওপৰত নিৰ্ভৰ কৰি খৰচী কাম কৰিব নালাগে। পৰীক্ষামূলকভাৱে কিবা কৰি চাবলৈ কম খৰচেৰে আৰম্ভ কৰিব লাগে।

লগতে পঢ়ক- 

Farmers Avoid These Mistakes : সাধাৰণতে আমাৰ কৃষকসকলে সততে কৰা কেইটামান ভুল

৫) অযোগ্য আৰু ওচৰৰ বা সম্বন্ধীয় লোকক নিযুক্তি দিয়া

অযোগ্য লোকক কেতিয়াও কৃষিকৰ্মত নিযুক্ত কৰিব নালাগে। এজনৰ বাবেই বহু সময়ত আপুনি বৃহত লোকচানৰ সন্মুখীন হব পাৰে। নজনা লোকক শিকাই লওঁক। ভুল কৰিলেও চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰা কাকো কেতিয়াও নিযুক্তি নিদিব! যদিহে জৰুৰী নহয় আত্মীয়ৰ পৰা আঁতৰি থাকক! যিমান পাৰে উপযুক্তজনক নিযুক্তি দিয়ক আৰু তেওঁলোকক বিশ্বাস নকৰিব!

৬) অতি কম সময়সীমা নিৰ্ধাৰণ কৰা

খেতি কৰি কম সময়তে ধনী নহয়। গতিকে কম দিনতে ধনী হোৱাৰ আশা কৰাটো ভুল।

৭) উৎপাদন নোহোৱাকৈ আন্তঃগাঁথনিত বিনিয়োগ কৰা

উতপাদন নোহোৱাকৈ অধিক টকা কৃষি কৰ্মত বিনিয়োগ কৰাটো ভুল। কিন্তু উন্নত জাত, নতুনত্বৰ ওপৰত কৃপানালি নকৰিব।

৮) মনোযোগৰ অভাৱ

সকলোৱে যি কৰি আছে তাক নকল কৰাৰ পৰা আঁতৰি থাকক। নিজে কি কৰিছে তাৰ ওপৰত গুৰুত্ব দিয়ক আৰু আধিপত্য বিস্তাৰ কৰক। প্ৰতিযোগিতা সুস্থ প্ৰতিযোগিতাৰে আগবাঢ়ক।

৯) দূৰৱৰ্তী খেতি

খেতি ফোনেৰে নহয়। খেতি কৰিবলৈ মন বান্ধিলে চহৰৰ জীৱন ত্যাগ কৰিবই লাগিবই। গ্ৰামাঞ্চলত খেতি আৰম্ভ কৰি চহৰৰ পৰা ফোনেৰে খেতিৰ কাম চলালে লোকচানৰ সম্ভাৱনাই অধিক। ফাৰ্মলৈ আহি গাড়ীৰ পৰাই নিজৰ শ্ৰমিকৰ লগত কথা পাতি উভতি নাযাব। কেতিয়াও মদ খাই নাহিব! পাৰিলে কৃষকজনে প্ৰতিদিনে পুৱা-গধুলি নিজৰ কৃষিফাৰ্মৰ চাৰিওফালে খোজকাঢ়ক।

লগতে পঢ়ক- 

TOP AGRI BUSINESS IDEAS : সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

English Summary: Attention : New Farmers Avoid These Works
Published on: 13 February 2023, 11:53 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now