1. News

ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

KJ Staff
KJ Staff
ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰ এৰী পলুৰ পালনৰ লাভালাভ
ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰ এৰী পলুৰ পালনৰ লাভালাভ

অসম তথা ভাৰতত উপলব্ধ বাণিজ্যিকভাৱে পালন‌ কৰা চাৰিপ্ৰকাৰ- ৰেচম পাট, এৰী, তচৰ আৰু মুগা ৰেচমৰ শিল্পৰ‌ ভিতৰত এৰী আৰু মুগা অসমৰ অন্যতম জনপ্ৰিয় ৰেচম । মুগা একমাত্ৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায় আৰু ইতিমধ্যেই ভৌগোলিক সূচ্যাংক লাভ কৰিছে । অসমৰ ব্ৰহ্মপুত্ৰ‌ উপত্যকা এৰী ৰেচমৰ উৎপত্তি স্থল ৰূপে গণ্য কৰা হয় । স্থানীয় প্ৰজাতিৰ এৰী ৰেচম কীটৰ (Samia ricini) থলুৱা vernacular নামকৰণ, ইয়াৰ প্ৰধান খাদ্য বৃক্ষ এৰা গছৰ অসমীয়া নামৰ ওপৰত ভিত্তি কৰি হোৱাৰ বাবে আৰু ইয়াৰ ঐতিহাসিক দৃষ্টিকোণৰ পৰা ইয়াৰ স্থানীয় প্ৰজাতিৰ উৎপত্তি অসমতে হোৱা বুলি গণ্য কৰা হৈছে ।এৰী ৰেচম শিল্প বন্য ৰেচমৰ ভিতৰত সবাতোতকৈ জনপ্রিয় আৰু ইয়াক ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ বাবে শতিকাৰ ৰেচম আখ্যা দিয়া হয় । পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্ঠি থকাৰ সহন ক্ষমতা, প্রচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্রতাৰ সম্ভাবনীয়াৰ বাবে এৰী শিল্পই জনপ্রিয় শিল্প ৰূপে পৰিগণিত হৈছে । যোৱা দশকত এৰীৰেচমৰ উৎপাদন উল্লেখনীয় ভাবে বৃদ্ধি হৈছে ।

উদাহৰণ স্বৰূপে ২০০৪-০৫ ইয়াৰ উৎপাদন আছিল ১,৪৪৮ টন আৰু বৰ্তমান ২০০১৮-১৯ এই উৎপাদন বাঢ়ি ৬,৮৩৯ টন হৈছে । গৱেষণা তথা সম্প্রসাৰণ ক্ষেত্রত লাভ কৰা উল্লেখ যোগ্য সফলতা আৰু জনপ্ৰিয়তাই এই উন্নতিত অৰিহনা যোগাইছে ।অনুকূল বাতাৱৰণ তথা পয্যাৰ্প্ত পৰিমানে পোৱা খাদ্য বৃক্ষৰ কাৰনে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । বিচিত্র উপাৰ্জন আৰু মূল্য সংযোজনৰ দ্বাৰা অধিক লাভবান হ’ব পাৰি। এৰী সূতাৰ লগত যিকোনো ধৰণৰ সূতা যেনে, পাট, মুগা, টচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেণ্ডিং কৰি কাপোৰ বনাব পাৰি । ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি । চাহপাতৰ পৰা পেলনীয়া পিয়াঁজৰ বাকলি লৈকে নানা ধৰণৰ বস্তু প্ৰাকৃতিক ৰঙৰ কাৰণে ব্যৱহাৰ কৰা হয় ।‌ দেশ-বিদেশত প্ৰাকৃতিক ৰঙ কৰা এৰী বস্ত্ৰৰ চাহিদা বেছি। বিশেষকৈ বিদেশী লোকে প্ৰাকৃতিক ৰঙৰ কাপোৰ বেছি পছন্দ কৰে । ভাৰতৰ দেশীয় গ্ৰাহকে ৰঙীন কাপোৰ বেছিকৈ পছন্দ কৰে। পৰম্পৰাগত এৰী চাদৰৰ উপৰিও টাই, মাস্ক, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, কোট, জেকেট আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মাণ কৰা হৈছে।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

