1. News

5G য়ে সমাধান কৰিব কৃষকৰ সমস্যাঃ কেনেকৈ জানক...

Mrigakshi Phukan
Mrigakshi Phukan
drone used in agriculture
drone used in agriculture

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শনিবাৰে ভাৰতত আনুষ্ঠানিকভাৱে ৫জি সেৱা মুকলি কৰে। ৫জি প্ৰযুক্তিয়ে দেশবাসীক দ্ৰুতবেগী ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু এই নতুন যুগৰ প্ৰযুক্তি সাজু হৈছে ভাৰতৰ ডিজিটেল বিপ্লৱক শক্তিশালী কৰিবলৈ। ৫জিৰ এনে এটা এপ্লিকেচন হৈছে স্মাৰ্ট ফাৰ্মিং ছলিউশ্যন, যিটো ইণ্ডিয়া মোবাইল কংগ্ৰেছত প্ৰদৰ্শিত হৈছে। উল্লেখ্য যে এই মোবাইল কংগ্ৰেছতে শনিবাৰে ৫জি সেৱা মুকলি কৰা হৈছিল।

এল এণ্ড টি স্মাৰ্ট ৱৰ্ল্ড আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্টৰ আৰু চেণ্টাৰ অৱ এডভান্সড কম্পিউটিং (চিডিএচি) সমৰ্থিত এগ্ৰ’ স্মাৰ্টৰ সৈতে মিলি টেলিকম কোম্পানী এয়াৰটেলৰ এক যৌথ পদক্ষেপ গ্ৰহণ কৰিছে য’ত কৃষি ক্ষেত্ৰত স্মাৰ্ট চেন্সৰ আৰু কণ্ট্ৰ’লাৰক একত্ৰিত কৰি কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰি থকা হৈছে। অৰ্থাত এয়াৰটেলৰ উদ্যোগত স্মাৰ্ট চেন্সৰ ব্যৱহাৰ কৰি কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ কাম চলি আছে।

এই চেন্সৰবোৰে শস্য আৰু মাটিৰ অৱস্থা অনুমান কৰিব পাৰে। তাৰ পাছত তথ্যসমূহ ৫জি চালিত ক্লাউড ভিত্তিক আন্তঃগাঁথনিলৈ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰেৰণ কৰা হয়, যিয়ে এটা এপৰ জৰিয়তে কৃষকসকলক অনুকূল কৃষি পদ্ধতিৰ বিষয়ে তেওঁলোকৰ স্মাৰ্টফোনত পৰামৰ্শ আগবঢ়ায়।

“এবিধ উদ্ভিদে যথেষ্ট পৰিমাণৰ উৎপাদন দিবলৈ হ’লে আৰু লগতে উদ্ভিদৰ উৎপাদন ক্ষমতা বৃদ্ধি পাবলৈ হ’লে বিশেষ উপাদান কিছুমান মাটিত থাকিব লাগিব। আৰ্দ্ৰতা, উষ্ণতা আদি সকলো বস্তু এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত ৰাখিব লাগিব।’-চিডিএচি তিৰুৱনন্তপুৰমৰ কণ্ট্ৰ’ল এণ্ড ইনষ্ট্ৰুমেণ্টেচন গ্ৰুপৰ যুটীয়া সঞ্চালক অনীশ সত্যনে এইদৰে কয়।

ইয়াক সমৰ্থনত তেওঁ জনায় যে নিয়ন্ত্ৰক আৰু চেন্সৰৰ তাঁৰৰ ফিড এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।

প্ৰয়োজনীয় সময়ত ছেন্সৰ আৰু ড্ৰ’নৰ সহায়ত শস্যবিধ নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আৰু প্ৰয়োজন হ’লে পৰিৱৰ্তনৰ আদেশ দি উদ্ভিদৰ বাবে অনুকূল প্ৰাকৃতিক অৱস্থাটো কৃত্ৰিমভাৱে বজাই ৰখাই ইয়াৰ উদ্দেশ্য।

 

এই প্ৰযুক্তিয়ে উদ্ভিদৰ আয়ুস আৰু উৎপাদনৰ মান বৃদ্ধি কৰিব। ইয়াৰ লক্ষ্য হৈছে শ্ৰম ব্যয় আৰু বিদ্যুতৰ চাৰ্জ হ্ৰাস কৰি খেতিৰ ব্যয় হ্ৰাস কৰা। চিডিএচিৰ বিষয়াগৰাকীয়ে কয়, “আমি যেতিয়াই আৰু য’তেই প্ৰয়োজন হয় তেতিয়াই গছৰ শিপাক পৰ্যাপ্ত পৰিমাণৰ পানী দিলে পানীৰ ব্যৱহাৰ আৰু বিদ্যুতৰ ব্যৱহাৰ কমি আহিব।”

 

তেওঁলোকে জলবায়ুৰ নিয়ন্ত্ৰক কৃষি কক্ষও প্ৰদৰ্শন কৰে যিয়ে বায়ুমণ্ডলৰ উষ্ণতা বা পৰিমাপসমূহ বজাই ৰাখিব পাৰে। ইয়াৰ ফলত কৃষিৰ বৈচিত্ৰ্য বৃদ্ধিত সহায়ক হ’ব বুলি আশা কৰা হৈছে, কিয়নো যিবোৰ শস্য সাধাৰণতে বিশেষ অঞ্চল এটাৰ জলবায়ুত উপযোগী নহয়, সেইবোৰো জলবায়ু স্থিতিস্থাপক কৃষি কক্ষলৈ আনি খেতি কৰিব পাৰি বুলি সত্যানে সংবাদমাধ্যমক জনায়।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৫জি সেৱা

English Summary: 5G technology can boost agriculture production

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.