1. News

পৰ্যটকক মান সম্পন্ন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ফুড ক্ৰাফট ইনষ্টিটিউত আৰু অসম পৰ্যটনৰ যৌথ উদ্যোগত শিৱসাগৰত প্ৰশিক্ষণ শিৱিৰ

RAHUL ALI
RAHUL ALI
ফুড ক্ৰাফট ইনষ্টিটিউত  আৰু অসম পৰ্যটনৰ যৌথ উদ্যোগত শিৱসাগৰত প্ৰশিক্ষণ শিৱিৰ
ফুড ক্ৰাফট ইনষ্টিটিউত আৰু অসম পৰ্যটনৰ যৌথ উদ্যোগত শিৱসাগৰত প্ৰশিক্ষণ শিৱিৰ

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ অধীনৰ "ফুড ক্ৰাফট ইনষ্টিটিউতʼʼ  আৰু অসম পৰ্যটনৰ যৌথ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত গন্তব্যস্থান ভিত্তিক কৌশল বিকাশৰ ৬ দিনীয়া প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। শিৱসাগৰ নগৰৰ বৰ পুখুৰী পাৰৰ পৰ্যটক নিৱাসৰ সভাকক্ষত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলা খনৰ হোটেল, ৰেস্তোৰা, হোম ষ্টে, ৰিচৰ্ট আদিৰ ৩০ গৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ জৰিয়তে অতিথিক কি দৰে অপ্যায়ন সেৱা শুশ্ৰূষা কৰিব পাৰি সেই সন্দৰ্ভত প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

প্ৰশিক্ষণ শিবিৰত ফুড ক্ৰাফট ইনষ্টিটিউৰ অধ্যক্ষ বৰ্ণালী চক্ৰৱৰ্তী,  প্ৰশিক্ষক জলেন বৈশ্য, গৌতম ভাৰ্গৱ, শিৱসাগৰ জিলা অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ পৰ্যটক তথ্য বিষয়া ক্ৰমে মাধৱ দাস আৰু নয়ণমণি পামেগামে সমল ব্যক্তি ৰূপে উপস্থিত থাকে। প্ৰশিক্ষণ কালত প্রশিক্ষাৰ্থী সকলক হ'মষ্টে' পৰিচালনা', পৰিস্কাৰ পৰিচ্ছন্নতা, ভাষা জ্ঞান, শিষ্টাচাৰ আদিৰ সৈতে আহাৰ প্ৰস্তুত কৰা, পৰিবেশন কৰাৰ লগতে মান সম্পন্ন সেৱা পৰ্যটকক কি দৰে প্ৰদান কৰিব পাৰি সেই দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণ অন্যতম কেন্দ্ৰ ৰূপে পৰিচিত শিৱসাগৰ জিলালৈ অহা পৰ্যটক সকলৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই এই ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল। পৰ্যটন ক্ষেত্ৰত সৃষ্টি হোৱা সুযোগ আৰু সম্ভাৱনা সমূহৰ পৰা যাতে এই খণ্ডৰ সৈতে জড়িত লোক সকলে সৰ্বাধিক পৰিমানে লাভবান হব পাৰে তথা নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰে সেয়া অত্যন্ত প্ৰয়োজনীয়। এই প্ৰয়োজন পূৰা কৰাৰ বাবেই ফুড ক্ৰাফট ইনষ্টিটিউটৰ সহযোগত এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে প্ৰকাশ কৰে। পৰ্যটনক আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আহিলালৈ  পৰিৱৰ্তন কৰিবলৈ পাৰি নি সেই সম্পৰ্কত কৰা সম্পৰীক্ষাৰ প্ৰথম স্তৰৰ অন্তৰ্গত এই প্ৰশিক্ষণ সফল বুলি বিবেচিত হলে জিলা খনৰ কিছু নিৰ্বাচিত স্থানত পুনৰ এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে আমাক জানিবলৈ দিছে।

উল্লেখযোগ্য যে চাহ, তেল, মনোৰম প্ৰকৃতি, বৰ্ণাঢ্য ইতিহাস, প্ৰত্নতাত্বিক সমল আদিকে ধৰি অনেক সমল থকা শিৱসাগৰ দেশী বিদেশী পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰ। কিন্তু আন্তঃগাঁথনি, দক্ষ মানৱ সম্পদ আদিকে ধৰি অনেক প্ৰতিবন্ধকতাৰ বাবে শিৱসাগৰ জিলা আজি পৰ্যন্ত এক আদৰ্শ পৰ্যটন ক্ষেত্ৰ হব পৰা নাই। জিলা খনৰ সম্ভাৱনা আৰু সুযোগ প্ৰচুৰ আছে যদিও এই ক্ষেত্ৰত সঠিক পৰিকল্পনা আৰু এই পৰিকল্পনা বাস্তৱত ৰূপায়ন কৰাৰ বাবে কোনো আগবাঢ়ি অহা নাছিল।

আহোম ৰাজত্বৰ ৬০০ বছৰীয়া স্বৰ্ণিল ইতিহাস বুকুত সাৱটি থকা জিলা খনৰ এই সমল বোৰকে সম্পদ হিচাপে গঢ়ি তোলাৰ এক অনন্য যাত্ৰা আৰম্ভ কৰিছে জিলা খনৰ একাংশ নতুন উদ্যোগীয়ে। এই উদ্যোগী সকলৰ প্ৰচেষ্টাৰ প্ৰতি অসম পৰ্যটন আৰু ৰাজ্য চৰকাৰে বিগত কিছু দিন ধৰি প্ৰয়োজনীয় সকলো সহায় সহযোগ আগবঢ়াইছে। এই সহায় সহযোগে জিলা খনৰ পৰ্যটন খণ্ডলৈ ক্ৰমশঃ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই ধাৰা অব্যাহত থাকিলে অনাগত কিছু দিনৰ ভিতৰত শিৱসাগৰ নিজৰ গৰিমাৰে বিশ্বৰ পৰ্যটন খণ্ডত যে জিলিকি উঠিব সেই কথাত সন্দেহ নাই অলপো।

লগতে পঢ়কঃ অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?

মুজাহিদ আলী

শিৱসাগৰ

English Summary: Sibsagar Tourism News

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.