1. News

ৰাজ্যৰ ‘অৰ্গেনিক হাব’ হিচাপে স্বীকৃত হ’ব মাজুলী জিলা

KJ Staff
KJ Staff
majuli
majuli

অসম চৰকাৰে জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এই পৰিপ্ৰেক্ষিতত মাজুলী জিলাক ‘অৰ্গেনিক হাব’ হিচাপে ঘোষণা কৰাৰ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। শুকুৰবাৰে খানাপাৰাত অসম চৰকাৰৰ সহযোগত SIMFEDৰ দ্বাৰা আয়োজিত জৈৱিক কৃষিৰ বাণিজ্য মেলা উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। তেওঁ লগতে কয়, কৃষি বিভাগে মাজুলীৰ ১২০০ হেক্টৰ কৃষিভূমিত ইতিমধ্যে জৈৱিক কৃষি আৰম্ভ কৰিছে।

ইয়াৰ লগতে MOVCD আঁচনিৰ জড়িয়তে ৰাজ্যৰ ২০,০০০ হেক্টৰ কৃষিভূমি জৈৱিক কৃষিৰ অধীনত সামৰি লোৱা হৈছে বুলি প্ৰকাশ কৰে অতুল বৰাই। ৰাজ্যৰ বেছিভাগ কৃষকেই উপান্ত খেতিয়ক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে স্বাভাৱিকতে নিজাববীয়াকৈ জৈৱিক কৃষিকাৰ্য কৰে, যাৰ বাবে জৈৱিক কৃষিয়ে সামৰি লোৱা কৃষিভূমি যথেষ্ট বেছি বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় যে ছিকিমৰ দৰে উত্তৰ পূবৰ বাকী ৰাজ্যসমূহৰ মাটি যথেষ্ট উৰ্বৰ। পাঞ্জাব হাৰিয়ানাৰ দৰে অতিমাত্ৰা ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ হোৱা নাই। যাৰ বাবে জৈৱিক কৃষিৰ বিকাশৰ যথেষ্ট সুযোগ এতিয়াও আছে বুলি উল্লেখ কৰে অতুল বৰাই। অসমৰ মাটিত উৎপাদিত প্ৰায় ২০০ কোটি টকাৰ ফচল বিদেশত বিক্ৰী হোৱাৰ কথা গৌৰৱেৰে প্ৰকাশ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে, কৃষিমন্ত্ৰী অতুল বৰাই শুকুৰবাৰে জৈৱিক কৃষিৰনবাণিজ্য মেলা 1st Expo Organic North-East 2023 আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই বাণিজ্য মেলাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দিল্লী, হাৰিয়ানা, গুজৰাট, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ,পশ্চিমবংগ, ৰাজস্থান কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই বাণিজ্য মেলাৰ আয়োজক SIMFEDৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰপৰা মেলাত ভাগ লোৱা প্ৰতিনিধিসকলক কৃতজ্ঞতা জনায় কৃষিমন্ত্ৰী অতুল বৰাই।

লগতে পঢ়কঃ PACS: ৫ বছৰৰ ভিতৰত ২ লাখ কৃষি ঋণ সমাজ স্থাপন কৰিব চৰকাৰে

English Summary: Majuli will be converted to organic hub- Says Atul Bora

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.