1. News

কৃষকসকলে শস্য উৎপাদনৰ লগতে বজাৰখন ৰাখিব লাগিব হাতৰ মুঠিত- ভৱেন শালৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ভোট জলকীয়া খেতিয়ক ভৱেন শালৈ
ভোট জলকীয়া খেতিয়ক ভৱেন শালৈ

ভৱেন শালৈয়ে ইতিমধ্যে ভোটজলকীয়া খেতি কৰি সমগ্ৰ অসমতে এক আলোড়ণ সৃষ্টি কৰিছে। জানিব পৰা মতে ২০২০ বৰ্যত ৭ লাখ আৰু ২০২১ চনত ৪ লাখ টকা আৰু ২০২২ বৰ্ষৰ আৰম্ভণীতে ১৮ লাখ টকাৰ ভোট জলকীয়া বিক্ৰি কৰি অভিলেখ সৃষ্টি কৰিছে । সম্প্ৰতি নিজাকৈ দহ বিঘা মাটিত জলকীয়া খেতি কৰাৰ লগতে প্ৰায় ৮৮ বিঘা মাটিত ৩৬ জন স্থানীয় যুৱকৰ সৈতে ভোট জলকীয়া খেতি আৰম্ভ কৰিছে। লগতে উক্ত জলকীয়া খেতিসমূহৰ পৰা উৎপাদিত জলকীয়া বিক্ৰি কৰিবলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ এটা ব্যক্তিগত কোম্পানীৰ লগতে বুজাবুজি চুক্তিটো স্বাক্ষৰ কৰিছে। আৰু চলিত বৰ্ষটোত ১০ টন ভোট জলকীয়া ভূটানৰ কোম্পানীটোক বিক্ৰি কৰি ১ কোটি টকা উপাৰ্জন কৰাৰ লক্ষ্য বান্ধি লৈছে। ভৱেন শালৈৰ এই সফলতাৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ পোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে ভৱেনদাক অভিনন্দন জনায়। জানিব পৰা মতে, কৃষকগৰাকীৰ ভোট জলকীয়া খেতিৰ বিষয়ে জানিবলৈ কৃষি বিশ্ববিদ্যালয় লগতে ওচৰৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সঘনাই আহে৷ আৰু বহু শিক্ষাৰ্থীয়ে প্ৰেৰণা পাইছে৷ সম্প্ৰতি ভোটজলকীয়া খেতিৰ সমান্তৰালভাৱে কাঠফুলাৰ খেতিৰ, গাহৰিৰ ফাৰ্মতো মনোনিবেশ কৰিছে।

ভোট জলকীয়া খেতিৰে চিনাকী লাভ কৰা ভৱেন শালৈয়ে সম্প্ৰতি ভোট জলকীয়াৰ এক উদ্যোগ গঢ়ি তুলিছে ঘৰতে। কৃষিপথাৰৰ পৰা উতপাদিত কৃষিজাত সামগ্ৰীৰ বজাৰখনো তেওঁ সদায় নিজৰ হাতত ৰাখিবলৈ যত্ন কৰি আহিছে। কৃষকসকলে বজাৰখন নিজৰ হাতৰ মুঠিত নৰখাৰ বাবে মধ্যভোগীয়ে ইয়াৰ লাভ খাই আহিছে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম ভৱেন শালৈ। তেওঁ কৃষি পথাৰত উতপাদিত ফচলসমূহ নিজেই বিক্ৰি কৰি আহিছে। সম্প্ৰতি ভৱেন শালৈৰ ভোট জলকীয়াৰ বজাৰ চুৱুৰীয়া ৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰ ভূটানলৈ সম্প্ৰসাৰিত হৈছে। নাগালেণ্ড, অৰুণাচল, ভূটানৰ লগতে অসমৰ বিভিন্ন জিলাত ভোটজলকীয়াসমূহ বিক্ৰি কৰাত নিজেই নেতৃত্ব লয়। যাৰফলত তেওঁ সামগ্ৰীসমূহৰ উপযুক্ত মূল্য লাভ কৰে।

লগতে পঢ়ক- পেপচিকামে ভাগ্য সলনি কৰিলে পলিঅ’ ৰোগী আলোকৰ

ভৱেন শালৈৰ লগতে তেওঁৰ নেতৃত্বত ৩৬ জন যুৱকে ৯০ বিঘাৰো অধিক মাটিত ভোট জলকীয়াৰ লগতে অন্যান্য খেতি কৰে। বছৰত টনৰ হিচাপত ভোট জলকীয়া উতপাদন হয়। কিন্তু সেই অনুপাতে তেওঁলোকৰ আছে এখন বজাৰো। লগতে বিক্ৰি নোযোৱা ভোট জলকীয়া নষ্ট নহবলৈ নিদি জলকীয়া শুকুৱাব পৰা যন্ত্ৰও তেওঁলোকে ক্ৰয় কৰিছে। এই শুকান জলকীয়াসমূহ অবতৰত বজাৰত উলিয়াই দুগুণ লাভ উঠায়। তদুপৰি শুকান জলকীয়াৰ চাহিদা চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বহুত বেছি। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখিও ভৱেন শালৈ ভোট জলকীয়াসমূহ শুকুৱাই শুকান জলকীয়াসমূহ ডিমাপুৰত বিক্ৰি কৰে। লগতে কেঁচা জলকীয়াসমূহৰ পৰা জেলি, আচাৰ আদিও তৈয়াৰ কৰে। এই কামসমূহ কৰিবলৈ স্থানীয় মহিলাক এই কামত নিযুক্তি কৰি সংস্থাপন দি আহিছে দীৰ্ঘদিন ধৰি।

উল্লেখ্য যে ভৱেন শালৈৰ দ্বাৰা উৎপাদিত ভোট জলকীয়াই সমাদৰ লাভ কৰিছে বিদেশৰ বজাৰতো ৷ কৃষকগৰাকীয়ে সদৰি কৰা অনুসৰি এইবাৰ ভোট জলকীয়া প্ৰেৰণ কৰিব ডুবাইলৈ। ডুবাইৰ কেইবাটাও কোম্পানীৰ লগত এই সন্দৰ্ভত আলোচনাত চলি আছে আৰু চলিত বৰ্ষতে ডুবাইলৈ ভোট জলকীয়া প্ৰেৰণ কৰিব। ইফালে পূৰ্বৰ পৰা ভূটানৰ এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীক ভোট জলকীয়া ধৰি আহিছিল শালৈয়ে। কিন্তু কৰণা সময়ৰ পৰা ভাৰত-ভূটান সীমান্তৰ সংযোগী পথটো বন্ধ আছিল। যাৰফলত তেওঁলোকৰ জলকীয়া আমদানিৰ পথটো বন্ধ হৈ আছিল। কিন্তু শেহতীয়া পথটো খুলি দিয়াত পুনৰ জলকীয়া ৰপ্তানিৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে উদ্যমী কৃষকগৰাকীয়ে।

লগতে পঢ়ক- মাগি খোৱাৰ পৰা সফল কৃষকলৈ ধনীৰাম চেতিয়াৰ এক যাত্ৰা

English Summary: BHABEN SALOI A SUCCESS CHILLY FARMRS

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.