1. অন্যান্য

How to Make Triphala : ঘৰতে ত্ৰিফলা প্ৰস্তুত কৰি কেনেদৰে কৰিব ব্যৱসায়!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ত্ৰিফলা
ত্ৰিফলা

আমাৰ গ্ৰামাঞ্চলসমূহত এনে কিছুমান বস্তুৰে ভৰপুৰ যাৰ দাম বজাৰ লগতে অনলাইন মাৰ্কেটসমূহত শুনিলে আপুনি আচৰিত হ’ব। কিন্তু এই বস্তুবোৰৰ কেঁচামাল অসমৰ গাঁৱে-ভূঞে উভেইনদী। গাঁৱে-ভূঞে এনেদৰে গেলি-পচি যাবলৈ ধৰা সামগ্ৰীসমূহ অকণমান যত্ন কৰি, কেইটামান কিটিপ শিকি আৰু একেবাৰে কম মূলধনৰে ব্যৱসায়িক ৰূপ দি যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। এই কামটোকে বহুজাতিক কোম্পানীসমূহে কৰি কৰি হাজাৰ টকা দৰত এই সামগ্ৰীসমূহ বিক্ৰি কৰি আছে গ্ৰাহকক ।

এনেদৰে গ্ৰাম্য জীৱনত এলাগি হৈ পৰা সামগ্ৰীক বহুজাতিক কোম্পানীসমূহে হাজাৰ টকা দৰত বিক্ৰি কৰা এবিধ সামগ্ৰী হল ত্ৰিফলা। ত্ৰিফলা প্ৰস্তুত কৰা হয় গ্ৰামাঞ্চলত সহজে উপলব্ধ আমলখি, শিলিখা আৰু ভোমোৰাৰ পৰা। যিবিলাক অসমৰ গ্ৰামাঞ্চলত সহজে উপলব্ধ।

লগতে পঢ়ক- 

সুৰুজমুখী কোম্পানীৰ সুৰুজমুখী যাত্ৰাৰ আপুনিও অংশীদাৰ হওঁক

কেনেকৈ প্ৰস্তত কৰিব ত্ৰিফলা :  

  • শিলিখাঃ ভোমোৰাঃ আমলখি=১০:২০:৩ জোখত লৈ তিনিওটা উপাদান লওঁক।
  • সতেজ শিলিখা, ভোমোৰা, আমলখিসমূহ চাফা কৰি গুটিবোৰ উলিয়াই সৰু সৰুকৈ কাটি লওক।
  • টুকুৰাবোৰ ছাঁত এসপ্তাহ বা সম্পূৰ্ণ শুকান হোৱালৈকে শুকুৱাই লওক।
  • আৰু সম্পূৰ্ণকৈ শুকোৱা শিলিখা, ভোমোৰা, আমলখি টুকুৰাবোৰক মিক্সাৰ-গ্ৰাইণ্ডাৰত মিহি গুড়ি বনাওক।
  • তাৰপাছতে বায়ু সোমাব নোৱাৰা বন্ধ পাত্ৰত সংৰক্ষণ কৰক।

ত্ৰিফলা প্ৰস্তুত কৰাৰ অন্ততঃ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- ব্যৱসায়ৰ বাবে ইয়াক বজাৰ বা গ্ৰাহকৰ কিদৰে উলিয়াই লৈ যাব! আমাৰ গ্ৰাম্য উদ্যোগীসকলৰ এনে বস্তুবোৰৰ গ্ৰাহকৰ বৰ এটা ভাল ভাৱ নাথাকে কাৰণ বহুজাতিক কোম্পানীসমূহৰ দৰে ইয়াৰ পেকেজিং কৰিব পৰা নাযায়। বহুজাতিক কোম্পানীসমূহৰ মূল সামগ্ৰীটো গুণগত মানৰ নহ’লেও ওপৰৰ পেকেজটো চকুত লগা ধৰণৰ হয়। এই কথাটোত গ্ৰাম্য উদ্যোগীসকলে গুৰুত্ব দিবলাগিব। আজিকালি এনেদৰে আকৰ্ষণীয়ভাৱে কোনো সামগ্ৰীৰ পেকেজিং ঘৰতে কৰিব পাৰি। এই পেকেজিং মেচিনটোৰ দামো বৰ বেছি নহয়। পেকেজিং মেচিনটোৰ কিনাৰ পাছতে ত্ৰিফলাৰ লগতে আপুনি গ্ৰামাঞ্চলত সহজে পোৱা সামগ্ৰীসমূহক লৈ এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰিব। এনেদৰেই কাম কৰি শিৱসাগৰৰ নাজিৰাৰ চুভানা হাজৰিকাই। কোনো আগ্ৰহী ব্যক্তিয়ে ত্ৰিফলা বা থলুৱা-ফলমূলসমূহক ব্যৱসায়িক ৰূপ বিষয়ে কোনো কথা জানিব বিচাৰিলে চুভানা হাজৰিকাৰ লগত এই নাম্বাৰত ৮৬৩৮১-৩৭৮৪৮ যোগাযোগ কৰিব। 

লগতে পঢ়ক- 

স্বামী Oil Indiaৰ বিষয়া কিন্তু চুভানা হাজৰিকাই লোণ লৈ আৰম্ভ কৰিলে ব্যৱসায়

English Summary: How to Make Triphala

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.