1. পশুপালন

দেশী গাই বনাম জাৰ্চি গাইঃ বাণিজ্যিকভাৱে কোনটো প্ৰজাতি কিমান লাভজনক?

Mrigakshi Phukan
Mrigakshi Phukan
jersey cow
jersey cow

দেশৰ বেছিভাগ পশুপালকে গো পালন কৰে। কাৰণ গো পালন কৰিলে উপাৰ্জন দ্ৰুতগতিত বৃদ্ধি পায়। আমাৰ দেশত বহুতো প্ৰজাতিৰ গৰু পোৱা যায়। সেইবোৰ পশুপালকে প্ৰতিপালন কৰি যথেষ্ট লাভ অৰ্জন কৰিব পাৰে। কিন্তু আপুনি জানেনে কোন প্ৰজাতিৰ গৰুৱে বেছি পৰিমাণৰ গাখীৰেৰে বজাৰত অধিক লাভ অৰ্জন কৰিব পাৰে আৰু কোন প্ৰজাতিৰ গৰুৱে আটাইতকৈ বেছি গাখীৰ দিয়ে? পশুপালকসকলে আটাইতকৈ বেছি দেশী আৰু জাৰ্চি গৰু পালন কৰে। কাৰণ এই গৰুবোৰৰ গাখীৰ দিয়াৰ ক্ষমতা অধিক।

দেশী গৰু

যদি আমি এই গৰুটোৰ পৰিচয়ৰ কথা ক’বলৈ হ’লে কব লাগিব যে ইয়াৰ শিংবোৰ দীঘল আৰু গাত ডাঙৰ কুঁজৰ দৰে থাকে। এই গৰুৰ বিশেষত্ব হৈছে যে এই গৰুৱে গৰম সহজে সহ্য কৰিব পাৰে। সেয়েহে, এই গৰু উত্তৰ ভাৰতত বেছিকৈ পোৱা যায়। দেশী গৰুৱে এবাৰত প্ৰায় ৩ৰপৰা ৪ লিটাৰ গাখীৰ দিয়ে আৰু এই গৰুটোৰ সন্তান হ'বলৈ প্ৰায় ৩০ৰপৰা ৩৬ মাহ সময় লাগে। ইয়াৰ লগে লগে গৰুৰ গাখীৰৰ পৰিমাণো অধিক হয়।

অসমৰ গৰুবোৰৰ কোনো বিশেষ স্বীকৃতিপ্ৰাপ্ত জাত নাই। এই গৰুবোৰ সৰু আটিল। আমাৰ গাইবোৰৰ গাখীৰ দিয়া ক্ষমতা দৈনিক গড়ে আধা লিটাৰৰপৰা দুই লিটাৰ মাত্ৰ।

চেউৰীবোৰে প্ৰায় ২১ মাহৰপৰা ২৪ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায় আৰু এই গাইবোৰৰ এটা পোৱলিৰ পৰা আনটো পোৱালি দিয়া সময়ৰ পাৰ্থক্য বেছি। অৱশ্যে মতা গৰুবোৰ হাল বোৱা আৰু গাড়ী টনা কামত ব্যৱহাৰ হয়। অসমৰ শ্ৰেণীবদ্ধ্ নোহোৱা থলুৱা জাতৰ গাইৰ ফলোৎপাদন আৰু পুনৰুদ্ভৱ কৰিব পৰা ক্ষমতা কম। সেয়েহে এই গৰুবিলাকক কোনো বিশেষ প্ৰজাতি হিচাবে গণ্য কৰা নাযায়।

জাৰ্চি গৰু

জাৰ্চি গৰু হৈছে গৰুৰ এটা সৰু প্ৰজাতি। যি শুকান পশুখাদ্য আৰু শস্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব পাৰে। পশুপালকসকলেও ইয়াক পালন কৰিমবলৈ ভাল পায় কাৰণ এই গৰুৰ প্ৰজনন অতি সহজ। জাৰ্চি গৰুৱে এসময়ত প্ৰায় ১২ ৰপৰা ১৪ লিটাৰ গাখীৰ দিয়ে। পোৱালি জন্ম দিবলৈ জাৰ্চি গৰুক প্ৰায় ১৮ৰপৰা ২৪ মাহ সময় লাগে।

তাৎপৰ্যপূৰ্ণ যে, জাৰ্চি গৰুৰ গাখীৰত তেল অধিক পোৱা যায়। সেয়েহে, ইয়াৰ গাখীৰৰপৰা বজাৰত আইচক্ৰীম, খোয়া, চীজ আদি তৈয়াৰ কৰা হয়। জাৰ্চিবোৰ এক বৰ্ণসংকৰ জাতৰ গাই। বৰ্ণসংকৰ মানে হৈছে অধিক উৎপাদনক্ষম বিদেশী জাত। এই জাতৰ ভিতৰত জাৰ্চি অন্যতম। ইয়াৰ বৈশিষ্ট হ’ল-ই অধিক উৎপাদনক্ষম হোৱাৰ লগতে স্থানীয় পৰিৱেশৰ লগত খাপ খাব পাৰে। এজনী বৰ্ণস্ংকৰ গাইৰ পৰা আমি চাৰি-পাঁচ লিটাৰ গাখীৰ সহজে পাব পাৰোঁ। কিন্তু তেনে গাইৰপৰা অধিক উৎপাদন পাবলৈ প্ৰতিপালনো উন্নত মানৰ হ’ব লাগিব।

লগতে পঢ়কঃ শহাপহু পালন কৰি এবছৰতে হওক লাখপতি

English Summary: Difference between desi and jersey cow

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.