1. News

SIMFED EXPO: খানাপাৰাত জৈৱিক সামগ্ৰীৰ চকুত লগা প্ৰদৰ্শনী, ক্ৰেতা-বিক্ৰেতাৰ মহা মিলন

Mrigakshi Phukan
Mrigakshi Phukan
SIMFED ORGANIC EXPO, ASSAM
SIMFED ORGANIC EXPO, ASSAM

খানাপাৰাত 1st Expo One North East Organic 2023 ৰ আজি দ্বিতীয় দিন। অসম আৰু ছিকিম চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই বিশাল জৈৱিক বাণিজ্য মেলাৰ দ্বিতীয় দিনাও দেশ বিদেশৰ বিভিন্ন কৃষক-উতপাদক, কৃষি ব্যৱসায়ী আদিয়ে ভাগ লোৱা দেখা গ’ল। জৈৱিক আৰু প্ৰাকৃতিক বেণ্ডৰ ১৬০ টাতকৈও অধিক বুথে ইয়াত অংশগ্ৰহণ কৰিছে। পুৱাই ইয়াত অনুষ্ঠিত হয় ক্ৰেতা বিক্ৰেতাৰ সন্মিলন। য’ত কৃষিজাত সামগ্ৰীসমূহ বিক্ৰীৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখ্য যে এই ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ দ্বাৰা উত্তৰ-পূৰ্বাঞলৰ সামগ্ৰীসমূহে গোলকীয় বজাৰত চিনাকী লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই।

বাণিজ্য মেলাখনত প্ৰদৰ্শকসকলৰ ভিতৰত আছে ৰপ্তানিকৰ্তা, খুচুৰা বিক্ৰেতা, কৃষক গোট, জৈৱিক ইনপুট কোম্পানী, চৰকাৰী সংস্থা-কৃষি আৰু উদ্যানশস্য খাদ্য প্ৰক্ৰিয়াকৰণ, বিভিন্ন আমদানি আৰু ৰপ্তানিকৰ্তা, পাইকাৰী বিক্ৰেতা, জৈৱিক ফাৰ্ম, জৈৱিক কৃষক উৎপাদক কোম্পানী, প্ৰচেছৰ, বিভিন্ন কৃষি আৰু কৃষি ব্যৱসায় পৰামৰ্শদাতা, জৈৱিক প্ৰমাণপত্ৰ সংস্থা আৰু আন্তৰ্জাতিক জৈৱিক সংগঠনে ইয়াত অংশগ্ৰহণ কৰে।

এক্সপ’ত প্ৰদৰ্শিত বিভিন্ন সামগ্ৰীৰ ভিতৰত আছে-

  • জৈৱিক মৌ
  • জৈৱিক পাচলিৰ বীজ, ফুলৰ বীজ, ভেষজ বীজ, নগৰীয়া বাগিচাৰ সঁজুলি
  • জৈৱিক চাহ আৰু জৈৱিক কফি
  • জৈৱিক মচলা
  • জৈৱিক ছাপ্লিমেণ্ট, ভেষজ সামগ্ৰী
  • নগৰীয়া বাগিচাৰ সঁজুলি
  • জৈৱিক জৈৱিক প্ৰসাধন আদি

জৈৱিক কৃষিৰ এই বাণিজ্যমেলাত ৰাজ্যৰ তথা ৰাজ্যৰ বাহিৰৰপৰা অহা কৃষিখণ্ডৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাই মত বিনিময় কৰাৰ লগতে বিভিন্ন জৈৱিক সামগ্ৰী উপহাৰ হিচাপে লাভ কৰে। জম্মু কাশ্মীৰৰ কৃষি বিভাগৰ সঞ্চালক মহম্মদ ইকবাল চৌধুৰীয়ে অতুল বৰাক উপহাৰ দিয়ে কাশ্মীৰৰ অতি বিৰল আৰু মূল্যৱান কেশৰ।

1st Expo One North East Organic 2023ৰ মিডিয়া পাৰ্টনাৰ কৃষি জাগৰণৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে অতুল বৰাই। কৃষি জাগৰণৰ প্ৰতিনিধিয়ে মাহেকীয়া আলোচনী অসমীয়া কৃষি জাগৰণৰ এটা কপি কৃষিমন্ত্ৰী অতুল বৰাৰ হাতত তুলি দিয়ে।

কৃষি জাগৰণৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে অতুল বৰাই
কৃষি জাগৰণৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে অতুল বৰাই

উল্লেখ্য যে, খানাপাৰা পশু চিকিতসা মহাবিদ্যালয় খেলপথাৰত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে 1st Expo One North East Organic 2023ৰ। ইয়াত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দিল্লী, হাৰিয়ানা, গুজৰাট, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ,পশ্চিমবংগ, ৰাজস্থান কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। কাইলৈ SIMFEDএ আয়োজন কৰা এই জৈৱিক কৃষি মেলাৰ অন্তিম দিন।

লগতে পঢ়কঃ SIMFED EXPO ASSAM: আৰম্ভ হ'ল এক্সপ' ওৱান অৰ্গেনিক নৰ্থইষ্ট ২০২৩

English Summary: Second day of SIMFED organic expo

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.