1. News

লেংৰা আম, বেনাৰসী পাণে লাভ কৰিলে GI টেগ

Mrigakshi Phukan
Mrigakshi Phukan
GI tag to banarsi paan and langra mango
GI tag to banarsi paan and langra mango

বাৰাণসীৰ বেনাৰসী পান আৰু লেংৰা আমক অৱশেষত ভৌগোলিক সূচক (জিআই) টেগ প্ৰদান কৰা হ’ল। বেনাৰসী পান আৰু লেংৰা আম, ৰামনগৰ ভাণ্টা (বেঙেনা) আৰু আদমচিনি ৰাইচকো জিআই টেগ প্ৰদান কৰা হৈছে। ৩১ মাৰ্চত, চেন্নাইৰ জি.আই. ৰেজিষ্ট্ৰীয়ে কাশীৰ দুটা সামগ্ৰীক GI টেগ প্ৰদান কৰিছিল। কাশী অঞ্চলৰ জিআই টেগ প্ৰদান কৰা মুঠ সামগ্ৰীৰ সংখ্যা এতিয়া ২২।

উত্তৰ প্ৰদেশ চৰকাৰে নাবাৰ্ডৰ (ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক) সহযোগত কোভিড পৰ্যায়ত ২০ টা ৰাজ্য-আধাৰিত সামগ্ৰীৰ বাবে জিআই আবেদন দাখিল কৰিছিল। ইয়াৰ ভিতৰত, ১১ টা সামগ্ৰী (যাৰ ভিতৰত আছে সাতটা ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট) আৰু কাশী অঞ্চলৰ চাৰিটা সামগ্ৰীয়ে এই বছৰ জিআই টেগ লাভ কৰিছে।

উল্লেখ্য যে, পূব উত্তৰ প্ৰদেশ আৰু বাৰাণসীৰ প্ৰায় ২০ লাখ লোক এই জিআই সামগ্ৰী তৈয়াৰ কৰাত জড়িত। এই সামগ্ৰীবোৰৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ হৈছে ২৫০০০ কোটি টকা। আৰু অহা মাহৰ শেষৰ ফালে বাকী ৯টা সামগ্ৰী- বেনাৰস লাল পেড়া, চিৰাইগাঁও গুজবেৰী, তিৰঙ্গী বৰফি, বেনাৰসী থাণ্ডাই আৰু বেনাৰস লাল ভৰৱা মিৰ্চকো দেশৰ বৌদ্ধিক সম্পত্তিত অন্তৰ্ভুক্ত কৰা হ'ব।

ইয়াৰ আগতে, কাশী আৰু পূৰ্বাঞ্চল অঞ্চলৰ ১৮ টা সামগ্ৰীত জিআই টেগ আছিল। বেনাৰস ব্ৰোকেড আৰু শাৰী, হস্তনিৰ্মিত ভদোহী কাৰ্পেট, মিৰ্জাপুৰ হস্তনিৰ্মিত কাৰ্পেট, বেনাৰস মেটেল ৰেপোচি ক্ৰাফ্ট, বাৰাণসী গুলাবি মীনাকাৰী, বাৰাণসী কাঠৰ লেকাৰৱেৰ আৰু পুতলা, নিজামাবাদ ব্লেক পেট্ৰি, বেনাৰস গ্লাছ বিডচ, বাৰাণসী চফ্টষ্টোন জালি ৱৰ্ক, গাজীপুৰ ৱাল হাংগিগ, চুনাৰ চেণ্ডষ্টোন, চুনাৰ গ্লেজ পাটাৰী, গোৰখপুৰ টেৰাকোটা ক্ৰাফ্ট, বেনাৰস জাৰডোজি, বেনাৰস হেণ্ড ব্লক প্ৰিণ্ট, বেনাৰস উড কাৰুকাৰ্য, মিৰ্জাপুৰ ব্ৰাছ বাচন আৰু মাউ শাৰীয়ে জিআই টেগ লাভ কৰিছিল।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ দামী ফলবিধ : এখন বিলাসী গাড়ীৰ সমান ব্যয়বহুল এটা Yubari melon

English Summary: GI tag to langra mango and banarsi paan

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.