Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 November, 2022 12:11 PM IST
সম্ভাৱনাৰ দিশত মুগা আৰু এৰী শিল্প

মুগা আৰু এৰী অসমৰ পৰম্পৰাগত শিল্প। সম্প্ৰতি এই দুই শিল্পৰ দ্বাৰা অসমে বিশ্বদৰবাৰত নিজকে চিনাকী দিবলৈ সমৰ্থ হৈছে। আজিকালি সততে এই দুই শিল্পৰ ক্ৰমাগত হ্ৰাস হোৱা বুলি অভিযোগ শুনিবলৈ পোৱা যায়। কিন্তু চৰকাৰী তথ্য অনুসৰি ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈকে এৰী সূতা উৎপাদন ৫০৬০, ৫৬৩৭, ৬৬৬১, ৬৯১০, ৭২০৪,৬৯৩৫ মেট্ৰিক টনকৈ  ক্ৰমাগত বৃদ্ধি পৰিলক্ষিত হয় । ঠিক সেইদৰে ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈকে মুগা ক্ৰমাগত ১৬৬, ১৭০, ১৯২, ২৩৩, ২৪১, ২৩৯ মেট্ৰিক টন উৎপাদন হয় ।

মুগা সূতাৰ ছাতি । সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰিব পাৰে।

এইটো কথা সত্য যে, কিছু পৰম্পৰাগত অঞ্চলত মুগা শিল্প হ্ৰাস হৈছে, কিন্তু নতুন অঞ্চলত এই শিল্প গা কৰি উঠিছে। তেনেদৰে এৰী শিল্পৰ ক্ষেত্ৰত বহুত নতুন উদ্যোগী আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। কাৰ্যক্ষেত্ৰতো মুগা আৰু এৰী দুয়োটা শিল্পৰ উৎপাদিত সামগ্ৰীৰ মূল্য পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। খোলাৰ পৰা সূতা তথা বস্ত্ৰ লৈকে এই বৃদ্ধি পৰিলক্ষিত হৈছে। ইয়াৰ ওপৰিও দুয়োটা ক্ষেত্ৰত উপলব্ধ পাৰ্শ্ব উৎপাদনৰ অফুৰন্ত সম্ভাৱনা মানুহে বুজি উঠিছে।

লগতে পঢ়ক- 

ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

এৰীপলুৰ লেটাৰ পৰা প্ৰস্তুত কৰা PUPAE OIL
লেটাৰ ব্যৱসায়

ইতিমধ্যে বহুত পৰম্পৰাগত কৃষকৰ লগতে বহু উচ্চ শিক্ষিত উদ্যোগীয়ে এই ক্ষেত্ৰত  উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিছে । ব্স্ত্ৰ উৎপাদন ক্ষেত্ৰত আগবাঢ়ি অহা উদ্যোগীৰ সংখ্যা অধিক পৰিলক্ষিত হয় । কিন্তু কেঁচামাল অৰ্থাৎ খোলা উৎপাদনত সমানে গুৰুত্ব দিয়াটো সমানেই গুৰুত্বপূৰ্ণ।‌কিছুসংখ্যক উদ্যোগীয়ে দুয়োটা ক্ষেত্ৰত কাম কৰাটো আশাব্যঞ্জক বতৰা। 

সততাৰে কাম কৰিলে মুগা আৰু এৰী শিল্পৰ দ্বাৰা দেশৰ অৰ্থনীতিত উল্লেখযোগ্য বৰঙনি আগবঢ়াব পাৰি। চীন, থাইলেণ্ড আদি দেশে বিভিন্ন পাৰ্শ্ব উৎপাদনৰ যোগেদি আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰসাধন সামগ্ৰীৰ পৰা আদি কৰি বিভিন্ন বৈচিত্ৰময় বস্ত্ৰ আৰু ঘৰুৱা আচবাব এৰী আৰু মুগাৰ পৰা প্ৰস্তুত কৰাৰ প্ৰচূৰ সম্ভাৱনা আছে।

লেখক : ড০ মৃদুল কুমাৰ শৰ্মা, জ্যোষ্ঠ বিজ্ঞানী, কেন্দ্ৰীয় ৰেচম ব'ৰ্ড

ফোন- ৭০০২৯২৭৬৪০

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

English Summary: Velvet and Erie industry in terms of potential
Published on: 13 November 2022, 10:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now