অসমীয়া সমাজত এষাৰ কথা আছে যাৰ নাই গৰু সি সবাটোকৈ সৰু৷ আপ্তবাক্যশাৰী সত্যসত্যতা প্ৰতিজন অসমীয়া মানুহেই উপলব্ধি কৰি গৰুক বহাগ বিহুৰ প্ৰথম দিনটোতেই মাহ-হালধিৰে নোৱায়-ধোৱায় আৰু সুস্থ নিৰোগী হৈ থকাৰ কামনা কৰে৷ বৰ্তমান খেতিৰ বাবে টেক্টৰ, পাৱাৰটিলা ব্যৱহাৰ কৰে যদিও অসমৰ অধিকাংশ খেতিয়কে নিৰ্ভৰ কৰে গৰুহালৰ ওপৰত৷ সাৰ বুলিলে গৰু গোৱৰৰ বাহিৰে অসমীয়া অধিকাংশ কৃষকে অন্য ৰাসায়নিক কথা নাজানে৷ বিপদে-আপদে গৰুকেইটা বিক্ৰি কৰিয়েই সমস্যা সমাধানৰ চেষ্টা কৰে অসমীয়া মানুহে৷ ল’ৰাটোক, ছোৱালীজনীক কলেজত নামভৰ্তি কৰিবলৈ বা ল’ৰাটোক কলেজলৈ যাবলৈ চাইকেল এখন কিনি দিবলৈ ঘৰৰ গৰু এটাই এসময়ত বিক্ৰি কৰিছিল৷ তদুপৰি গাই গৰুজনীৰ গাখীৰকণেই অসমীয়া মানুহৰ বাবে সৰ্বোত্তম খাদ্য৷
এক কথাত গৰু অসমীয়া জনজীৱনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপোতভাৱে জড়িত হৈ আছে৷ তদুপৰি বৰ্তমান সময়ত অসমত গৰুৱে নতুনকৈ ৰাজনীতিতো বিশেষ স্থান দখল কৰিছে৷ গৰু ইমানখিনি গুণ থকাৰ মাজতো গৰু কিদেৰ অসমত বিপদ হৈ থিয় দিছে; ই এটা বিচাৰ্যৰ বিষয়৷ এই বিষয়টো সন্দৰ্ভত চিন্তাশীল লেখক অৰবিন্দ ৰাজখোৱাই এটা লেখা লিখিছিল ‘নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব’ শীৰ্ষক গ্ৰন্থখনত৷ আৰু মই নিজেও এই সন্দৰ্ভত কৃষি জাগৰণ অসম পৰ্টেলত বহুকেইটা লেখা লিখিছো৷ বিষয়টোৱে যিধৰণে চৰ্চা লাভ কৰিব লাগিছিল সেই দৰে চৰ্চা লাভ কৰা নাই৷ কিন্তু গৰুৰ লগত হিন্দু-মুছলিমৰ প্ৰসংগটো থিকমতেই চৰ্চা লাভ কৰি আছে৷
মূল কথালৈ আহো- অসমত জেঠৰ পৰা আঘোণ মাহৰ শেষলৈ গৰুবোৰ বন্ধাৰ বাহিৰে বাকী সময়খিনি উদঙত থাকে৷ ঠাইবিশেষে উদঙত থকা এই গৰুসমূহক উদঙীয়া, ভদঙীয়া গৰু বুলি কয়৷ এই উদঙীয়া বা ভদঙীয়া গৰুসমূহৰ বাবে কৃষকসকলে ৰৱিশস্য খেতিৰ নাম ল’বলৈ ভয়৷ এই উদঙীয়া গৰুবোৰ সন্ত্ৰাস হৈ থিয় দিয়ে৷ কাৰণ খেতি কৰিলে কি হ’ব উদঙীয়া গৰুৱে চব চাফা কৰিব৷ বহুলোকে এই ভয় লৈয়ো এই সময়ছোৱাত জেওৰা মাৰি ৰবিশস্যৰ খেতি কৰাৰ দুঃসাহ কৰে৷ আৰু বহু কৃষকে এই সন্ত্ৰাসৰ লগত মোকাবিলা কৰি খেতি কৰি আছে৷ বহুসময়ত কৃষকসকলে জেওৰা দি খেতি কৰিবলৈ গৈ কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰেও হয়৷ তদুপৰি কোনো কৃষকে গৰু ৰখি খেতি কৰে৷ কিন্তু দহ দিন গৰুক পহৰা দি এদিন কৃষকজনৰ সামান্য ভুলৰ বাবেই গৰুৱে গোটেই শ্ৰম পণ্ড কৰে৷ গতিকে আঘোণ মাহৰ পৰা জেঠমাহলৈ অসমৰ শ শ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰি থাকে৷ অৱশ্যে গৰু ভয়ৰ বাবে মই এই সময়ছোৱাত পথাৰবোৰ পেলাই খেতি নকৰে বুলি ক’লে কিমান যুক্তিসংগত হ’ব মই নাজানোক্ক অন্য কাৰণো আছে৷ কিন্তু এই সময়ছোৱাত খেতি নকৰাটো উদঙীয়া গৰু সমস্যাটো প্ৰাথমিক৷ যাৰবাবে এই সময়ছোৱাত নিজৰ ঘৰতে জেওৰা নিদিয়াকৈ জলকীয়া পুলি এটা ৰুবলৈ সাহস নকৰে অসমীয়া মানুহে৷ ফলত অসমীয়া মানুহে ধানখেতিকে শুকুটাকে মোকোটা কৰি কৰি আছে৷ সকলোৱে জানে বৰ্তমান সময়ত ধান খেতি কৰিলে 'ক'ৰ পৰা ' ঁ' লৈ হিচাপ কৰিলে চাউল কিনি খোৱাই লাভ বুলি ক’ব ৷ যাৰবাবে আজিও অসমৰ কৃষকৰ অৱস্থা পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলৰ দৰে স্বচ্চল জীৱন নহয়৷
