1. News

Organic farming : জৈৱিক খেতি ভবাৰ দৰে সহজ নহয় : মনোজ কুমাৰ মেনন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
KJ CHOUPAL
KJ CHOUPAL

বুধবাৰে কৃষি জাগৰণৰ কে জে চৌপালত থাকে আই চি অ’ এৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ মেনন। কৃষি জাগৰণ পৰিদৰ্শন কৰাৰ সমান্তৰালভাৱে কে জে চৌপালত উপস্থিত হৈ মেননে কৃষি সাংবাদিকসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰে। মত-বিনিময় কালত বিগত দিনত মেননে জৈৱিক কৃষিৰ ক্ষেত্ৰখনত তেওঁ কৰি অহা কামৰ খতিয়ান দাঙি ধৰাৰ সমান্তৰালভাৱে জৈৱিক কৃষিৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য কৃষি-সাংবাদিকসকলৰ সৈতে বিনিময় কৰে।

ভাষণত তেওঁ বৰ্তমান সময়ত জৈৱিক কৃষিৰ বৰ্তমানৰ অৱস্থা,  বহনক্ষম কৃষি ব্যৱস্থা আৰু ব্যৱসায়ক প্ৰসাৰিত কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। ভাষণতে মেননে দীৰ্ঘদিন ধৰি কৃষি আৰু কৃষকসকলৰ বাবে কাম কৰি অহা কৃষি জাগৰণ মিডিয়া গ্ৰুপক প্ৰশংসা কৰি কয়- যে কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক এম চি ডমিনিকে বহু ভাষাত আলোচনী আৰু পৰ্টেল আৰম্ভ কৰিছে। এইবোৰে কৃষকসকলক কৃষিৰ প্ৰতি আগ্ৰহী তোলাত সহায়ক হ’ব?

লগতে পঢ়ক- 

‘ক্ষুদ্ৰ জলসিঞ্চনে কেৱল পানীয়েই নহয় কৃষকৰ উপাৰ্জনতো নিৰ্ণায়ক ভূমিকা লয় ’

ভাষণতে মেননে কয় জৈৱিক খেতি এনে খেতি নহয়, যাৰ পৰা শিকিব পাৰি আৰু লগে লগে লাভ লাভ কৰিব পাৰি। ইয়াত আপুনি কমেও ৪ৰ পৰা ৫ বছৰলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তাৰ পিছত ক’ৰবাত আপুনি ইয়াৰ পৰা লাভৱান হ’বলৈ আৰম্ভ কৰে। তেওঁ কয় যে বহিঃৰাজ্যৰ পৰা কিছুমান মানুহ আহে যে এতিয়া আমি জৈৱিক খেতি কৰিব লাগিব। বৰ ৰোমান্টিক আইডিয়া যেন লাগে। আচলতে মানুহে ভবাৰ দৰে সহজ নহয় যে আমাক কোৱা হৈছে আৰু জৈৱিক খেতি কৰা হৈছে। কিন্তু দেখা পালে ইমান কঠিনও নহয়। মেননে আঙুলিয়াই দিলে যে জৈৱিক কৃষি হৈছে বহনক্ষমতাৰ আটাইতকৈ ওচৰৰ অন্যতম কৃষি ব্যৱস্থা, আৰু ই স্বাস্থ্যসন্মত, নিৰাপদ আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰে। তেওঁ কয় যে দেশৰ পুষ্টি সুৰক্ষাৰ চিন্তাৰ সমাধানৰ বাবে খাদ্য উৎপাদন ব্যৱস্থাৰ পৰা পুষ্টিকৰ খাদ্য ব্যৱস্থালৈ যোৱাটো প্ৰয়োজনীয়।

ইয়াৰ উপৰিও মেননে গ্ৰাম্য ভাৰতক "প্ৰকৃত ভাৰত" বুলি বিবেচনা কৰি কৃষকৰ অৱস্থা উন্নত কৰাৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। জৈৱিক কৃষিৰ ফলত উন্নত উৎপাদন আৰু উন্নত অৰ্থনীতি হ’ব পাৰে, কিন্তু সফলতা লাভ কৰিবলৈ কৃষকসকলক প্ৰয়োজনীয় সম্পদ আৰু সহায় আগবঢ়োৱাত গুৰুত্ব দিয়া উচিত বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

লগতে পঢ়ক- 

Insecticide Act : খানাপাৰত কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধ সন্দৰ্ভত কৰ্মশালা

English Summary: Organic farming is not as easy as people think

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.