1. News

এতিয়াৰে পৰা যাত্ৰীসকলে ৰে’লতে লাভ কৰিব বিনামূলীয়া খাদ্য। পিছে কেতিয়া আৰু কোনকেইখন ৰে’লত আছে এই সুবিধা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Good News for train passenger
Good News for train passenger

দেশৰ কোটি কোটি ৰে’ল যাত্ৰীৰ বাবে এটা ভাল খবৰ। যাত্ৰীসকলে ৰে’লত লাভ কৰিব বিনামূলীয়াকৈ খাদ্য। দেশৰ ৰে’ল মন্ত্ৰালয়ে যাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য কৰি এই ব্যৱস্থা কৰিছে। গ্ৰাহকসকলৰ প্ৰতি এই সুবিধা। কোনবোৰ ৰে'লে কোনবোৰ পথত আৰু কোনবোৰ কেতিয়া বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰে জানিবলৈ এই লেখাটো সম্পূৰ্ণৰূপে পঢ়ক।

ৰে’লযোগে যাত্ৰা কৰিলে আই আৰ চি টি চিৰ ফালৰ পৰা বিনামূলীয়া খাদ্য, শীতল পানীয় আৰু পানীৰ বাবে কোনো ধৰণৰ ধন খৰচ কৰিব নালাগে। কিন্তু আপোনাৰ ৰে’লখন পলম হ’লেহে এনেকুৱা হয়। এই খাদ্য আপোনালোকক আই আৰ চি টি চিয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি, ৰে’লৰ পলম হ’লে আই আৰ চি টি চিৰ কেটাৰিং নীতিৰ অধীনত যাত্ৰীসকলক বিনামূলীয়াকৈ খাদ্য যোগান ধৰিব।

লগতে পঢ়ক-

সম্ভাৱনাৰ দিশত মুগা আৰু এৰী শিল্প

আই আৰ চি টি চিৰ নিয়ম অনুসৰি এই সুবিধা লাভ কৰিব আপোনাৰ ৰে’লখন ২ ঘণ্টা বা তাতকৈ অধিক পলম হয়। এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলকো এই সুবিধা প্ৰদান কৰা হয়। অৰ্থাৎ শতাব্দী, ৰাজধানী আদি এক্সপ্ৰেছ ট্ৰেইনত যাত্ৰা কৰা যাত্ৰীসকলে বিনামূলীয়াকৈ খাদ্য গ্ৰহণ কৰিব পাৰিব।

ইয়াৰ উপৰিও ৰে’লত জলপানৰ বাবেও চাহ-কফি আৰু বিস্কুটৰ ব্যৱস্থা আছে। সন্ধিয়াৰ জলপান, চাহ বা কফি আৰু চাৰিটা ৰুটিৰ টুকুৰা পৰিবেশন কৰা হয়। ইয়াৰ উপৰিও দুপৰীয়া যাত্ৰীসকলক ৰুটি, দালি, শাক-পাচলি আদি বিনামূলীয়াকৈ যোগান ধৰা হয়। আপোনাৰ ৰে’লখন ২ ঘণ্টা পলম হ’লে যাত্ৰীসকলে খাদ্যৰ অৰ্ডাৰ দিব পাৰে।

লগতে পঢ়ক- 

আহক জানো- সহজে বিশেষ মূলধন নোহোৱাকৈ কিদৰে প্ৰস্তত কৰিব পাৰি আচাৰ আৰু ইয়াৰ ব্যৱসায়

English Summary: Good News for train passenger

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.