1. News

অসম কৃষিবিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে ধানৰ নতুন প্ৰজাতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
NEW PADDY SEED
NEW PADDY SEED

অসমৰ প্ৰধান খেতি ধান। প্ৰতিবছৰে বাৰিষা কালত আমাৰ কৃষক ৰাইজে স্বভাৱ অনুসৰি ধান খেতিৰ প্ৰস্তুতি চলায়। শতিকাৰ পাছত শতিকাজুৰি এইদৰেই অসমৰ মানুহে খেতি কৰি আহিছে। কিন্তু পৰিৱৰ্তিত জলবায়ুৱে ধানৰ উৎপাদন আৰু মানদণ্ডত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে। মাটিৰ উৰ্বৰতা হ্ৰাস, মাটিৰ ক্ষয়ৰ লগতে লগতে পূৰ্বৰে পৰা কৰি শস্যসমূহে পৰিৱৰ্তনৰ লগে লগে নিজক খাপ খোৱাই ল’ব পৰা নাই। ফলত অসমৰ কৃষি খণ্ডই সন্মুখীন হোৱা কেতবোৰ প্ৰত্যাহ্বান এনেধৰণৰ।

- উঞ্চতা বৃদ্ধিৰ ফলত ধানখেতিৰ উৎপাদনত ব্যাঘাত হোৱা
- জলসিঞ্চনৰ বাবে পানীৰ নাটনি হোৱা
- মাটিৰ স্বাস্থ্যৰ অৱনতি হোৱা- আম্লিকতা তথা ক্ষাৰকীয়তা সলনি হোৱা
- ভূ-গৰ্ভৰ পানীত লো (আয়ৰণ) আৰু আৰ্চেনিকৰ পৰিমাণ বৃদ্ধি হোৱা
- আবতৰীয়া বানপানী বা খৰাং পৰিস্থিতি
- নিত্য-নতুন শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা আৰু ৰোগ-ব্যাধিশেহতীয়াকৈক অসম কৃষি বিশ্ব-বিদ্যালয়ে উদ্ভাৱন কৰা বানপানী সহনশীল বা বানাক্ৰান্ত অঞ্চলত পলমকৈ সিঁচিব পৰা কিছুমান জাত কৃষকৰ মাজত ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে। কিন্তু এই জনপ্ৰিয়তা কেইজনমান কৃষকৰ মাজতেই আবদ্ধ হৈ আছে। অসমৰ অধিকাংশ কৃষকেই পূৰ্বৰে পৰা কৰি অহা ধানৰ সঁজেবাৰৰ খেতি কৰি আহিছে। কৃষি বিশ্ববিদ্যালয়ে শেহতীয়াকৈ উদ্ভাৱন কৰা ধানৰ সঁজবোৰ এনেধৰণৰ :

লগতে পঢ়ক- জাতীয়তাবাদলৈ ৰ'ব লাগিব অসমত কৰ্মসংস্কৃতি গঢ় লৈ নুঠালৈ!

 ১। বীনা ধান-১১: দুসপ্তাহলৈ পানীত ডুবি থাকিলেও এইবিধ ধান নষ্ট নোহোৱাকৈ থাকিব পাৰে। এইবিধ ধান ১২০ দিনত চপাব পাৰি। উৎপাদন প্ৰতি হেক্টৰত ৫০-৫৫ কুইন্টল।

২। একেদৰে, ডি. আৰ. আৰ-৪২: এইবিধ ধানৰ কৃষি কাল ১১৫ ৰ পৰা ১২০ দিন। উৎপাদন প্ৰতি হেক্টৰত ৫০-৫৫ কুইন্টল। খৰাং বতৰৰ বাবে এইবিধ ধান উপযোগী আৰু ব্লাষ্ট ৰোগৰ সহনশীল জাত।

৩। অভিষেক: ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পৰা দ’ মাটিৰ বাবে উপযোগী। কৃষিকাল- ১১০-১১৫ দিন। শালি বতৰত ৪০ কুইন্টল আৰু আহু বতৰত ইয়াৰ উৎপাদন হেক্টৰে প্ৰতি ৬০ কুইন্টলকৈ পোৱা যায়। ব্লাষ্ট বেমাৰ, ব্ৰাউন স্পট, গ’লমিজ (বায়’টাইপ ১ আৰু ৫ ৰ ক্ষেত্ৰত ই প্ৰতিৰোধী জাত)

৪। নবীন: এই জাতবিধৰ খেতি ২০০৫ চনৰ পৰা ৰাজ্যত কৰি অহা হৈছে। ই বৰ্ষা নিৰ্ভৰ আৰু জলসিঞ্চিত বৰোখেতিৰ বাবে উপযোগী। শালিৰ বতৰত ইয়াৰ কৃষিকাল: ১১৫-১১৮ দিন আৰু ৰবি বতৰত ৫০-৬০ কুইন্টল। ব্লাষ্ট বেমাৰ, ব্ৰাউন স্পট আৰু মজাখোৱা পোকৰ ই সহনশীল জাত।

এই ধানৰ সঁচবোৰৰ খেতি কৰিবলৈ কৃষকসকলে - পথাৰখনত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ যেনে, গোৱৰ, পচন সাৰ, সেউজীয়া সাৰ প্ৰয়োগ কৰা উচিত। মৌচমী বতাহৰ আগমনৰ পূৰ্বেই মাটিডৰা দ’কৈ হাল বাই থ’ব লাগে।
উল্লেখ্য যে জলবায়ু পৰিবৰ্তনৰ লগত খাপ খোৱা শস্য ক্ৰম তথা পদ্ধতিৰ ওপৰত শেহতীয়াকৈ বিভিন্ন প্ৰযুক্তিকৌশলৰ উদ্ভাৱন তথা এইক্ষেত্ৰত গৱেষণা চলি আছে। উদাহৰণস্বৰূপে, শূন্য চহ পদ্ধতি (Zeo Tillage), য’ত মাটি চহ নকৰাকৈয়ে শস্যৰ খেতি কৰা। অদূৰ ভৱিষ্যতে কৃষক সমাজে এই পদ্ধতিবোৰৰ ওপৰত মনোনিবেশ কৰাতো প্ৰয়োজন, যাতে পৰিবৰ্তিত জলবায়ুৰ লগত মোকাবিলা কৰি অসমৰ অৰ্থনৈতিক উন্নয়নৰ তেওঁলোক অংশীদাৰ হ’ব পাৰে।

লগতে পঢ়ক- কৃষকসকলে ধান খেতিৰ বিকল্প কথা চিন্তা কৰক এতিয়াৰ পৰাই

English Summary: NEW PADDY SEED

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.