Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 12 July, 2024 4:42 PM IST
After Flood Paddy Farming in Assam

ধাৰাষাৰ বৰষুণৰ ফলত প্ৰতি বছৰেই বাৰিষাকালীন সময়ত ৰাজ্যখনৰ বিভিন্ন জিলা বানপানীৰ কবলত পৰে। যাৰ ফলত হাজাৰ হাজাৰ বিঘা ভূমিৰ খেতি নষ্ট হৈ পৰে। এনে পৰিপ্ৰেক্ষিতত পানী শুকোৱাৰ ওপৰত ভিত্তি কৰি কৃষক ৰাইজে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

জুলাই মাহত হোৱা বানপানীৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা

  • কঠীয়া নষ্ট হ’লে পানী শুকোৱাৰ পাছত সমূহীয়া কঠীয়াতলীৰ পৰা কঠীয়া সংগ্ৰহ কৰি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে
  • পুনৰ বানৰ আশংকা থাকিলে ওখ ঠাইত সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰি কঠীয়াৰ বাবে হ্ৰস্ব কৃষিকালযুক্ত ধানৰ বীজ সিঁচাটো জৰুৰী
  • হ্ৰস্ব কৃষিকালযুক্ত জাত (১২০ – ১৩০ দিনীয়া) যেনে বীণা-১১, লাচিত, চিলাৰায় আদিৰ বীজ আগষ্ট মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত সিঁচি ২৫-৩০ দিনীয়া কঠীয়া ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে ৰুব পাৰি
  • মধ্যমীয়া কৃষিকালৰ জাত যেনে শ্ৰাৱণী, সত্যৰঞ্জন, বসুন্ধৰা আদিৰ ২৫-৩০ দিনীয়া কঠীয়া জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত সিঁচি আগষ্ট মাহৰ ১০ তাৰিখ পৰ্যন্ত ৰুব পৰা যায়
  • বানাক্ৰান্ত অঞ্চলৰ বাবে ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১, স্বৰ্ণ চাব-১, জলশ্ৰী, জলকুঁৱৰী আদি বান সহনশীল জাতসমূহ পানীত ১০-১২ দিন ডুবি থাকিলেও নষ্ট নহয়। এই জাতসমূহৰ কঠীয়া ৰোৱাৰ ৭-১০ দিন পাছত বানপানীত ডুব গ’লেও পানী শুকোৱাৰ পাছত নতুন পোখা মেলি পুনৰ ঠন ধৰি উঠে।

লগতে পঢ়ক- 

বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!

আগষ্ট মাহত হোৱা বানপানীৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা

  • কমদিনীয়া জাত যেনে লুইত, দিচাং আদি ধানৰ ২১-২৫ দিনীয়া কঠীয়া ১০ ছেপ্তেম্বৰলৈকে ৰুব পাৰি। ইয়াৰ বাবে আগষ্ট মাহৰ মাজভাগলৈকে বীজ সিঁচিব পাৰি। এই দুয়োবিধ জাতৰ গজালি ওলোৱা বীজ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে মূল পথাৰত বোকা মাটিত কঠীয়া সিঁচাৰ দৰে পাতলীয়াকৈ সিঁচিব পাৰে।
  • গীতেশ, প্ৰফুল্ল, মনোহৰ শালি, এন্দ্ৰিউ শালি আদিৰ দৰে উন্নত আৰু পলমকৈ কৰিব পৰা জাতৰ বয়সীয়া কঠীয়া (৪৫-৫৫ দিন) আগষ্ট মাহৰ ৩১ তাৰিখলৈকে পথাৰত ৰুব পৰা যায়।
  • শেহতীয়া বানপানীয়ে খেতি নষ্ট কৰিলে পানী জমা নোহোৱা মধ্যমীয়া মাটিত তিল, মাটিমাহ, মগুমাহ আদিৰ বীজ সিঁচিব পৰা যায়।
  • থলুৱা জাতৰ বেছি বয়সীয়া কঠীয়া ৰোৱাৰ বাহিৰে অন্য উন্নত বা অধিক উৎপাদনক্ষম জাতৰ ধানৰ খেতি কৰা উচিত নহয়।
  • পানী কমাৰ লগে লগে ওখ মাটিত মগু মাহ নাইবা মাটিমাহৰ বীজ ছেপ্তেম্বৰ মাহৰ মাজভাগলৈ সিঁচিব পাৰি
  • পথাৰত পানী পলমকৈ শুকালে বা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহলৈকে বানপানী হ’লে ৰবি শস্যৰ বীজ সংগ্ৰহ কৰক। সৰিয়হৰ টি এচ-৩৬,টি এচ-৩৮,  টি এচ-৪৬, টি এচ-৬৭ আদি জাত উত্তম । ইয়াৰ উপৰিও মচুৰ মাহ, মটৰ মাহ, খেচাৰী মাহ আদিৰো খেতি কৰিব পৰা যায়।

জলমগ্ন অঞ্চলত পৰৱৰ্তী সময়ত হ’ব পৰা ৰোগ আৰু কীট-পতংগ বিশেষকৈ শুঁৰপোকৰ আক্ৰমণ নহ’বলৈ পথাৰৰ আলিবোৰ পৰিষ্কাৰ কৰি ৰখাৰ লগতে পথাৰত পতংগভোজী চৰাই বহাত সুবিধা হোৱাকৈ বাঁহৰ জেং পুতি দিব লাগে। শুঁৰপোকৰ আক্ৰমণ বেছি হ’লে ক্ল’ৰপাইৰিফ’ছ নামৰ দৰৱৰ এক চামোচ ৩ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

লগতে পঢ়ক- 

After flood: বানে মৰা ধাননী পথাৰত এই কাম কৰক ৪০-৪৫ দিনতে পাব ফল

English Summary: After Flood Paddy Farming in Assam
Published on: 12 July 2024, 04:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now