1. News

বৃদ্ধি পালে ধানৰ ন্যূনতম সমৰ্থন মূল্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বৃদ্ধি পালে ধানৰ ন্যূনতম সমৰ্থন মূল্য
বৃদ্ধি পালে ধানৰ ন্যূনতম সমৰ্থন মূল্য

ৰাজ্যৰ কৃষকসকলৰ বাবে সুখবৰ। বৃদ্ধি কৰা হ'ল ধান ক্ৰয়ৰ ন্যূনতম সমৰ্থন মূল্য। অৰ্থাত MSP বৃদ্ধি । পূৰ্বৰ ন্যূনতম সমৰ্থন মূল্য ১,৯৪০ টকাৰ পৰিৱর্তে ২,০৪০ টকা নির্ধাৰণ  কৰিছে ৰাজ্যৰ কৃষি বিভাগে।

সংবাদমেলযোগে এই কথা জনাইছে মন্ত্রী ৰণজিৎ কুমাৰ দাসে। উল্লেখ্য যে ৰাজ্যৰ ৬ টা সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ধান ক্রয় আহিছে ৰাজ্যৰ কৃষি বিভাগে । এইবাৰ ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ লক্ষ্য নির্ধাৰণ কৃষি বিভাগৰ। ধান ক্রয় কেন্দ্র বৃদ্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ।

লগতে ধান বিক্রীৰ বাবে বাধ্যতামূলক হ’ব কৃষকৰ আধাৰ নম্বৰ । সংবাদমেলতে ধান কলৰ গুদাম স্থাপনৰ বাবে ৰাজ সাহায্যৰ প্ৰদানৰ কথা উল্লেখ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে বিগত দিনত ধানৰ ন্যূনতম সমৰ্থন মূল্য কম বুলি যথেষ্ট চৰ্চা অব্যাহত আছিল। কৃষকসকলে MSP বৃদ্ধি কৰিবলৈ কৃষকসকলক দাবী জনাই আহিছিল। অৱশেষত প্ৰতিকুইন্টলত ১০০ টকাকৈ বঢ়ালে। উল্লেখ্য যে প্ৰথমবাৰলৈ একেলগে ১০০ টকাকৈ বৃদ্ধি পালে প্ৰতি কুইণ্টল ধানৰ মূল্য। ইয়াৰ লগে লগে প্ৰতি কুইণ্টল ধানৰ MSP হ'ল ২,০৪০ টকা, পূৰ্বে এই নিৰিখ আছিল ১,৯৪০ টকা।

লগতে পঢ়ক- পূজাৰ বতৰত উৎকট গৰমে দহিছে অসমক

 

English Summary: PRICE HIKE MSP in PADDY

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.