1. News

অসম মিলেট মিছন কি? কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?

RAHUL ALI
RAHUL ALI
Assam Millet Mission Launched by CM Himanta Biswa Sarma
Assam Millet Mission Launched by CM Himanta Biswa Sarma

ৰাজ্যজুৰি মিলেট কৃষিৰ সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ লক্ষ্যৰে বুধবাৰে গুৱাহাটীত আধাৰিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ বিশ্ব শৰ্মাই অসম মিলেট মিছন (Assam Millet Mission) ৰ শুভাৰম্ভ কৰে। মিলেট মিছন আৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই একেটা কাৰ্যসূচীতে বঙাইগাঁও, মৰিগাঁও, ওদালগুৰি, গোলাঘাট, কৰিমগঞ্জ আৰু দৰঙত ছয়টা মাটি পৰীক্ষা (Soil Testing) আৰু গুণগত মানদণ্ড নিয়ন্ত্ৰণ গৱেষণাগাৰ আৰু দুটা জ্ঞান কেন্দ্ৰ উদ্বোধন কৰে।

মিলেট মিছনৰ অধীনত প্ৰায় ৬৫ হাজাৰ হেক্টৰ কৃষিভূমি সামৰি লোৱা হ’ব। প্ৰটি হেক্টৰত মিলেটৰ উৎপাদন ৬০০ কিঃ গ্ৰামৰ পৰা ১২,০০ কিঃ গ্ৰাঃ লৈ বৃদ্ধিৰ পৰিকল্পনাৰে ৰাজ্যৰ প্ৰায় ৬০ হাজাৰ কৃষকক সামৰি মিলেটৰ কৃষি কাৰ্যৰ কৰা হ’ব। মিলেট শস্যক ভিত্তি কৰি ৩০ টা FPO গঠন  আৰু ৩০ টা সামূহীয়া সেৱা কেন্দ্ৰ (CSC) খোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। মিলেটৰ ২৮০০ টা সজাগতা অভিযানৰ লক্ষ্য হাতত লোৱা হৈছে। মিলেটৰ ক্ষেত্ৰত ১০০ টা ক্ৰেতা বিক্ৰেতাৰ মিলন সমাৰোহ অনুষ্ঠিত কৰাৰ লগতে ৬০ খন মিলেটৰ মূল্য শৃংখল স্কুল স্হাপন কৰাৰ লক্ষ্য লোৱা হৈছে। তাৰোপৰি মহিলা আৰু শিশুৰ বাবে ১০০ টা পুষ্টি সাধন শিবিৰৰ আয়োজন কৰা হৈছে।

অসম মিলেট মিছনৰ অধীনত অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছেঃ

অসম মিলেট মিছনে ৰাজ্যৰ ১৫ খন জিলা সামৰি লৈছে। সেইকেইখন হ’ল বঙাইগাওঁ, কোকৰাঝাৰ, ধুবুৰী, মৰিগাও, গোৱালপাৰা, বৰপেটা, বাক্সা, ওদালগুৰি, তিনিচুকীয়া, নগাওঁ, কাৰ্বি আংলং, কামৰুপ, শোণিতপূৰ, যোৰহাট আৰু গোলাঘাট।

অসমত উৎপন্ন হোৱা মুখ্য মিলেটবোৰ হৈছে-

  1. মৰুৱা ধান

  2. কণী ধান

  3. চীনা ধান

Agriculture Minister Atul Bora
Agriculture Minister Atul Bora

অসম মিলেট মিছন (Assam Millet Mission)  উদ্দেশ্য

  • শস্যৰ বিবিধতা আৰু শস্যৰ পৰিবৰ্তন বৃদ্ধিত অৱদান

  • সম্পদৰ নাটনি থকা উপান্ত কৃষিভূমিত জলবায়ু অনুকূল উৎপাদনৰ বাবে মিলেটৰ খেতি

  • অসমৰ জনসাধাৰণৰ আহাৰ তালিকাত মিলেটৰ অন্তৰ্ভূক্তি

  • মিলেট সংসাধন উদ্যোগৰ বিকাশ সাধন

  • ৰাজ্যিক পৰিপুষ্টি আচঁনি আৰু জন বিতৰণ প্ৰণালীত মিলেটৰ অন্তৰ্ভুক্তি

  • অসমৰ জনসাধাৰণৰ আহাৰত মিলেটৰ সংযোজন আৰু অসমৰ বাবে উপযোগী খাদ্য প্ৰস্তুতিৰ পৰিকল্পনা

  • কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰয়াস

  • মহিলা আৰু শিশুৰ পৰিপুষ্টি সাধনত গুৰুত্ব

মিলেটৰ স্বাস্হ্যজনিত উপকাৰিতাসমূহঃ

  1. কেলচিয়াম আৰু জিংক অধিক পৰিমাণে থাকে

  2. কলেষ্টৰেল আৰু গ্লুটেন মুক্ত হয়

  3. প্ৰ’টিন আৰু আঁহ যথেষ্ট পৰিমাণে থাকে

  4. পুষ্টিহীনতা আৰু মেদবহুলতাক সমাধান কৰিব পাৰে

মিলেটৰ  কৃষি কাৰ্যত জলবায়ুৰ উপকাৰিতা

  1. জলবায়ু সহযোগী উৎপাদন ব্যৱস্হাপনা আৰু নূন্যতম নিৰ্গমণ

  2. কম পৰিমাণৰ পানীৰ প্ৰয়োজনীয়তা আৰু শুকান জলবায়ুৰ উপযোগিতা

  3. নূন্যতম কৃষি সামগ্ৰীৰ প্ৰয়োজনীয়তা আৰু নিম্নতম ব্যৱস্হাপনা

অসমে মিলেট খেতিৰ বৈজ্ঞানিক প্ৰযুক্তিৰ কৌশলৰ সহায়ৰ বাবে International Crop Research Institute for the Semi-Arid Tropics (ICRISAT), Hyderabad আৰু ICAR-Indian Institute of Millets Research (IIMR), Hyderabad ৰ পৰা কাৰিকৰি সমৰ্থন লাভ কৰিব।

লগতে Gujrat Election 2022: গুজৰাটৰ নিৰ্বাচনী ভ্ৰমণত কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰী

English Summary: Assam Millet Mission

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.