1. News

ৰাজ্যবাসীলৈ সকাহঃ আগন্তুক ৩-৪ দিন অসমত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা

Mrigakshi Phukan
Mrigakshi Phukan
Rain in assam
Rain in assam

অৱশেষত ৰাজ্যবাসীলৈ কিছু সকাহ। উৎকট গৰমৰপৰা ৰক্ষা পাব অসমবাসীয়ে। আগন্তুক ৩ৰপৰা চাৰিদিনলৈ ৰাজ্যত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বিগত কেইবাদিন ধৰি প্ৰখৰ ৰ’দ আৰু গৰমে দহাৰ পাছত বৰষুণৰ মুখ দেছিব ৰাজ্যবাসীয়ে। পূজাৰ বতৰত অত্যন্ত গৰমে ৰাইজক জুৰুলা কৰাৰ সমৱয়তে এই খবৰে সকলোকে কিছু সকাহ দিছে।

বৰষুণ যথেষ্ট বেছিকৈ হোৱাৰ লগতে বিজুলী-গাজনিৰো সম্ভাৱনা বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে। ইফালে অসমৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যত অত্যধিক বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অহা ৭২ ঘণ্টাৰ ভিতৰত পশ্চিমবংগত প্ৰবল বৰষুণৰ সম্ভাৱনা জাৰি কৰা হৈছে।

আই এম ডিৰ মতে বংগোপসাগৰৰ ওপৰত চলি থকা কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ওড়িষা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ ওপৰত ৪ অক্টোবৰলৈকে বৰষুণ অব্যাহত থাকিব পাৰে।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি বতৰ স্বাভাৱিক হৈ থাকিব। কিন্তু কাইলৈ ​​অৰ্থাৎ মঙলবাৰৰপৰা ইয়াৰ বতৰ সলনি হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ৪ অক্টোবৰত দিল্লীকে ধৰি আশে-পাশে থকা অঞ্চলত সামান্য গৰম বৃদ্ধি পাব। উষ্ণতা ৩৬ ডিগ্ৰী পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। ৫ অক্টোবৰ অৰ্থাৎ দশেৰাৰ দিনা বৰষুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে অৱস্থাত ৰাৱণ দহনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে।

দেশৰ বহু ঠাইত আজিও সক্ৰিয় হৈ আছে বাৰিষা। বতৰ বিজ্ঞান বিভাগৰ মতে, ‘নোৰু’ ঘূৰ্ণীবতাহৰ ফলত বংগোপসাগৰৰ ওপৰেৰে ঘূৰ্ণীবতাহ চলাচলৰ বাবে দক্ষিণ-পশ্চিম বাৰিষাৰ যাত্ৰাত পলম হ’ব।

দেশৰ আন ৰাজ্যসমূহৰ বতৰৰ কথা ক’বলৈ গ’লে বহু ৰাজ্যত এতিয়াও বাৰিষা পূৰ্ণ গতিত চলি আছে। বতৰ বিজ্ঞান বিভাগৰ মতে, ‘নোৰু’ ঘূৰ্ণীবতাহৰ ফলত বংগোপসাগৰৰ ওপৰেৰে বতাহ চলাচলৰ বাবে দক্ষিণ-পশ্চিম বাৰিষা কিছু পলমকৈ শেষ হব।

লগতে পঢ়কঃ দেশী গাই আৰু জাৰ্চি গাইৰ প্ৰভেদঃ বাণিজ্যিকভাৱে কোনটো প্ৰজাতি কিমান লাভজনক?

English Summary: weather assam

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.