1. News

SIMFED EXPO ASSAM: আৰম্ভ হ'ল এক্সপ' ওৱান অৰ্গেনিক নৰ্থইষ্ট ২০২৩

Mrigakshi Phukan
Mrigakshi Phukan
Expo1 Organic Northeast 2021
Expo1 Organic Northeast 2021

আৰম্ভ হ'ল 1st Expo Organic North-East 2023। উত্তৰ-পূবৰ কৃষকসকলক জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰতি অধিক আকৰ্ষিত লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাবে Sikkim State Cooperative Supply and Marketing Federation Ltd. ৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৩ পৰা ৫ ফ্ৰেব্ৰুৱাৰীলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে 1st Expo Organic North-East 2023। জৈৱিক উৎপাদকসকলক গ্ৰাহকৰ সৈতে সংযোগ, বিশ্বব্যাপী জৈৱিক সামগ্ৰীৰ প্ৰচাৰৰ লগতে সমগ্ৰ মূল্য শৃংখলাৰ বিকাশৰ উদ্দেশ্যে দেশত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই মেলা।

অতুল বৰা
অতুল বৰা

কৃষিমন্ত্ৰী অতুল বৰাই আজি অৰ্থাত ৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে জৈৱিক কৃষিৰ এই বাণিজ্য মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই বাণিজ্য মেলাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দিল্লী, হাৰিয়ানা, গুজৰাট, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ,পশ্চিমবংগ, ৰাজস্থান কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই বাণিজ্য মেলাৰ আয়োজক SIMFEDৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰপৰা মেলাত ভাগ লোৱা প্ৰতিনিধিসকলক কৃতজ্ঞতা জনায় কৃষিমন্ত্ৰী অতুল বৰাই।

বিভিন্ন জৈৱিক সামগ্ৰীৰ প্ৰতিকেৰে সজাই তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ
বিভিন্ন জৈৱিক সামগ্ৰীৰ প্ৰতিকেৰে সজাই তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ

এই এক্সপ’ৰ জড়িয়তে কৃষকসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসম চৰকাৰেও জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই পৰিপ্ৰেক্ষিতত মাজুলীক অৰ্গেনিক হাব হিচাপে ঘোষণা কৰাৰ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। তেওঁ লগতে কয়, কৃষি বিভাগে মাজুলীৰ ১২০০ হেক্টৰ কৃষিভূমিত ইতিমধ্যে জৈৱিক কৃষি আৰম্ভ কৰিছে।

ইয়াৰ লগতে MOVCD আঁচনিৰ জড়িয়তে ৰাজ্যৰ ২০,০০০ হেক্টৰ কৃষিভূমি জৈৱিক কৃষিৰ অধীনত সামৰি লোৱা হৈছে বুলি প্ৰকাশ কৰে অতুল বৰাই। ৰাজ্যৰ বেছিভাগ কৃষকেই উপান্ত খেতিয়ক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে স্বাভাৱিকতে নিজাববীয়াকৈ জৈৱিক কৃষিকাৰ্য কৰে, যাৰ বাবে জৈৱিক কৃষিয়ে সামৰি লোৱা কৃষিভূমি যথেষ্ট বেছি বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

বিভিন্ন জৈৱিক সামগ্ৰীৰ প্ৰতিকেৰে সজাই তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ
বিভিন্ন জৈৱিক সামগ্ৰীৰ প্ৰতিকেৰে সজাই তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ

ছিকিমৰ দৰে উত্তৰ পূবৰ বাকী ৰাজ্যসমূহৰ মাটি যথেষ্ট উৰ্বৰ। পাঞ্জাব হাৰিয়ানাৰ দৰে অতিমাত্ৰা ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ হোৱা নাই। যাৰ বাবে জৈৱিক কৃষিৰ বিকাশৰ যথেষ্ট সুযোগ এতিয়াও আছে বুলি উল্লেখ কৰে অতুল বৰাই। অসমৰ মাটিত উৎপাদিত প্ৰায় ২০০ কোটি টকাৰ ফচল বিদেশত বিক্ৰী হোৱাৰ কথা গৌৰৱেৰে প্ৰকাশ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে, এই এক্সপ'ত আগশাৰীৰ কোম্পানীসমূহৰ পেভিলিয়ন থাকিব আৰু লগতে প্ৰাকৃতিক, জৈৱিক আৰু ৰপ্তানি, কৃষি ব্যৱসায়, বি টু বি সভা, বি টু চি ইভেণ্ট, আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতা প্ৰতিনিধিৰ দল, আন্তঃৰাষ্ট্ৰীয় সন্মিলন, কৃষক কৰ্মশালা আৰু চৰকাৰী বিভাগৰ পেভিলিয়নৰ উচ্চমানৰ প্ৰদৰ্শনী থাকিব। প্ৰদৰ্শনীত জৈৱিক আৰু প্ৰাকৃতিক সামগ্ৰীৰ ব্ৰেণ্ডৰ ১৬০টাতকৈও অধিক বুথে বিভিন্ন ধৰণৰ খাদ্য আৰু জৈৱিক সামগ্ৰী প্ৰদৰ্শন কৰিব। প্ৰদৰ্শকসকলৰ ভিতৰত আছে ৰপ্তানিকাৰী, খুচুৰা বিক্ৰেতা, কৃষক গোট, জৈৱিক ইনপুট কোম্পানী, চৰকাৰী সংস্থা আদি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কৃষি বিশেষজ্ঞ, কৃষি উদ্যমীৰ উপস্থিতিত বিভিন্ন আলোচনা-চক্ৰ, ক্ৰেতা-বিক্ৰেতা সন্মিলন আদি বহু অনুষ্ঠানেৰে আয়োজিত এই বাণিজ্য মেলা অসম তথা উত্তৰ-পূবৰ কৃষকসকলক জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰতি অধিক আকৰ্ষিত কৰাত বিশেষ সহায়ক হ'ব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ উত্তৰ পূব আৰু দেশৰ সৰ্ববৃহৎ জৈৱিক সামগ্ৰীৰ বাণিজ্য মেলা

English Summary: Expo1 organic northeast 2023 kick starts in Assam

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.