1. News

৪ বছৰত দৰিদ্ৰতা, লিংগ বৈষম্য, অসুস্থতা, আৰু ক্ষুধাৰ পৰা আফ্ৰিকাক মুক্তি দিয়াৰ লক্ষ্য বিল গেটছৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
“Gates Foundation To Invest About $7 Billion In Africa": Bill Gates
“Gates Foundation To Invest About $7 Billion In Africa": Bill Gates

বৃহস্পতিবাৰে নাইৰোবি বিশ্ববিদ্যালয় আৰু আফ্ৰিকা ডট কমৰ উদ্যোগত “আফ্ৰিকাত খাদ্য সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে উদ্ভাৱন” বিষয়ক এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়। বৈঠকতে বিল গেটছে আগন্তুক চাৰি বছৰত আফ্ৰিকাত প্ৰায় ৭ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব বুলি জানিবলৈ দিয়ে।  দৰিদ্ৰতা, লিংগ বৈষম্য, অসুস্থতা, আৰু ক্ষুধাৰ পৰা আফ্ৰিকাৰ জনসাধাৰণৰ মুক্তিৰ লক্ষ্যেৰে এই বৃহত পৰিমাণৰ ধন বিনিয়োগ কৰিব বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে।

নাইৰোবি বিশ্ববিদ্যালয়ে আয়োজন কৰা এই উচ্চপৰ্যায়ৰ অনুষ্ঠানত দেশখনৰ জনসাধাৰণৰ উপৰি নাইৰোবিৰ বিশ্ববিদ্যালয়ৰ ৫০০ ছাত্ৰ-ছাত্ৰীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। অনুষ্ঠানতো আঁতধৰে বিখ্যাত আফ্ৰিকান সাংবাদিক উডুয়াক আমিমোৱে। আনহাতে ভাৰ্চুৱেল দৰ্শকৰ আয়োজন কৰে আফ্ৰিকা ডট কমৰ অধ্যক্ষ টেৰেছা ক্লাৰ্কে।

এঘন্টীয়া ভাৰ্চুৱেলী বৈঠকখনত খাদ্য সুৰক্ষা আৰু আফ্ৰিকাৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে জড়িত সম্ভাৱ্য সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ আলোচনা হয়। কাৰণ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে আফ্ৰিকাৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকা বিপন্ন কৰি আহিছে আহিছে যুগ যুগ ধৰি।

লগতে পঢ়ক-

২০ নৱেম্বৰত কেৰালাৰ কোচিত অনুষ্ঠিত হ’ব GAF8 সন্মিলন!

 

এই আলোচনাৰ মাজতে গেটছে জানিবলৈ দিয়ে যে বিগত চাৰি বছৰত দৰিদ্ৰতা, লিংগ বৈষম্য, অসুস্থতা, আৰু ক্ষুধাৰ পৰা মুক্তিৰ সমাধান হোৱাকৈ আফ্ৰিকাত প্ৰায় ৭ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। ভাষণত গেটছে কয়-“আমি সন্মুখীন হোৱা বৃহৎ বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ স্থায়ী। কিন্তু আমি মনত ৰাখিব লাগিব, ৰাইজেও সেইবোৰ সমাধান কৰি আছে।’ 

লগতে পঢ়ক-

ফুড ক্ৰাফট ইনষ্টিটিউত আৰু অসম পৰ্যটনৰ যৌথ উদ্যোগত শিৱসাগৰত প্ৰশিক্ষণ শিৱিৰ

English Summary: bill gates conference in africa

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.