Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 October, 2023 5:08 PM IST
Assam Vs Israel-Palestine war

লেখাটোৰ শিৰোনামাটো দেখি চাগে দুই-এজনৰ প্ৰশ্ন হৈছে ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ লগত অসম নামটো আকৌ কেনেকৈ সাঙুৰ খাব! ইয়াৰ উত্তৰটো শেষলৈ থৈ ইজৰাইল আৰু পেলেষ্টাইনৰ ইতিহাসৰ বিষয়ে অকণমান কৈ লওঁ। বাইবেলত উল্লেখ থকা অনুসৰি ইহুদিসকলৰ জন্মস্থান পেলেস্তাইনৰ জেৰুজুলাম। কিন্তু জেৰুজালেম আছিল মুছলিম শাসিত পেলেস্তাইনত। গতিকে ইহুদিসকলৰ বাবে জেৰুজালেম উদ্ধাৰ কৰাটো সহজ নাছিল। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে জেৰাজুলামৰ আশে-পাশে থকা পেলেস্তানীসকলৰ পৰা মাটি কিনিবলৈ আৰম্ভ কৰিলে ইহুদিসকলে। আৰু বিভিন্ন ঠাইত সিচৰিত হৈ থকা ইহুদিসকলক জেৰুজালেমত বসতি স্থাপন কৰিবলৈ প্ৰবজন ঘটালে জেৰুজালেমৰ ইহুদিসকলে। এই কামবোৰ খুব গোপনে আৰম্ভ কৰিছিল দেখাই দিয়া নাছিল। আৰু ইহুদিসকলে জেৰুজেলামত থকা সকলো ধৰ্মাৱলম্বী লোকৰ লগত শান্তিপূৰ্ণভাৱে বসবাস কৰি এটা দিনলৈ বাট চাই আছিল। অৱশেষত সেই সময় আহে। প্ৰথম বিশ্বযুদ্ধত ব্ৰিটেইন আৰু ফান্সৰ হাতলৈ যায় যায় পেলেস্তাইন। পেলেস্তাইনক কব্জা কৰা সময়ত পেলেইস্তানৰ ইহুদিসকলক তলে তলে ব্ৰিটিছে এইবুলি লোভ দেখুৱাইছিল যে যদিহে তেওঁলোকে ব্ৰিটেইনক সহায় কৰে তেন্তে তেওঁলোকক এখন ইহুদি ৰাষ্ট্ৰ গঠন কৰাত সহায় কৰিব। ইহুদিসকলে তাকেই কৰিছিল। আৰু ব্ৰিটেইন আৰু ফান্সে পেলেস্তাইনৰ ওপৰত সাম্ৰাজ্যবাদ স্থাপন কৰে।

তাৰপাছতে আৰম্ভ হয় হিটলাৰ ইহুদি নিধন যজ্ঞ। হিটলাৰ আক্ৰমণৰ পৰা বাচিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ এক বৃহৎ পৰিমানৰ ইহুদি পেলেস্তাইনলৈ প্ৰবজিত হয়। আৰু দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰা লগে লগে ১৯৪৮ চনত ব্ৰিটিছে দাসত্বৰ পৰা মুক্তি দিলে পেলেস্তাইনক। আৰু ৰাষ্টসংঘক প্ৰদান কৰিলে পেলেস্তাইনক ইহুদি ৰাষ্ট্ৰ ইজৰাইল আৰু মুছলমানৰ ৰাষ্ট্ৰ পেলেস্তাইন বিভাজনৰ দায়িত্ব। সেইমৰ্মেই ৰাষ্টসংঘই পেলেস্তাইনক দুটুকুৰা কৰি ৫৩ শতাংশ ইহুদিসকলৰ ইজৰাইলক দিলে আৰু বাকী ৪৭ শতাংশ দিলে পেলেস্তাইনক। ৰাষ্ট্ৰসংঘৰ এই কাৰ্যত ইহুদিসকল সন্তুষ্ট হ'ল কিন্তু পেলেস্তাইনৰ মুছলমান বা আৰৱসকল সন্তুষ্ট নহ'ল। সন্তুষ্ট নহ'বই কাৰণ প্ৰৱজনকাৰীক দেশৰ এটা অংশ এৰি দিবলৈ কোন থলুৱাৰ মন যাব।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!

