 
    সম্প্ৰতি ৰাজ্যখনৰ বহু কৃষকে পৰিকল্পিত অঞ্চলবিশেষ কৃষিবিভাগত মনোনিৱেশ কৰিছে। এইক্ষেত্ৰত ৰাজ্যখনেও কৃষকক খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন পৰিকল্পনা হাতত লৈছে। ৰবিশস্যৰ বতৰ অহাৰ লগে লগে কৃষকসকলৰ মাজত বীজ বিতৰণ আৰু ঠাইবিশেষে ৰবিশস্য বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান অব্যাহত ৰাখিছে। নিসন্দেহে ৰাজ্যৰ কৃষিখণ্ডৰ বাবে ভাল খবৰ। বুধবাৰে ৰাজ্যৰ কৃষি বিভাগৰ প্ৰত্যেক্ষ সহযোগত গঢ় লৈ উঠা নলবাৰীৰ পাগলাদিয়া নৈৰ পাৰত থকা পাগলাদিয়া এগ্ৰো-অৰ্গেনিক প্ৰডিউছাৰ্ছ কোম্পানী লিমিটেডৰ এটি গোটৰ- শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মখন পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
শংকৰদেৱ জৈৱিক কৃষিফাৰ্মখনে শেহতীয়াকৈ প্ৰায় ২০০ বিঘাত ৰঙালাউ আৰু ৫ বিঘাত পানীলাওৰ খেতি কৰিছে। ইতিমধ্যে ৰঙালাও আৰু জাতিলাও খেতি কৃষকসকলে বজাৰলৈ মুকলি কৰি দিছে। কৃষি ফাৰ্মখন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে্ কয়- বৈজ্ঞানিক পদ্ধতিৰে বৰ্তমান ৰাজ্যখনৰ বহু কৃষকে কৃষি বিভাগৰ সহযোগত বাণিজ্যিকভাৱে কৰা বিভিন্ন খেতিৰে যথেষ্ট লাভৱান হ'বলৈ সক্ষম হৈছে- আজি নলবাৰী জিলাৰ পাগলাদিয়া নৈৰ পাৰত থকা পাগলাদিয়া এগ্ৰো-অৰ্গেনিক প্ৰডিউছাৰ্ছ কোম্পানী লিমিটেডৰ এটি গোট- শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মখনৰ প্ৰায় ২০০ বিঘা ভূমিত কৰা ৰঙালাউ আৰু ৫ বিঘা ভূমিত কৰা পানীলাউৰ খেতিডৰা পৰিদৰ্শন কৰি সেয়া বাৰুকৈয়ে অনুভৱ কৰিলোঁ।
লগতে পঢ়ক-
ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ
 
    নলবাৰী জিলা কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ সহযোগিতাৰে কৰা এই ৰঙালাউ খেতিত কৃষক গোটৱে ৪ লাখ টকা বিনিয়োগ কৰি বছৰি ২০ লাখ টকা আৰু পানীলাউ খেতিৰপৰা বছৰি ৪ লাখ টকা উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে। তেওঁলোকৰ উৎপাদিত ফচল অসমৰ বিভিন্ন বজাৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।
 
    উল্লেখ্য যে বিগত এপ্ৰিল মাহত কৃষি প্ৰতিষ্ঠানটোৰ অন্যতম কৃষক বিপুল হালৈক উত্তৰাখণ্ডৰ মুচৌৰীস্থিত লালবাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীলৈ দেশৰ বিভিন্ন ৰাজ্যৰ ১৮৩ গৰাকী প্ৰশিক্ষণৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক তেওঁৰ কৃষি অভিজ্ঞতাৰ বিষয়ে জনাবলৈ নিমন্ত্ৰণ জনাইছিল। এই সন্দৰ্ভতো কৃষক হালৈক প্ৰশংসা কৰি সংবাদ মাধ্যমক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ফাৰ্মখনৰ জৰিয়তে বৰ্তমান ৩০ গৰাকী ব্যক্তিৰ স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰা কৃষক উৎপাদক গোটটোৰ কৃষকসকলৰ এই প্ৰচেষ্টা নিশ্চিতভাৱে ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে অনুকৰণীয়। আশা কৰো প্ৰতিষ্ঠানটোৰ এই সফল যাত্ৰা সদায়ে অক্ষুণ্ণ থাকক।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments