1. News

আহল-বহল নহ’লেও কম পৰিসৰতে কৰিব পাৰিব ঘৰতে খাবলৈ

KJ Staff
KJ Staff
শীতকালীন কম  পৰিসৰতে কৰিব পৰা খেতি
শীতকালীন কম পৰিসৰতে কৰিব পৰা খেতি

সাধাৰণতে অসমৰ গ্ৰামাঞ্চলৰ লোকসকলে শীতকালত কম-বেছি প্ৰত্যেকেই শীতকালীন শাক-পাচলিৰ খেতি কৰে। ব্যৱসায়ভিত্তিত নহয় ঘৰতে খাবলৈ। কিন্তু গাঁওসমূহত এনেকুৱা মানুহো আছে নিজৰ মাটি-বাৰী থকা স্বত্ত্বেও শাক-পাচলি অলপ নলগায়। কিন্তু সেই একেখিনি মানুহেই ওচৰ-চুবুৰীয়াৰ ঘৰত বাৰীত শাক-পাচলি দেখি খোজাৰ আৰম্ভ কৰে। আৰু কেতিয়াবা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ সলনি পুৱাই উঠি নিজৰ বাৰীখনতে অকণমান কাম কৰিলেই ছমাহ-সাত মাহৰ শাক-পাচলি উভেনদী হৈ পৰে। এনেদৰে কম কষ্ট আৰু কম পৰিসৰতে কৰি খাব পৰা কেইবিধমান শাক-পাচলি তলত উল্লেখ কৰা হ’ল-

১। গাজৰ খেতি

এই  সময়খিনিত কৰিব পৰা এবিধ খেতি হ’ল গাজৰ। গাজৰ খেতি কৰিবলৈ বৰ বেছি শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন নাই। মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি গুটি সিঁচিলৈ হৈ যায়। প্ৰয়োজন অনুসৰি সাৰ-পানী আৰু অলপ যত্নৰ প্ৰয়োজন।

২। শালগম খেতি

আমি সাধাৰণতে মূলা-লাইৰ খেতি বেছি কৰো এই সময়ছোৱাত। মূলা-লাইৰ সলনি শালগামৰ খেতিৰ পৰা অধিক লাভৱান হ’ব পাৰিব। কাৰণ শালগামৰ দাম আৰু চাহিদা বৰ্তমানসময়ত অধিক। এই খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি শাৰীকৈ ৰোপন কৰিলে প্ৰয়োজন অনুসৰি সাৰপানী যোগান ধৰিবলৈ সুবিধা হয়।

লগতে পঢ়ক- অসম কৃষিবিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে ধানৰ নতুন প্ৰজাতি

৩। পালেং শাক খেতি

পালেং শাকক পাচলি আৰু ৰস হিচাপে ব্যৱহাৰ কৰা হয়৷ এই পালেং শাকো কৃষকসকলে আগষ্ট-ছেপ্টেম্বৰৰ সময়খিনিত কৰিব পাৰে। পালেঙ শাক চাটনি, ভাজি বনোৱাৰ লগতে ডালি আৰু মাছৰ লগত খাবলৈ ভাল।

৪। ধনিয়াৰ খেতি

আগষ্ট-ছেপ্টেম্বৰতে কৰিব পৰা আন এবিধ শস্যৰ খেতি হ’ল ধনিয়া। ধনিয়াৰ পাতৰ বাহিৰেও গুটিবোৰ মচলা হিচাপেও ব্যৱহাৰ কৰা হয়। বজাৰত ধনিয়া যথেষ্ট চাহিদা আছে। কেতিয়াবা বজাৰত এজোপা সৰু ধনিয়াতে ৫ টকা পৰ্যন্ত হয়।

৫। ফ্ৰেন্সবিন

অসমতে নহয় সমগ্ৰ ভাৰতে সমাদৰ থকা, প্ৰ’টিন আৰু ভিটামিনযুক্ত এবিধ শীতকালীন পাচলি ফ্ৰেঞ্চবিন। পাচলি। নিৰামিষভোজীসকলৰ অতি উপাদেয় এইবিধ পাচলি।

বৰ্তমান সময়ত ১ কেজি ফ্ৰেঞ্চবীনৰ দাম ১২০ টকাৰ পৰা ১৫০ টকা।

             এইবোৰ খেতিৰ উপৰি শীতকালছোৱাত আমি লাই, মূলা, ওলকবি, বন্ধাকবি, বিলাহি আদি আগতিয়াকৈ বজাৰলৈ উলিয়াই দি দুগুণ লাভ উঠাব পাৰোঁ।

লগতে পঢ়ক- ড্ৰেগন ফলৰ খেতিয়কসকলে শীতকালত এইকেইটা কথা মন কৰিব

English Summary: winter Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.