1. News

সোমবাৰে দেশৰ প্ৰতিজন প্ৰকৃত কৃষকৰ একাউন্টত সোমাব দুহেজাৰকৈ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
PM Kisan Samman Nidhi 13th installment
PM Kisan Samman Nidhi 13th installment

সোমবাৰে দেশৰ প্ৰতিজন কৃষকেই লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৩ নং কিস্তিৰ ধন। কৃষকক খেতি সঁজুলি, বীজ আদি ক্ৰয় কৰিবলৈ চৰকাৰে নগদ ২০০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে। সোমবাৰৰ দিনটোতে দেশৰ ১৩ কোটি কৃষকৰ একাউণ্টলৈ এই ধন আহিব। বছৰটোৰ ৪ মাহেৰ মূৰে মূৰে কৃষকসকলে লাভ কৰিব এই ধন।

২৭ ফেব্ৰুৱাৰীৰ  বিয়লি ৩ বজাত প্ৰদান কৰা হ’ব এই ধন ৰাশি। সেই উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেলগাভীৰ পৰা আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষকৰ মাজত অনুদান বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব।  এই কাৰ্যসূচী উপলক্ষে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব লগীয়া “Live Webcast” অনুষ্ঠান।

লগতে পঢ়ক- 

Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ

এই লাইভ ষ্টক হিতাধিকাৰী কৃষক ৰাইজে অংশগ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা লিংকৰ জৰিয়তে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব-  

https://pmevents.ncog.gov.in/registration/index/107

পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো অসুবিধাৰ সন্মুখীন হ'লে সংশ্লিষ্ট জিলাৰ কৃষি উন্নয়ন বিষয়া/কৃষি সম্প্ৰসাৰণ সহায়ক/মিডিয়া বিশেষজ্ঞ/এপাৰ্ট-আত্মাৰ অধীনৰ এ টি এম আৰু বি টি এম সকলৰ সৈতে যোগাযোগ কৰিব পাৰে কৃষকসকলে৷

প্ৰায় চাৰি বছৰ পূৰ্বে ২০১৯ চনত ২৪ ফেব্ৰুৱাৰীত মোডী চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনা আৰম্ভ কৰিছিল আৰু ৰাইজৰ ভাল সঁহাৰি লাভ কৰিছে। প্ৰতিটো কিস্তিত ২০০০ টকাৰ সলনি ৪ হাজাৰ কৰিবলৈ কৃষক আৰু কৃষক সংগঠনসমূহে দাবী জনাইছে। এই দাবীৰ প্ৰতি সন্মান জনাই বিগত দিনত PMKSN ৰ ধন বৃদ্ধি কৰিব  বুলি আলোচনা কৰা হৈছে।

লগতে পঢ়ক- 

এইবাৰ কৃষকসকলে পৰীক্ষামূলকভাৱে ২-৩ বিঘামান মাটিত লাৱন্য ধানৰ খেতি কৰক

English Summary: PM Kisan Samman Nidhi 13th installment

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.