1. News

অসমত কমলা খেতি কৰি কেনেকৈ লাভান্বিত হ’ব?

KJ Staff
KJ Staff
Orange farming
Orange farming

অসমত বিভিন্ন টেঙা ফল অনায়াসে হয়। কিন্তু এইসমূহৰ খেতি ব্যাপকভাৱে কৰা সততে দেখা নাযায়। টেঙা ফলবোৰৰ ভিতৰত অন্যতম হৈছে কমলা টেঙা। বিজ্ঞানসন্মত পদ্ধতিৰে কমলা টেঙাৰ খেতি কৰি আন খেতিতকৈ যথেষ্ট লাভ আশা কৰিব পাৰি।

কমলা টেঙাৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত 'খাছি মান্দাৰিন' নামৰ জাতটো অতি জনপ্ৰিয়। ঠাই বিশেষে এই জাতৰ কমলাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু কমলা বা কমলা খেতিৰ বাবে উপযোগী৷ কমলা টেঙা উদ্ভিদ জগতৰ Rutaceae গোত্ৰৰ Citrus জাতিৰ অন্তৰ্ভুক্ত। এই ফলবোৰৰ অনেক প্ৰকাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে।

অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কোৱা যায়, সেইবিধ মান্দাৰিন অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ-পূৰ্বাঞ্চলত পোৱাবিধক ইংৰাজীত খাছি মান্দাৰিণ বোলা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিন। কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্ৰকাৰ নতুবা প্ৰাকৃতিক বৰ্ণ সংকৰ যেন অনুমান হয়। বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্ৰকাৰ ইতিমধ্যে পোৱা গৈছে।

অধিক জৈৱসাৰ থকা, পানী জমা নোহোৱা ওখ, বালিচহীয়া মাটি এই খেতিৰ বাবে আৱশ্যক। বাগিচাখনত জলসিঞ্চনৰ তথা নিষ্কাষণৰ সুব্যৱস্থা থাকিব লাগে।

জাত: উৎকৃষ্ট জাত হৈছে- থলুৱা সুমথিৰা টেঙা।

সাধাৰণতে বীজ আৰু কলি কলমৰদ্বাৰা কমলা টেঙাৰ বংশ বিস্তাৰ কৰা হয় ।

কমলা টেঙাৰ বাবে বাচনি কৰা মাটিডোখৰ দুই-তিনি বাৰ হাল-কোৰ মাৰি, মৈয়াই সমান কৰি ৫ মিটাৰ (১৫ ফুট) ব্যৱধানত শাৰী শাৰীকৈ বর্গক্ষেত্র পদ্ধতিত একোটাকৈ গাঁত খান্দিব লাগে। পুলি ৰোৱাৰ দুই মাহৰ আগতে গাঁত খান্দিব পাৰিলে ভাল। প্ৰতিটো গাঁত ৭৫ ছে: মি: দীঘল, ৭৫ ছে:মি: বহল আৰু ৭৫ ছে: মি: দ হ'ব লাগে। গাঁতৰ ওপৰত আধা অংশৰ মাটি এফালে আৰু তলৰ আধা অংশৰ মাটি আনফালে থ’ব লাগে। গাঁতবোৰ ওপৰৰ আধা অংশৰ মাটিৰ লগত ১০ কি: গ্রাম গোবৰ বা পচন সাৰ, ১/২ কি: গ্রাম চূন দুই মাহৰ পিছত ভালকৈ মিহলাই লৈ পুনৰ ১ মাহ মান ৰাখি থ’ব লাগে। বীজৰ পৰা গজোৱা পুলি যেতিয়া এক-ডেৰ বছৰ বয়স হ'ব আৰু কলি কলমৰ দ্বাৰা তৈয়াৰ কৰা পুলি যেতিয়া দুই-আঢ়ৈ বছৰ বয়স হব তেতিয়া পুলিবোৰ বাৰিষাকালত (মে’ মাহৰপৰা আগষ্টলৈকে) প্ৰতিটো গাঁতত ৰুব লাগে। ৰোওঁতে গাঁতৰ মাজত প্রয়োজন সাপেক্ষে অকণমান মাটি গৰকি মাটিবোৰ হেঁচি দিব লাগে। পুলি ৰোৱাৰ পাছত পানী দিলে পুলিবোৰ মাটিত শীঘ্ৰে প্রতিস্থাপিত হয়।

অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কোৱা যায়, সেইবিধ মান্দাৰিন অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ-পূৰ্বাঞ্চলত পোৱাবিধক ইংৰাজীত খাছি মান্দাৰিণ বোলা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিন। কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্ৰকাৰ নতুবা প্ৰাকৃতিক বৰ্ণ সংকৰ যেন অনুমান হয়। বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্ৰকাৰ ইতিমধ্যে পোৱা গৈছে।

অধিক জৈৱসাৰ থকা, পানী জমা নোহোৱা ওখ, বালিচহীয়া মাটি এই খেতিৰ বাবে আৱশ্যক। বাগিচাখনত জলসিঞ্চনৰ তথা নিষ্কাষনৰ সুব্যৱস্থা থাকিব লাগে।

জাত: উৎকৃষ্ট জাত হৈছে- থলুৱা সুমথিৰা টেঙা।

সাধাৰণতে বীজ আৰু কলি কলমৰদ্বাৰা কমলা টেঙাৰ বংশ বিস্তাৰ কৰা হয় ।

কমলা টেঙাৰ বাবে বাচনি কৰা মাটিডোখৰ দুই-তিনি বাৰ হাল-কোৰ মাৰি, মৈয়াই সমান কৰি ৫ মিটাৰ (১৫ ফুট) ব্যৱধানত শাৰী শাৰীকৈ বর্গক্ষেত্র পদ্ধতিত একোটাকৈ গাঁত খান্দিব লাগে। পুলি ৰোৱাৰ দুই মাহৰ আগতে গাঁত খান্দিব পাৰিলে ভাল। প্ৰতিটো গাঁত ৭৫ ছে: মি: দীঘল, ৭৫ ছে:মি: বহল আৰু ৭৫ ছে: মি: দ হ'ব লাগে। গাঁতৰ ওপৰত আধা অংশৰ মাটি এফালে আৰু তলৰ আধা অংশৰ মাটি আনফালে থ’ব লাগে। গাঁতবোৰ ওপৰৰ আধা অংশৰ মাটিৰ লগত ১০ কি: গ্রাম গোবৰ বা পচন সাৰ, ১/২ কি: গ্রাম চূন দুই মাহৰ পিছত ভালকৈ মিহলাই লৈ পুনৰ ১ মাহ মান ৰাখি থ’ব লাগে। বীজৰ পৰা গজোৱা পুলি যেতিয়া এক-ডেৰ বছৰ বয়স হ'ব আৰু কলি কলমৰ দ্বাৰা তৈয়াৰ কৰা পুলি যেতিয়া দুই-আঢ়ৈ বছৰ বয়স হব তেতিয়া পুলিবোৰ বাৰিষাকালত (মে’ মাহৰপৰা আগষ্টলৈকে) প্ৰতিটো গাঁতত ৰুব লাগে। ৰোওঁতে গাঁতৰ মাজত প্রয়োজন সাপেক্ষে অকণমান মাটি গৰকি মাটিবোৰ হেঁচি দিব লাগে। পুলি ৰোৱাৰ পাছত পানী দিলে পুলিবোৰ মাটিত শীঘ্ৰে প্রতিস্থাপিত হয়।

পুলি ৰোৱাৰ পাছত প্রতিপালন হিচাপে বনবাত নিৰনি, শুকান বতৰ হ’লে পানী যোগানৰ লগতে অপতৃণ নিবাৰনৰ প্রতি দৃষ্টি ৰাখিব লাগে। বৰষুণৰ বতৰত পানী জমা নহ’বৰ কাৰণে পানী ওলাই যাবৰ বাবে নলা আদিৰ ব্যৱস্থা কৰিব লাগে। ৰোৱাৰ এবছৰ-ডেৰবছৰ পাছৰেপৰা মূল কাণ্ডত ওলোৱা পাখো ডালবোৰ কাটি গছজোপা এনেকৈ ৰাখিব লাগে যাতে মাটিৰ পৰা ১ মিটাৰ ওপৰলৈকে গছজোপাৰ মূল কাণ্ড ডালহে থাকে। মাজে মাজে বেমাৰী আৰু পোকে আক্রমণ কৰা, বতাহ বা অন্য কাৰণত ভগা আৰু বিজতৰীয়া ডালবোৰ কাটি, কটা অংশত মলম নাইবা অন্য ভেঁকুৰ নাশক ঔষধৰ মিশ্রণ সানি দিব লাগে।নিয়মীয়াকৈ কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্রণ কৰি থাকিব লাগে। 

