1. News

MasterChef : চ’নী টিভিৰ মাষ্টাৰচেফ ইণ্ডিয়া-৭ত উজলিল অসমৰ দুই সন্তান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Sony TV's MasterChef India-7
Sony TV's MasterChef India-7

অৱশেষত চ’নী টিভিৰ ৰন্ধন ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়াত ৰান্ধনী হিচাপে ৩ মাহৰ পৰীক্ষাৰ অন্তত শীৰ্ষস্থানত উজলিল অসমৰ দুই সন্তান। দৰ্শকৰ সমাদৰ লাভ কৰা ৰিয়েলিটি শ্ব'টোৰ এই চিজনত অসমৰ পৰা তিনিগৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু নিজৰ ৰন্ধন প্ৰতিভাৰে Master Chef India ৰ খিতাপ নয়নজ্যোতি শইকীয়াই আৰু  First Runner Up ৰ খিতাপ অৰ্জন কৰিলে শান্তা শৰ্মাই। 

Master Chef India ৰ খিতাপ অৰ্জন কৰা নয়নজ্যোতি শইকীয়াই ‘মাষ্টাৰচেফ ইণ্ডিয়া’ৰ লোভনীয় ট্ৰফী, ২৫ লাখ টকাৰ চেকৰ লগতে নয়নজ্যোতিক সোণালী চেফৰ কোটৰে পুৰস্কৃত কৰা হয়। ইফালে, প্ৰতিযগিতাত, অসমৰ First Runner Up ৰ খিতাপ অৰ্জন কৰা সান্তা শৰ্মা আৰু মহাৰাষ্ট্ৰৰ দ্বিতীয় ৰানাৰ্ছ আপ সুৱৰ্ণা বাগুলক ৫ লাখ টকাৰ চেক দিয়াৰ লগতে দুয়োকে মেডেলও প্ৰদান কৰা হয়। উল্লেখ্য যে Master Chef India-7 চূড়ান্ত প্ৰতিযোগিতাত  নয়নজ্যোতিয়ে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন জয় কৰিলে আৰু ফাইনেলত ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। আপুনি জানি আচৰিত হ’ব যে ২৬ বছৰীয়া নয়নজ্যোতিৰ কোনো পেছাদাৰী শিক্ষাৰ অবিহনে বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন ৰান্ধিবলৈ শিকিছিল। তেওঁ নিজে নতুন কৌশল ৰন্ধন শৈলীত ব্যৱহাৰ কৰিছিল। নয়নজ্যোতিয়ে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, গুৱাহাটীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০২০ চনত নয়নজ্যোতিয়ে নৰ্থ-ইষ্ট কুকিং চেম্পিয়নশ্বিপত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। 'মাষ্টাৰচেফ ইণ্ডিয়া'লৈ অহাৰ আগতে, তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো বিচাৰক আৰু ৰান্ধনী বিকাশ খান্নাই লক্ষ্য কৰিছিল। নয়নজ্যোতিৰ দেউতাকে ৰন্ধনত তেওঁৰ কেৰিয়াৰ গঢ়াটো বিচাৰে নাছিল বুলি প্ৰকাশ কৰিছিল, কিন্তু বিকাশ খান্নাই তেওঁৰ দেউতাকক সৈমান কৰিবলৈ নয়নজ্যোতিৰ তিনিচুকীয়াৰ বাসগৃহলৈ আহিছিল আৰু তেওঁক মাষ্টাৰচেফ ইণ্ডিয়া শ্ব’লৈ মাতি নিছিল।

লগতে পঢ়ক- 

ঘৰতে ত্ৰিফলা প্ৰস্তুত কৰি কেনেদৰে কৰিব ব্যৱসায়!

Master Chef India  থিতাপ দখল কৰি নয়নজ্যোতি শইকীয়াই কয় যে মোৰ এটা সাধাৰণ সপোন আছিল, মাথোঁ মাষ্টাৰচেফ ইণ্ডিয়ালৈ গৈ ৰান্ধিব বিচাৰিছিলো, কিন্তু এতিয়া অনুভৱ কৰিছো যে মোৰ জীৱনৰ সকলো লক্ষ্য পূৰণ হৈছে। কেৱল মাষ্টাৰচেফত যোৱাই নহয়, এপ্ৰ’ন এটাও পাইছিলোঁ। মোৰ নিজৰ ওপৰত সন্দেহ আছিল, কিন্তু তিনিওজন বিচাৰকে আমাক বহুত প্ৰেৰণা দিছিল, বিশেষকৈ চেফ বিকাশে অডিচনৰ দিনটোৰ পৰা মোক বহুত সহায় কৰিছে।” নয়নে লগতে কয় যে “আটাইতকৈ ডাঙৰ কথাটো হ’ল মোৰ দেউতা সকলোতকৈ সুখী। এই মঞ্চই আমাক কিমান সুযোগ দিছে সেয়া মই কল্পনাও কৰিব নোৱাৰো। এই মঞ্চৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম"

উল্লেখ্য যে নয়নজ্যোতি আৰু শান্তা শৰ্মাৰ এই সফলতাই অসমীয়া থলুৱা খাদ্যৰ এখন বৃহৎ বজাৰৰ সম্ভাৱনাক পোহৰলৈ আনিছে। যি কেৱল অসমতে সীমাবদ্ধ নহয় । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰতো অলেখ সম্ভাৱনা আছে । গতিকে কেৱল হাত তালি মাৰিয়েই দায়িত্ব নাসামৰি এই বজাৰখনক কেনেকৈ আগুৱাই নিব পাৰি এইবিষয়েও চিন্তা-চৰ্চা কৰি আগবাঢ়িব লাগে। লগতে কওঁ যে ভৱিষ্যতে প্ৰতিভাৱান নয়নজ্যোতি শইকীয়া আৰু সান্তা শৰ্মাই এই অভিজ্ঞতা তথা প্ৰতিভাৰে বুজন পৰিমাণৰ বেতনৰ জীৱিকা বাচি ল’বনে নে Entrepreneur হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব সেয়া লক্ষ্যনীয় হ'ব।

লগতে পঢ়ক- 

শোণিতপুৰৰ বিস্তীৰ্ণ এলেকাত নিজে নিজে গজি উঠিছে এবিধ দুৰ্লভ প্ৰজাতিৰ ধান

English Summary: Two Assamese shone in Sony TV's MasterChef India-7

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.