1. News

World’s richest farmer: বিশ্বৰ আটাইতকৈ ধনী কৃষকজন

Mrigakshi Phukan
Mrigakshi Phukan
World’s richest farmer
World’s richest farmer

কৃষিকৰ্মৰ জড়িয়তে বিশ্বৰ আটাইতকৈ সম্পদশালী ব্যক্তিসকলৰ তালিকাত স্থান লাভ কৰা কিন ইংলিনৰ বিষয়ে আপুনি শুনিছেনে?  ২২ বিলিয়ন ডলাৰ ব্যক্তিগত সম্পত্তিৰ অধিকাৰী কিন ইংলিন হৈছে বিশ্বৰ আটাইতকৈ ধনী কৃষক। ২০১৯ চনৰ আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ পিছত কভিড-১৯ মহামাৰীৰ সময়ত হোৱা খাদ্যৰ নাটনি আৰু মূল্যবৃদ্ধিৰ বাবে এটা বছৰৰ ভিতৰতে তেওঁৰ চীনা গাহৰিৰ মাংসৰ ব্যৱসায়ে সফলতাৰ শিখৰ চুম্বন কৰিছিল। ১৯৯২ চনত ইংলিন আৰু তেওঁৰ পত্নী কিয়ান ইঙে মাত্ৰ ২২টা গাহৰিৰ পোৱালিৰে আৰম্ভ কৰিছিল এখন গাহৰিৰ পাম। ২০১৯ চনলৈকে তেওঁলোকৰ শ্বেনজেন তালিকাভুক্ত কোম্পানী মুয়ুয়ান ফুডছত গাহৰিৰ সংখ্যা এক কোটিতকৈয়ো বেছি হৈছিল।

চীনৰ আটাইতকৈ জনপ্ৰিয় প্ৰটিন হিচাপে গাহৰিৰ মাংসৰ চাহিদা বেছি। ২০১৯ চনত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ফলত চীনৰ গাহৰিৰ আধা অংশৰে দাম ১৬০% বৃদ্ধি হয়। ইয়াৰ ফলত মুয়ুয়ান ফুডছৰ শ্বেয়াৰৰ মূল্য ২০০% বৃদ্ধি পায় আৰু শেহতীয়াকৈ ইংলিনৰ সম্পত্তি দুগুণ বৃদ্ধি পাই ২২ বিলিয়ন ডলাৰ হয়গৈ। কোম্পানীটোৰ সফলতাৰ কাৰণ হ’ল যে ই নিজৰ পামৰ উচ্চ শতাংশৰ মালিকীস্বত্ব বজাই ৰাখিছে, যাৰ ফলত পামখনে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জৈৱ সুৰক্ষাক ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে

২০২০ৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে যেতিয়া চীনত লকডাউন আৰম্ভ হৈছিল, তেতিয়া গাহৰিৰ মাংসৰ যোগান নিষিদ্ধ কৰা হৈছিল। যাৰ ফলত ২০২০ৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ২৮ এপ্ৰিলৰ ভিতৰত মুয়ুয়ানৰ ষ্টক ৮০% বৃদ্ধি পাইছিল। অৱশ্যে, ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ সুস্থিৰ হোৱাৰ লগতে ক’ৰোনা লকডাউন উঠাই লোৱাৰ লগে লগে গাহৰিৰ মাংসৰ দাম এতিয়া হ্ৰাস পাইছে, আৰু বজাৰখন স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।

থোৰতে:

  • চীনৰ মুয়ুৱান ফুডষ্টফৰ অধ্যক্ষ কিন ইংলিন বিশ্বৰ সৰ্ববৃহৎ গাহৰি বজাৰত সৰ্ববৃহৎ গাহৰি প্ৰজননকাৰী হিচাপে পৰিচিত।
  • কিনৰ জন্ম চীনৰ আটাইতকৈ জনবহুল প্ৰদেশ হেনানৰ নেইচিয়াং কাউণ্টিত হৈছিল।
  • তেওঁ হেনান কৃষি বিশ্ববিদ্যালয়ত পশুপালন অধ্যয়ন কৰিছিল আৰু তাৰ পাছত পত্নী কিয়ান ইঙৰ সৈতে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল।
  • ১৯৯২ চনত ২২ টা গাহৰিৰ সৈতে তেওঁলোকে উদ্যোগ আৰম্ভ কৰিছিল।

কিন ইংলিনেই হয়তো বিশ্বৰ আটাইতকৈ কম পৰিচিত বিলিয়নেয়াৰ। তেওঁ গাহৰিৰ ব্যৱসায় কৰি নিজৰ সম্পত্তি গঢ়ি তুলিছে। আজি তেওঁ প্ৰায় ২০ বিলিয়ন ডলাৰৰ সম্পত্তিৰে চীনৰ আটাইতকৈ ধনী কৃষক। আজিৰ প্ৰযুক্তি-চালিত পৃথিৱীত কিন ইংলিন হৈছে গাহৰিৰ ব্যৱসায়েৰে সম্পদশালী হোৱা খুব কম সংখ্যক বিলিয়নেয়াৰসকলৰ ভিতৰত এজন।

লগতে পঢ়কঃ Beetal goat : ৩ টা বীটল ছাগলী পুহিয়েই বছৰি ১ লাখ টকা উপাৰ্জন কৰক

English Summary: World’s richest farmer

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.