কমলা টেঙা গছত সাৰ গছৰ বয়স অনুপাতে প্রয়োগ কৰা হয়। প্রথম বছৰ গাঁতত ৫ কি: গ্রা: পৰিমাণৰ পচন সাৰ মাটিৰ লগত মিহলাই পুলিটো ৰুব লাগে।

  1. দুই বছৰ পাছত পচন সাৰ ৫ কিঃগ্রা, ইউৰীয়া ৩৩০গ্রাঃ, একক চুপাৰ

ফচফেট ৭৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ১৬৭(গ্রা:) প্রয়োগ কৰিব লাগে।

  1. তিনি বছৰ পাছত পচন সাৰ ১০ কিঃগ্রা, ইউৰীয়া ৬৬০গ্রাঃ, একক চুপাৰ

ফচফেট ১৫০০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৩৩৪(গ্রা:) প্রয়োগ কৰিব লাগে।

  1. চাৰি বছৰ পাছত পচন সাৰ ১৫ কিঃগ্রা, ইউৰীয়া ৯৯০গ্রাঃ, একক চুপাৰ

ফচফেট ২২৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৫০০(গ্রা:) প্রয়োগ কৰিব লাগে।

  1. পাঁচ বছৰ পাছত পচন সাৰ ২০ কিঃগ্রা, ইউৰীয়া ১৩২০গ্রাঃ, একক চুপাৰ

ফচফেট ৩০০০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৬৬৮(গ্রা:) প্রয়োগ কৰিব লাগে।

  1. ছয় বছৰ বা তাতকৈ বেছি হলে পচন সাৰ ২৫ কিঃগ্রা, ইউৰীয়া ১৬৫০গ্রাঃ, একক চুপাৰফচফেট ৩৭৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৮৩৫(গ্রা:) প্রয়োগ কৰিব লাগে।

   সাৰখিনি সমানে দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী-মার্চ মাহত আৰু আনটো ভাগ ছেপ্তেম্বৰ - অক্টোবৰ মাহত প্রয়োগ কৰিব লাগে। গছজোপাৰ বয়স অনুযায়ী গুৰিৰ পৰা ১৫-৪৫ ছে: মি: আতৰত গছে আবৰি থকা গোটেই ঠাইখিনিত দিবলগীয়া সাৰখিনি সমানভাৱে পৰাকৈ চটিয়াই পাছত পাতলীয়াকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই দিব লাগে। লক্ষ্য কৰিব লাগে যে সাৰ প্ৰয়োগ কৰিবৰ সময়ত মাটিখিনিত বন-বাত নাথাকে আৰু মাটিত জীপ থাকে।

সাধাৰণতে পুলি ৰোৱাৰ ৭ বছৰ বয়সৰ পৰা গছত ফল লাগিবলৈ ধৰে। এই সময়ছোৱাত গছৰ মাজত খালি থকা ঠাইখিনিত অন্তৰ্ৱর্তী শস্য হিচাবে হ্রস্বকালীন শস্য যেনে মাহজাতীয় শস্য, অমিতা, মাটিকঁঠাল আদিৰ খেতি কৰি কিছু উপাৰ্জন কৰিব পাৰি। এতিয়া কিছুমান ক্ষুদ্ৰ চাহ খেতিয়কে সুমথিৰা টেঙা বাৰীত চাহ খেতি কৰি যথেষ্ট উপকৃত হৈছে। চাহ আৰু সুমথিৰা টেঙাৰ অন্ত আৰু সংমিশ্রিত খেতিত খেতিয়ক এজনে চাহ খেতিৰ পৰা মার্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ আৰু সুমথিৰা টেঙাৰ পৰা নৱেম্বৰ মাহৰপৰা জানুৱাৰী মাহলৈ উপার্জন পায়, যিটো আন কোনা খেতিৰ ক্ষেত্ৰত সম্ভৱ নহয়।

সাধাৰণতে ফলবোৰ বৰণ ধৰাৰ লগে লগে ছিঙিব লাগে। ফল চপোৱাৰ সময়ত যাতে কোনা আঘাত নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বর্তমান সময়ত বজাৰত সুমথিৰা টেঙাৰ চাহিদালৈ চাই খেতিয়ক সকলে। বৈজ্ঞানিক পদ্ধতিত খেতি কৰি আর্থিক ভাবে লাভান্বিত হব পাৰে।

লগতে পঢ়কঃ অসমৰ বাঁহ উদ্যোগ আৰু নিৱনুৱাসকলৰ বাবে সংস্থাপনৰ সম্ভাৱনীয়তা

English Summary: Orange cultivation in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.