1. News

ড্ৰেগন ফলৰ খেতিয়কসকলে শীতকালত এইকেইটা কথা মন কৰিব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
শীতকালত ড্ৰেগন ফলৰ যতন
শীতকালত ড্ৰেগন ফলৰ যতন

সম্প্ৰতি অসমত ড্ৰেগন ফলৰ খেতিয়ে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্নজন যুৱ কৃষকে ড্ৰেগন খেতিৰ প্ৰতি আগ্ৰহী হৈ এই খেতি কৰিছে। আৰু বহুজনে লাভান্বিত হৈছে। সম্প্ৰতি এই খেতিক অসমৰ কৃষকসকলৰ অভিজ্ঞতা কম। গতিকে শীতকালত কৃষকসকলে ড্ৰেগন ফলৰ গছজোপাৰ যত্ন কিদৰে ল’ব এই সন্দৰ্ভত কেইটামান কথা কৃষকসকললৈ আগবঢ়ালো। কাৰণ ড্ৰেগন প্ৰজননত শীতকালীন যত্ন অতি গুৰুত্বপূৰ্ণ। কাৰণ এই সময়ত ভালদৰে যত্ন ল’লেহে পৰৱৰ্তী গ্ৰীষ্মকালত ভাল উৎপাদন পাব। সাধাৰণতে শীতকালৰ ৪-৫ মাহ ড্ৰেগন ফলৰ উৎপাদন বন্ধ হৈ থাকে। কিন্তু এই সময়ছোৱাতে গছৰ বৃদ্ধি হয় আৰু নতুন নতুন ডাল ওলায়।

১।গছজোপাৰ মজবুত ডালবোৰ ৰাখি বাকীখিনি কাটি পেলাব লাগে।

২।মূল ডালটো নূন্যতম ৪ ফুটলৈ বৃদ্ধি হোৱাৰ পিছত তাৰ পৰা ডালবোৰ এৰি দিব লাগে। ।

গোবৰ ব্যৱস্থাপনা

৩। শীতকালৰ আৰম্ভণিতে এবাৰ আৰু শেষত এবাৰ সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিটো গাঁতত (ভূমিত) সাৰৰ পৰিমাণ-

  • ভাৰমিকম্পোষ্ট: ৫০০-১০০০ গ্ৰাম
  • ইউৰিয়া-২০০-২৫০ গ্ৰাম
  • টি এছ পি-১০০ গ্ৰাম
  • পটাছ-১০০ গ্ৰাম
  • বৰণ- ৩/৫ গ্ৰাম
  • হাড়ৰ গুড়ি- ১ কাপ পৰিমাণৰ চাহ

লগতে পঢ়ক- কৃষকসকলে ধান খেতিৰ বিকল্প কথা চিন্তা কৰক এতিয়াৰ পৰাই

৪।টাবৰ ক্ষেত্ৰত

  • ভাৰমি পচন সাৰ - ২৫০ গ্ৰাম
  • টি এছ পি-৩০ গ্ৰাম
  • পটাছ-৩০ গ্ৰাম
  • ইউৰিয়া-৫০ গ্ৰাম
Dragon Cultivation
Dragon Cultivation

৫। লগতে মন কৰিব এইকেইটা কথা

  • ৰোপণৰ এমাহৰ পৰা এবছৰলৈ প্ৰতি তিনিমাহৰ মূৰে মূৰে প্ৰতিটো গাঁতত ১০০ গ্ৰাম ইউৰিয়া প্ৰয়োগ কৰিব লাগে।
  • প্ৰতিমাহে এবাৰ জামপ্ৰো, কৰ্মিল ৰিডমিল, নাভাদা, কেলিবাৰ ভেঁকুৰনাশক ঔষধ স্প্ৰে কৰি তিয়াই থব লাগে।
  • যদি সম্ভৱ হয় আপোনাৰ ড্ৰেগন গছজোপা ৰাতি পলিথিন কাগজেৰে ঢাকি দিব লাগে আৰু দিনত খোলাকৈ থৈ গছজোপা সুস্থ কৰি ৰাখিব লাগে। কম ৰোগত আক্ৰান্ত হ’ব।

লগতে পঢ়ক- জাতীয়তাবাদলৈ ৰ'ব লাগিব অসমত কৰ্মসংস্কৃতি গঢ় লৈ নুঠালৈ!

English Summary: Care Dragon cultivation in Winter Season

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.