1. News

দাম বাঢ়িল কুঁহিয়াৰৰ! পাঞ্জাবত প্ৰতি কুইণ্টল কুঁহিয়াৰৰ দাম ৩৮০ টকালৈ বৃদ্ধি

Mrigakshi Phukan
Mrigakshi Phukan
sugarcane
sugarcane

দাম বাঢ়িল কুঁহিয়াৰৰ। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে কুঁহিয়াৰৰ মূল্য বৰ্তমানৰ দামতকৈ বঢ়োৱাৰ কথা ঘোষণা কৰে। মানে প্ৰতি কুইন্টাল কুঁহিয়াৰৰ দাম ৩৬০ টকাৰ পৰা প্ৰতি ৩৮০ টকালৈ বৃদ্ধি কৰাৰ কথা ৰাজহুৱা কৰে। পাঞ্জাব বিধানসভাৰ চমু অধিৱেশনৰ সমাপ্তিৰ দিনাই তেওঁ কুঁহিয়াৰৰ ৰাজ্যিক সন্মত মূল্য বা SAP (state agreed price) বৃদ্ধিৰ কথা ঘোষণা কৰে।

২০২১ চনৰ আগষ্ট মাহত, তদানীন্তন কংগ্ৰেছ চৰকাৰে কুঁহিয়াৰৰ এছএপি প্ৰতি কুইন্টালত ৫০ টকা বৃদ্ধি কৰি এক কুইণ্টল কুঁহিয়াৰৰ দাম ৩৬০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। মানে লগতে কয় যে কৃষকসকলে যোৱা বছৰৰ তুলনাত কুঁহিয়াৰৰ এছএপিৰ অধীনত প্ৰতি কুইন্টালত অতিৰিক্ত ২০ টকাকৈ লাভ কৰিব। এই সিদ্ধান্তৰ অধীনত ৰাজ্য চৰকাৰে কৃষকসকলক লাভান্বিত কৰিবলৈ বছৰি অতিৰিক্ত ২০০ কোটি টকা ব্যয় কৰিব।

মনে কয় যে ৰাজ্যখনৰ কৃষকসকলে শস্যৰ বিবিধতাৰ অধীনত কুঁহিয়াৰক শস্য হিচাপে গ্ৰহণ কৰিব বিচাৰে, কিন্তু পৰ্যাপ্ত মূল্যৰ অভাৱ আৰু শস্যৰ সময়মতে চপাব নোৱাৰাৰ বাবে তেওঁলোক এই ক্ষেত্ৰত দ্বিধাগ্ৰস্ত।

বৰ্তমান পাঞ্জাৱত মাত্ৰ ১.২৫ লাখ হেক্টৰ ভূমিত কুঁহিয়াৰৰ খেতি কৰা হয়। কিন্তু ইয়াৰ বিপৰীতে চেনী কলবোৰৰ কুঁহিয়াৰ চেপাৰ ক্ষমতা প্ৰায় ২.৫০ লাখ হেক্টৰ।

এইকাৰণে ৰাজ্য চৰকাৰে কৃষকসকলৰ উপাৰ্জনৰ পৰিপূৰক হ'বলৈ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি পাঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

পৰিশোধৰ বৰ্তমানৰ স্থিতিসম্পৰ্কে সদনক অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমবায় চেনী কলসমূহে ইতিমধ্যে কৃষকসকলৰ সমগ্ৰ বকেয়া পৰিশোধ কৰিছে কিন্তু দুটা ব্যক্তিগত চেনী কলে এতিয়ালৈকে প্ৰাপ্য পৰিশোধ কৰা নাই।

মানে জানিবলৈ দিয়ে যে এই মিলকেইটাৰ মালিকসকল দেশৰপৰা পলায়ন কৰিছে। অৱশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে কনফিছ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে ৰাজ্য চৰকাৰে ইতিমধ্যে কৃষকসকলৰ অমীমাংসিত প্ৰাপ্য পৰিশোধ কৰিবলৈ তেওঁলোকৰ সম্পত্তি জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

লগতে পঢ়কঃ 2023 চনৰ মাৰ্চ লৈকে খাদ্য তেলৰ ওপৰত ৰেহাইমূলক আমদানি শুল্ক বৃদ্ধি খাদ্য মন্ত্ৰালয়ৰ

English Summary: Sugarcane price hike

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.