লগতে পঢ়ক-
Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি
ইফাল পৰম্পৰাগত গো-পালনৰ পৰাও আজিকালি অসমৰ মানুহৰ মানুহৰ বৰ বিশেষ লাভালাভ নহয়৷ আগতে গৰু বিক্ৰি কৰিব পাৰিছিল, গৰুৰ দাম পাইছিল যদিও গো-সুৰক্ষা আইন অহাৰ পাছৰে পৰা সেয়াও নোপোৱা হ’ল৷ অথচ এই পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডত প্ৰাচীৰ হৈ থিয় দিছে৷ তদুপৰি বৰ্তমান আকৌ কৃষকৰ ওপৰত বান্দৰৰ চকু পৰিছে৷ বান্দৰ থকা অঞ্চলসমূহত কৃষকে ব্যৱসায়িকভাৱে খেতি কৰাতো বাদে গৃহস্থই ঘৰতে ডাংবডি এজোপা ৰুবলৈ সাতবাৰ ভাবিব লাগে৷
উল্লেখ্য যে এই উদঙীয়া গৰু সমস্যাটো নাইকীয়া হ’লে অসমৰ কৃষকসকলে নিশ্চিতভাৱে ৰৱিশস্যৰ খেতি কৰিবলৈ সকাহ পাব৷ খৰালি উদং পথাৰবোৰ ৰবিশস্যৰ খেতিৰে ভৰি পৰিব। তেতিয়া অসমৰ ৰাইজে আলু, বুট, নহৰু, মটৰ, মিঠাতেল আদিৰ দৰে ৰবিশস্যৰ বাবে বহিঃৰাজ্যৰ কৃষকৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। আৰু সথিক মূল্যত কম ৰাসায়নিক সাৰযুক্ত খাদ্য লাভ কৰিব। কিন্তু এই সমস্যাটো দুই এদিনতে শেষ হৈ নাযায়। আমি বিগত কিছুদিন ধৰি কৃষি জাগৰণ অসম পৰ্টেলত অসমৰ উদঙীয়া গৰু সমস্যা সন্দৰ্ভত বাতৰি পৰিৱেশন কৰি আহিছো। আৰু দুই এজন ব্যক্তিৰ লগত এই সন্দৰ্ভত কথা-বতৰাও পাতিছো। আৰু পাৰ্যমানে অসমৰ উদঙীয়া গৰু সমস্যাটো চৰকাৰৰ দৃষ্টিগোচৰ কৰাবৰ বাবে চেষ্টা চলাই আহিছো। কিন্তু আমি সফল হ'ব পাৰিছো বুলি ক'ব পৰা নাই কিন্তু এখিনি মানুহ যে এইক্ষেত্ৰত সজাগ হৈছে তাক স্বীকাৰ কৰিব লাগিব। ইফালে বিগত দিনবোৰত অসমৰ কৃষিখণ্ডত প্ৰভাৱ পেলাই অহা বান্দৰ আৰু বনৰীয়া হাতীৰ আতংকৰ কথাও সবিস্তাৰে লিখিছো।
কিন্তু এই সমস্যাবিলাক খুব কম দিনতে সমাধান হৈ নুঠে। শেহতীয়াকৈ কৃষকসকলৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাথি তামিলনাডুৰ এটা MIVIPRO ষ্টাৰ্টআপ কোম্পানীয়ে প্ৰস্তুত কৰিছে বায়’-লিকুইড স্প্ৰে’ Herboliv+ নামৰ এবিধ বিশেষ দ্ৰব্য। এই ওষধবিধৰ গোন্ধ গৰুৱে শস্য কৰিব নোৱাৰে আৰু দূৰতে বিদূৰ হয়। যিজোপা শস্যত (Bio Liquid Spray) অৰ্থাত বায়’-লিকুইড স্প্ৰে’ Herboliv+ প্ৰয়োগ কৰা হয় সেই গছজোপা গৰুৱে মুখত নিদিয়ে। লগতে গৰু দূৰতে বিদুৰ হয়। ই সম্পূৰ্ণৰূপে জৈৱিক আৰু প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা হৈছে। আৰু শস্যত কোনো প্ৰভাৱ নেপেলায় বৰঞ্চ ইয়াক ব্যৱহাৰ কৰিলে শস্য পোক-পৰুৱা কীট-পতংগই অপকাৰ নকৰে বুলি জানিবলৈ বায়’-লিকুইড স্প্ৰে’ (Bio Liquid Spray) নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকলে। লগতে আপোনালোকক জনাও যে এই মেডিচিনটো অসমত পোৱা নাযায়। ইয়াক পাবলৈ হ'লে অনলাইনযোগে অৰ্ডাৰ কৰিব লাগিব। দাম ৩৪০ টকা।
লেখক- পংকজ খনিকৰ
লগতে পঢ়ক-