1. News

Pig Farming at Home : ঘৰতে গাহৰি পালনৰ একেবাৰে কম খৰছি আৰ্হি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pig Farming
Pig Farming

বৰ্তমান অসমৰ পশুপালন খণ্ডটোৰ বাহিৰে কৃষি (আধাআধি), ব্যৱসায় বাণিজ্য আৰু উদ্যোগখণ্ডটো বহিৰাগতৰ হাতত। পশুপালন খণ্ডটো বৰ্তমানলৈ অসমীয়া মানুহৰ হাতত আছে। এই পশুপালন খণ্ডটোৰ মূল গাহৰি। কিন্তু এই গাহৰি ব্যৱসায়টো চৰকাৰৰ কিছুমান দূৰদৃষ্টিহীন সিদ্ধান্ত, আৰু বেমাৰৰ লগতে শংকৰ সংঘৰ প্ৰৰোচনাত বহিৰাগতৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে। আমাৰ অনুৰোধ অসমৰ গাহৰি ব্যৱসায়টো অসমীয়াৰ হাতত ৰাখক।পাঞ্জাৱ হাৰিয়ানাৰ মানুহৰ ওচৰলৈ যাবলৈ নিদিব।গাহৰিৰ উৎপাদন বঢ়াওক।

এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই লেখাত আমি ঘৰতে সাধাৰণভাৱে কম খৰচেৰে গাহৰি পালনৰ ধাৰণাটো লৈ আহিছো। এই পদ্ধতিৰে ঘৰতে পেলনীয়া সামগ্ৰীসমূহ খোৱাই গাহৰি পালন কৰিব গৃহিনীসকলে। আৰু বৰ্তমান অসমৰ গৃহিনীসকলে এইদৰেই গাহৰি পালন কৰি আহিছে। ৮ ফুট বহল আৰু ৪ ফুট দিঘলৰ ফটোত দেখুওৱাৰ দৰে এটা গড়ালতে এনেদৰে গাহৰি পালন কৰিব গৃহিনীসকলে।

লগতে পঢ়ক- 

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

গাহৰিৰ গড়াল
গাহৰিৰ গড়াল

এনেদৰে গাহৰি পালন কৰিব বিচৰা গাহৰি পালকসকলে মন কৰিব এইকেইটা কথা-

  • মজিয়াখন সদায় পকা হ'ব লাগে। স্বচ্ছতাই সদায় গাহৰিক ক্ষিপ্ৰতাৰে বঢ়াত সহায় কৰে।সদায় পানীৰে মজিয়াখন আৰু গাহৰিটো চাফা কৰিব।
  • পানীৰে চাফা কৰাৰ পাছত দুদিনৰ মূৰে মূৰে মজিয়াখনত 1 বাল্টি পানীত 5 গ্ৰাম মান potass (পটাছ-ফাৰ্মাচীত পাব) ছটিয়াই থাকিব। বীজাণু মাৰিব।
গাহৰিৰ গড়াল
গাহৰিৰ গড়াল
  • দিনৰ আহাৰত সেউজীয়া ঘাঁহ(নেপিয়াৰ, কলপাত, কবি পাত ইত্যাদি) খাবলৈ দিব। হজম শক্তি বাঢ়িব।
  • বাহিৰৰ পৰা অহা মানুহক গড়ালৰ ওচৰলৈ যাবলৈ নিদিব। নিজেও বাহিৰৰ পৰা আহিলে কাপোৰ জোৰ খজলি চাবোনেৰে হাত ধুই গড়ালত সোমাব
  • ঘৰুৱাভাৱে খাদ্য খুৱালে পেলু দৰব প্ৰতি দুমাহৰ মূৰত খুৱাই থাকিব। পেলু খুৱালে তাৰ পিছত 7 দিন একে লেঠাৰিয়ে লিভাৰ দৰব খুৱাব।

লগতে পঢ়ক- 

Ivy Gourd farming : এবাৰ ৰুলে ৫-৬ মাহৰ পাছতে ৫ বছৰলৈ দিব ফল

English Summary: Domestic Pig Farming in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.