চিল্কৱ'ৰ্মছ
চিল্কৱ'ৰ্মছ

নৱ প্রজন্মৰ পছন্দ আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি টি চাৰ্ট, চুৰিদাৰ জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছে । বৰফে আবৃত দেশৰ সীমা অঞ্চলত সদা জাগ্ৰত প্ৰহৰী সেনা বাহিনীৰ বস্ত্ৰ এৰীৰ পৰা বনালে অধিক জনপ্ৰিয় হ'ব পাৰে । বৰ্তমান শীত আৰু গ্ৰীষ্মকালীন সময়ত পিন্ধিব পৰা এৰী বস্ত্ৰৰ ব্যৱহাৰ হৈছে । মুঠৰ ওপৰত শতিকাৰ ৰেচম এৰী শিল্পই দেশৰ সামাজিক তথা অৰ্থনৈতিক দিশত কুটীৰ শিল্পৰূপে এক নতুন দিগন্তৰ সূচনা কৰিছে । বহুতো উদ্যোগীয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহি যুগান্তকাৰী কৰ্ম কৰিবলৈ সমৰ্থ হৈছে । পলু পালন তথা খাদ্য বৃক্ষ এই দুয়োটাৰ পৰা প্ৰচুৰ পাৰ্শ্ব উৎপাদন কৰিব পৰা যায় । এৰী লেটাক পাৰ্শ্ব উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিব পাৰি । ইয়াত শতকৰা প্ৰায় ৪০-৫০ ভাগ প্ৰ’টিন, ৪৪ ভাগ প্ৰয়োজনীয় এমাইন’ এচিদ উপৰিও ভিটামিন আদি থকাৰ বাবে উন্নত খাদ্য হিচাপে গণ্য কৰা হয় । উত্তৰ পূৰ্বাঞ্চলত এৰী লেটা এটা জনপ্ৰিয় খাদ্য । পাৰ্বত্য অঞ্চল আৰু জনজাতীয় লোকসকলে এৰী লেটা সম্পূৰ্ণ পৈণত হোৱাৰ আগতেই ভক্ষণ কৰে, কিন্তু ‌ভৈয়ামৰ লোক সকলে পৈণত লেটা খাবলৈ ভাল পায় । এইবোৰ কাৰণেই এৰী লেটাই মূখ্য উৎপাদনৰ স্থান দখল কৰিছে আৰু অধিক অৰ্থ উপাৰ্জনত (প্ৰায় ৭৫ শতাংশ) অৰিহণা যোগায় । উদাহৰণস্বৰূপে মাত্ৰ ১০০ জনী চকৰীৰ কণী পালন কৰি প্ৰায় ৫০ কিলোগ্ৰাম লেটা উৎপাদন কৰি ২০ হাজাৰ লৈকে উপাৰ্জন কৰিব পৰা যায় । এইক্ষেত্ৰত ১০ কিলোগ্ৰাম খোলাৰ পৰা মাত্ৰ আঠহাজাৰ টকালৈকে পাব পাৰি ।‌ উত্তৰ পূৰ্বাঞ্চলত বহুত মানুহে মাত্ৰ এৰী লেটা খোৱাৰ কাৰণেই এৰী পলু পোহে । এৰী খোলা উৎপাদন এখেতসকলৰ বাবে গৌণ কাৰ্য। উচ্চ ৰক্তচাপ তথা শৰ্কৰাজনীত ৰোগত আক্ৰান্ত ৰোগীয়েও এৰী লেটা ভক্ষণ কৰিব পাৰে বুলি উল্লেখ আছে । এৰী লেটা কুকুৰা, গাহৰী, মাছ আদিৰো উত্তম খাদ্য হিচাবে ব্যৱহাৰ কৰিব পাৰি । বিভিন্ন ধৰণৰ আচাৰ আদি এৰী লেটাৰ পৰা প্ৰস্তুত কৰা হয় । এৰী লেটা শুকুৱাই সঞ্চয় কৰি ৰাখিব পৰাৰ সম্ভাৱনীয়তা আছে । ইয়াক পাউদাৰ বনাই খাব পৰা যায় । বেচনৰ লগত মিহলাই পকৰি বা ফুলৰি বনাব পাৰি । তাৰোপৰি ‌মুৰ্গী মাংসৰ দৰে জলকীয়া, পিয়াজ আদি মিহলাই উপাদেয় খাদ্য প্ৰস্তুত কৰিব পাৰি । উদ্যমী যুৱক যুৱতীয়ে চাকৰিমুখী প্ৰৱণতা ত্যাগ কৰি‌ এৰী লেটাৰ যোগেদি স্বনিৰ্ভৰশীল হ'ব পাৰে ।

