1. News

শোণিতপুৰৰ বিস্তীৰ্ণ এলেকাত নিজে নিজে গজি উঠিছে এবিধ দুৰ্লভ প্ৰজাতিৰ ধান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
A rare variety Paddy grows naturally over large areas in Sonitpur
A rare variety Paddy grows naturally over large areas in Sonitpur

শোণিতপুৰ জিলাৰ ৰঙাপৰাত কোনেও কোনোদিন খাদ্য হিচাবে ব্যৱহাৰ কৰি নোপোৱা এবিধ দুৰ্লভ প্ৰজাতিৰ ধান আবিস্কাৰ হৈছে ৷ ধান বিধক লৈ ইতিমধ্যে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৃষি বিজ্ঞানীসকলে ৷ পথৰ দাঁতিৰ এক এলেকাজুৰি প্ৰাকৃতিকভাৱেই গজি উঠা ধানবিধক সংৰক্ষণ কৰি আহিছে স্থানীয় কৃষকসকলে ৷

প্ৰায় চাৰিফুট পৰ্যন্ত ওখ ধানগছবোৰত ৬-৮ ইঞ্চি দীঘল থোক লাগে ৷ প্ৰতিটো থোকতে থাকে প্ৰায় ৫০-১৫০ টা বীজ ৷ অৱশ্যে ধান থোকৰ ২০ শতাংশহে ধান আৰু বাকী ৮০ শতাংশই পতান ৷ বনৰীয়া ধান হিচাপে এই পৰ্যন্ত বিবেচনা কৰি অহা ধানগছবোৰ যথেষ্ট লেহুকা যদিও ইয়াৰ শিপা যথেষ্ট মজবুত ৷ ইয়াৰ থোকবোৰত শক্তি ইমানেই কম যে ধানজোপাত স্পৰ্শ কৰিলেই মাটিত সৰি পৰে ধানসমূহ ৷ এটা গোজাত সৰ্বোচ্চ ৪ জোপা গছ থাকে ৷ ধানবিধ দেখাত বাওধানসদৃশ ৷

লগতে পঢ়ক- 

Bamboo rice price : এমাজনত ১ কেজি বাঁহৰ চাউলৰ দাম ৩০০-৭০০ টকা

স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি এই ধানবিধ দেখি আহিছে যদিও এই পৰ্যন্ত ভাত হিচাপে ব্যৱহাৰ কৰা নাই ৷ বৰজুলী চাহ বাগিচাৰ সমীপৰ প্ৰায় ২ হেক্টৰ ভূমিজুৰি বিস্তৃত হৈ থকা দুৰ্লভ প্ৰজাতিৰ ধানবিধৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ অঞ্চলটো সম্প্ৰতি জৈৱ-বৈচিত্ৰ্য ক্ষেত্ৰ হিচাপে অধিগ্ৰহণ কৰি ৰাখিছে ৰাজ্য চৰকাৰে৷

উল্লেখ্য যে জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অসমভূমিত এতিয়াও বহু বহু গছ-লতিকা চিনাক্তকৰণ হোৱা নাই ৷ তাৰে কিছুমান সময়ে সময়ে আৱিষ্কাৰ কৰি সম্পন্ন কৰা হয় পৰীক্ষা ৷ এটা ভাল খবৰ যে এই অচিনাক্ত উদ্ভিদ, গছ-লতিকা, যিসমূহক লৈ ব্যস্ত হৈ পৰিছে উদ্ভিদ বিজ্ঞান।

লগতে পঢ়ক- 

৫০০ থলুৱা ধানৰ বীজ আৰু বিপন্ন শস্যৰ বীজ সংৰক্ষণ

English Summary: A rare variety of rice grows naturally over large areas in Sonitpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.