ফটোত দেখা এই বৃদ্ধ কৃষকজনৰ ঘৰ বাংলাদেশৰ দিনাজপুৰত। তেওঁৰ নাম- আলতাফ হুছেইন। কৃষকগৰাকীৰ আছে সীমিত পৰিমাণৰ কৃষিভূমি। য’ত ধান খেতি কৰে। আৰু ধান খেতি কৰা ঠাইখিনি দ হোৱা বাবে অন্য উদ্যান শস্য বা ৰবি শস্যৰ খেতি নহয়। গতিকে কৃষকগৰাকীয়ে সেই সীমিত পৰিমাণৰ মাটিখিনিত ধান খেতিকে কৰে। কিন্তু তেওঁ দেখিলে নিজৰ পথাৰৰ সীমা আৰু ৰাস্তা কাষৰ মাটিখিনি ইনেই পৰি থাকে আৰু সেইখিনিত তেওঁ খেতি কৰাৰ কথা ভাৱে। কি খেতি কৰিব সেই কথা ভাৱোতেই তেওঁ অমিতাৰ কথা মনলৈ আহে। তাৰপাছত আৰু তেওঁ পিছলৈ ঘূৰি নাচালে।
ভবামতেই ৰাস্তাৰ কাষৰ ব্যৱহাৰ নোহোৱা ঠাইখিনিত ৪০০ টা অমিতাৰ পুলি ৰোপন কৰিলে। মাজে মাজে যত্ন ল’লে, সাৰ পানী যোগান ধৰিলে। কম দিনতে বছৰ বছৰ ধৰি পৰি থকা ছন পৰা মাটিখিনিত সেউজীয়া হৈ আহিল অমিতাবোৰ। দিন বাগৰি যোৱাৰ লগে লগে অমিতা গছবোৰ ডাঙৰ হৈ আহিল আৰু গছত অমিতা লাগিবলৈ ধৰিলে। বৰ্তমান কৃষকগৰাকীয়ে প্ৰতি কুইন্টল অমিতা ২০০০ টকা দৰত বিক্ৰি কৰি আছে। ৰাষ্টা কাষৰ ছন পৰা মাটিখিনিত এজন বৃদ্ধই খেতি কৰি উপাৰ্জন কৰা ঘটনাটোত অঞ্চলটোলৈ কৃষি সন্দৰ্ভত আপোনা-আপুনিকৈ এটা সজাগতা আনি দিয়ে। আৰু বৃদ্ধজনৰ ওচৰলৈ বিভিন্নজন ব্যক্তিৰ লগতে সাংবাদিকো আহিল আৰু সামাজিক মাধ্যমতো এক আলোড়ণ সৃষ্টি হয় তেওঁৰ কৃষি পদ্ধতিয়ে।
বাংলাদেশৰ এই বৃদ্ধ কৃষকজনৰ দৰে আমাৰ কৃষকসকলেও এই কামটো কৰিব পাৰে। আমাৰ কৃষকসকলৰ পথাৰৰ বকিয়া পথাৰৰ মাজৰে যোৱা ৰাষ্টাবোৰত খেতি কৰিব পাৰে। কেৱল অমিতা বুলিয়েই নহয় শীতকালত ৰবিশস্যৰো খেতি কৰিব পাৰে। যিসকলৰ কৃষকৰ কৃষিভূমি কম বা কৃষকৰ মাটি নাই তেওঁলোকেও এই পদ্ধতি অৱলম্বণ কৰি ৰাষ্টা কাষৰ অব্যৱহৃত মাটিবোৰত খেতি কৰিব পাৰে। অসমীয়াত এষাৰ কথা আছে- মন কৰিলেই ছন বাকৰি মাটিতেই ধন।
লগতে পঢ়ক-