লেটাৰ পৰা প্ৰস্তুত কৰা  PUPAE OIL
লেটাৰ পৰা প্ৰস্তুত কৰা PUPAE OIL

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোণা অতিমাৰীৰ সময়ত শ্ৰমিক প্ৰবজন ‌সমস্যা আৰু শ্ৰমহীনতাৰ ক্ষেত্ৰত এনে‌ ধৰণৰ পৰম্পৰাগত সামগ্ৰীৰ ওপৰত ভিত্তি কৰি‌ গঢ় লোৱা ‌ক্ষুদ্ৰ উদ্যোগে নিবনুৱা সমস্যা সমাধানত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল । থাইলেণ্ড, চীন আদি দেশত ৰেচম লেটাৰ পৰা বিচিত্ৰ ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয় আৰু ৰপ্তানি কৰে । ৰিফাইন তেলৰ দৰে খাদ্য তেল এৰী লেটাৰ পৰা নিষ্কাশন কৰা হয় । অসমতো এৰী লেটাৰ যোগেদি বহুতো উদ্যোগী সৃষ্টি হোৱাৰ অৱকাশ আছে । এৰী লেটাৰ পাউদাৰ প্ৰস্তুত কৰি, এৰী লেটাৰ শুকুৱাই ‌সংৰক্ষণ আদিৰ জড়িয়তে অৰ্থ উপাৰ্জন কৰিব পৰা যায় । এইবোৰ সামগ্ৰীৰ উন্নত মানৰ মেচিন ব্যৱহাৰ কৰি বতাহ শূণ্য অৱস্থাত পেকেট অথবা টিন‌ ফুড বনাব পৰা যায় । সাম্প্ৰতিক সময়ত ভাৰতৰ অন্য প্ৰদেশতো ‌এৰী পালন‌ কৰিবলৈ আৰম্ভ কৰা হৈছে যদিও লাভজনক ‌হোৱা নাই । কাৰণ‌ উল্লেখ কৰা অনুসৰি এৰী লেটা‌ ব্যৱহাৰ নকৰিলে ‌ইয়াৰ‌ পৰা লাভ কৰিব নোৱাৰি ‌। অসমৰো কোনো কোনো অঞ্চলত ‌এৰী পলু পালন কৰিলেও লেটা পেলাই দিয়ে অথবা প্ৰয়োজনতকৈ অধিক উৎপাদন হোৱা বাবে ‌বিক্ৰি কৰে । এই লেটা বিলাক উদ্যোগৰ বাবে কেঁচা মাল হিচাপে ‌ব্যৱহাৰ কৰাৰ স্থল আছে । ইয়াৰ ওপৰিও নিজে পলু পুহি লেটা উৎপাদন কৰিব পাৰি । ইয়াৰ বাবে মাত্ৰ চাকৰি মুখী মানসিকতা ত্যাগ কৰি আগ্ৰহ, সততা আৰু উদ্যমেৰে আগবাঢ়ি আহিব লাগিব । চৰকাৰী অথবা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা প্ৰয়োজনীয় ‌প্ৰশিক্ষণ ল'ব পৰা যায়।

লেখক : ড০ মৃদুল কুমাৰ শৰ্মা, জ্যোষ্ঠ বিজ্ঞানী, কেন্দ্ৰীয় ৰেচম ব'ৰ্ড

ফোন- ৭০০২৯২৭৬৪০

লগতে পঢ়ক- 

এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

English Summary: Benefits of Larval rearing from commercial and industrial perspectives

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.