ইজৰাইলক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰাৰ পাছতেই জৰ্ডান, চিৰিয়া, ইজিপ্ত, ইৰাকে চাৰি আৰবী ৰাষ্ট্ৰই ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধত চাৰিওখন ৰাষ্ট্ৰকে পৰাস্ত কৰে ইজৰাইলে। ইয়াৰ ফলত পেলেস্তানীৰ অৱস্থা অধিক বেয়া দিশে গতি কৰে। ইজৰাইলত বসতি স্থাপন কৰি থকা পেলেস্তানীসকলে ঘৰ-বাৰী এৰিবলগীয়া হয়। এনেদৰে নিজৰ দেশতে প্ৰৱজনকাৰীৰ হাতত নিজে খেদা খাব লগীয়াত শোকে-অপমানে জৰ্জৰিত হৈ শৰণাৰ্থী জীৱন কটাবলগা হয় একাংশ পেলেস্তানী।  পৰৱৰ্তী সময়ত বহুবাৰ আৰব ৰাষ্ট্ৰ আৰু পেলেস্তানীয়ে ইজৰাইল আক্ৰমণ কৰিছে। কিন্তু এবাৰু হৰুৱাব পৰা নাই। বৰঞ্চ প্ৰতিবাৰেই একো একোটা অঞ্চল ইজৰাইলে নিজৰ দখললৈ নিয়ে পেলেস্তাইনৰ। ইয়াৰ মাজতে ১৯৮৭ চনত ইজৰাইলক এখন দেশ হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি নিজৰ অস্তিত্ব ঘোষণা কৰে হামাচে। শেহতীয়াকৈ ৮ আগষ্টত এই হামাচেই আক্ৰমণ কৰে ইজৰাইলক। আৰু বৰ্তমানৰ পৰিস্তিতি কথা সকলোৱে জানে।

এতিয়া আহো অসমৰ প্ৰসংগলৈ। ইজৰাইলৰ দৰে অসমতো এচামে গোপনে ষড়যন্ত্ৰ ৰচনা কৰি আছে খুব গোপনে গোপনে। বৰাকত সম্প্ৰতি অসমীয়া আৰু অসমৰ অস্তিত্ব শেষ হৈ গৈছে। লাহে লাহে ধুবুৰী, দক্ষিণ শালমৰা, বজালী, কোকৰাঝাৰ আদিত বাংলাদেশীয় মূলৰ সন্দেহযুক্ত মুছলমানেৰে ভৰি পৰিছে। তাৰপাছতো আকৌ "কা" জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিবলৈ যো-জা চলাই আছে অসম চৰকাৰে। ইফালে, অসমৰ উদ্যোগ-বাণিজ্য বহিৰাগতৰ হাততে, খেতিপথাৰ সন্দেহযুক্ত বাংলাদেশীৰ হাতত। আনফালে,প্ৰতিদিনে অসমত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি হৈছে। ২০০১ চনত ২৭.৫৪ আৰু ২০১১ চনত ২৮.৯১ শতাংশলৈ বৃদ্ধি পাইছে৷ যদি "কা"ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়ে তেতিয়া অসমত বাংলাভাষীৰ সংখ্যাটো আৰু বাঢ়িব। ইফালে, মিঞাসকলে অসমীয়া ভাষাটো গ্ৰহণ নকৰো বুলি কয় তেতিয়া অসমীয়া ভাষীৰ সংখ্যা আৰু কমিব, বাংলাভাষী সংখ্যা বৃদ্ধি পাব। ইয়াৰ লগে লগেই অসমীয়া ভাষাটোলৈ সংকট নামি আহিব। ভাষাটোলৈ সংকট নামি অহাৰ পাছত আৰু অসমীয়াৰ জাতি-মাটি-ভেটি ৰক্ষা কৰা কথাটো ফোটোকাৰ ফেন হ'ব। পেলেস্তানীৰ দৰেই অসমীয়াই নিজৰ ঘৰ হেৰুৱাব, খেদা খাব লাগিব বাংলাভাষীৰ লগতে প্ৰৱজনকাৰী এখিনি মুছলমানৰ পৰা। আৰু হামাচৰ দৰেই পৰেশ বৰুৱাৰ বাহিনীয়ে যুঁজিব। আৰু বিশ্বই তেওঁলোকক ধিক্কাৰ দিব সন্ত্ৰাস সৃষ্টিকাৰী বুলি। আৰু আমি পেলেস্তানীৰ দৰে নিজৰ জন্মভূমিতে শৰণাৰ্থী হ'ব লাগিব অসমীয়াই।

লেখক- পংকজ খনিকৰ, ফোন-৮৪৮৬৬-৮৭৫৫৬

লগতে পঢ়ক- 

বিনামূলীয়া চাউল, অৰুণোদয়ৰ দৰে আঁচনিয়ে অসমীয়া মানুহক এলেহুৱা কৰিছে!

English Summary: Assam Vs Israel-Palestine war
Published on: 12 October 2023, 05:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now